চিৰাং, ৩০ এপ্ৰিল:"বিপিএফৰ নাঙলৰ ফাল নাই । ফাল নথকা নাঙলৰ কাম নাই । হাগ্ৰামা মহিলাৰীয়ে শাসনত নহাকৈ হাফ চেঞ্চুৰী মাৰিব"- এই মন্তব্য় কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাৰ । মঙলবাৰে চিৰাং জিলাৰ বিজনীত মন্ত্ৰী পীযুষ হাজৰীকাই কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই এইদৰে মন্তব্য় কৰে ।
মঙলবাৰে বিজনীৰ তিনি ঠাইত মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । তেওঁ ২ নং বিষ্ণুপুৰৰ শংকৰদেৱ শিশু নিকেতন বিদ্যালয় খেলপথাৰত প্ৰথমখন নিৰ্বাচনী সভাত অংশ লয় । তেওঁ বিপিএফৰ বিৰুদ্ধে সৰৱ হৈ কয়, বিপিএফে সূতা-কম্বল-আঁঠুৱাৰ ৰাজনীতি কৰিছিল ৷ বিপিএফে সামগ্ৰী যোগান নধৰাকৈয়ে টকা লৈছিল বুলিও কয় মন্ত্ৰীগৰাকীয়ে । কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাই চিৰাঙৰ বিজনীত বান, খহনীয়াৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।
ইপিনে,কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয়, "কংগ্ৰেছে ষাঠি বছৰত মাথো ছয়খন মেডিকেল কলেজ নিৰ্মাণ কৰিছে । আমি আঠ বছৰত সোতৰখন মেডিকেল কলেজ নিৰ্মাণ কৰিছো" ৷ কংগ্ৰেছে ভুৱা অৰ্ডাৰ দি টকা খাই শেষ কৰিছিল বুলিও তেওঁ মন্তব্য় কৰে । তেওঁ কয়, "কংগ্ৰেছ দলৰ বিধায়কে যদি গুণ্ডা বুলি কয়, কংগ্ৰেছ দলত কি থাকিলে, কংগ্ৰেছ দলৰ এয়াই চৰিত্ৰ । সেই কাৰণে আমি কংগ্ৰেছ বাদ দিছো" ৷