তেজপুৰ, ১৬ ফেব্ৰুৱাৰী: তেজপুৰত উপস্থিত হৈ বিজেপিৰ সংজ্ঞা দিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ মন্ত্ৰী শুক্লবৈদ্যৰ মতে বিজেপি ‘জনতা’ৰ পাৰ্টী ৷ দলটোৰ নামতেই উল্লেখ আছে যে বিজেপি মানে হ’ল ‘ভাৰতীয় জনতা পাৰ্টী’৷ অৰ্থাৎ ভাৰতবৰ্ষৰ সকলো জনতাৰে পাৰ্টী হ’ল বিজেপি ৷
উল্লেখ্য যে বিজেপি দল কংগ্ৰেছী নেতা-কৰ্মীৰে ভৰি পৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এনেদৰে দলটোৰ অৰ্থ ব্যাখ্যা কৰে ৷ কেৱল ‘মা’ৰ কাৰণেহে বিজেপিয়ে ৰাজনীতি কৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বুজাবলৈ চেষ্টা কৰে যে ব্যক্তিগত স্বাৰ্থৰ বাবে বিজেপিৰ নেতা-কৰ্মীসকলে একো নকৰে ৷ অৱশ্যে বিজেপি দলটো ‘ৱাশ্চিং মেছিন’ নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম নহ’ল বিজেপি নেতাগৰাকী ৷
আনহাতে নিজকে বিজেপি দলৰ নেতা নহয়, কৰ্মী আখ্যা দি আগন্তুক লোকসভা নিৰ্বাচনত অসমত বিজেপিয়ে লাভ কৰিবলগীয়া সম্ভাব্য আসনৰ সন্দৰ্ভত মন্তব্য নকৰিলে মন্ত্ৰীগৰাকীয়ে ৷ বিজেপি দলত পুৰণা-নতুন একো নাই বুলি মন্তব্য কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে বিজেপি বিজেপিয়েই ৷