বঙাইগাঁও, 14 এপ্ৰিল:17 এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ সেই উদ্দেশ্যে শনিবাৰে বঙাইগাঁৱত অনুষ্ঠিত হয় অগপ-বিজেপিৰ প্ৰস্তুতি বৈঠক ৷ এই বৈঠকত ভাগ ল’বলৈ বঙাইগাঁও চহৰত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ।
উল্লেখ্য যে, অহা 17 এপ্ৰিলৰ দিনা বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী জিলাত মিত্ৰজোঁট প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে বিশাল জনসভা সম্বোধন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই নিৰ্বাচনী জনসভাৰ বিভিন্ন কাম-কাজ সম্পৰ্কত আলোচনা কৰাৰ উদ্দেশ্যৰে বঙাইগাঁও চহৰৰ ৱাকিং জ’নত অনুষ্ঠিত হোৱা প্ৰস্তুতি বৈঠকত অংশ লয় অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ।
অনুষ্ঠানত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত বিৰোধীক আক্ৰমণ কৰি কেইবাটাও মন্তব্য আগবঢ়ায় অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷ কংগ্ৰেছ নেতা জিগনেশ মেৱানীয়ে গৌৰৱ গগৈক ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা আখ্যা দিয়া সন্দৰ্ভত কটাক্ষ কৰি জয়ন্তমল্ল বৰুৱাই সমাগত লোকসভা নিৰ্বাচনৰ পিছত গৌৰৱ গগৈ পঞ্চায়ত পৰ্যায়ৰ নেতাও হৈ নাথাকিব বুলি কয় ।