বিৰোধীক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ যোৰহাট, 7 মাৰ্চ : "অসমৰ চাৰে এঘাৰখন আসন বিজেপিৰ দখলত আছে ৷ বাকী আঢ়ৈখন আসনতহে বেলেগৰ সম্ভাৱনা আছে ৷ অপিনিয়ন প’লটো চাৰে এঘাৰৰ ঠাইত বাৰখন আসনৰ কথা কৈয়ে দিলে ৷ গতিকে আমি বাৰলৈকে গ’লোৱেই ৷ বাকী আঢ়ৈটা সমষ্টিত তেওঁলোকে দৌৰি ফুৰিছে ৷" কংগ্ৰেছ-এ আই ইউ ডি এফৰ বিৰুদ্ধে সৰৱ হৈ এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৷ প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ আজি যোৰহাটত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰী বৰুৱাই ৷
কংগ্ৰেছ তথা বিৰোধী ঐক্যক কটাক্ষ কৰি তেওঁ কয় যে, তেওঁলোকৰ বাবে সুৰক্ষিত সমষ্টি এই আঢ়ৈটা সমষ্টি ৷ কংগ্ৰেছ, এ আই ইউ ডি এফ, ৰাইজৰ দল আৰু অজাপই এই আঢ়ৈটা সমষ্টিত দৌৰি ফুৰিছে ৷ এই আঢ়ৈটাত তেওঁলোকলৈ শুভেচ্ছা আছে বুলিও কয় মন্ত্ৰীজনে ৷
ইফালে এ আই ইউ ডি এফে নগাঁও সমষ্টিক লৈ কৰা মন্তব্য সন্দৰ্ভত দলটোক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, অসমত যিসকলে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিকভাৱে আগ্ৰাসন কৰি অসম ভূমিৰ ওপৰত আক্ৰমণ কৰিছে তেওঁলোকৰ মাজৰ পৰাই জন্ম হৈছে দলটোৰ ৷ গতিকে এ আই ইউ ডি এফে তেনেকুৱা চিন্ত-চৰ্চা কৰিবই ৷ তেঁওলোকে আজি মুকলিকৈ যিটো কথা ক’বলৈ সাহস কৰিছে তাতেই অসমীয়া মানুহে ক’ত ভুল কৰিলে তাক বুজি পাব লাগে ৷ এই ধৰণৰ কথা এ আই ইউ ডি এফে অসম ভূমিত ক’বলৈ ক’ত সাহস পালে ৷ এইখন অসমীয়া মানুহৰ দেশ, লাচিত, বীৰ চিলাৰায়, মহাপুৰুষ শংকৰদেৱৰ দেশ ৷ গতিকে ইয়াত এনেধৰণৰ কথা ক’বলৈ সাহস কৰিব পৰাটোতেই বুজিব লাগে যে, পূৰ্বৰ কোনোবাই ভুল কৰি গৈছে, যাৰ কাৰণেই এনে পৰিৱেশৰ সৃষ্টি হৈছে ৷ গতিকে ইয়াৰ উচিত প্ৰত্যুত্তৰ অসমীয়া মানুহে দিব বুলি কয় তেওঁ ৷
আনহাতে ৰাজ্যত পুনৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আৰম্ভ হোৱা আন্দোলন সন্দৰ্ভতো সৰৱ হৈ পৰে মন্ত্ৰীগৰাকী ৷ আন্দোলন সন্দৰ্ভত তেওঁ কয় যে, 'কা' ইতিমধ্যে আইনত পৰিণত হৈছে ৷ কেৱল 'কা'ৰ নীতি-নিয়মৰ কথাসমূহ বাকী আছে ৷ আইন হোৱাৰ পিচত ইয়াক আন্দোলন কৰি, চিঞৰ-বাখৰ কৰি কোনোৱে সলনি কৰিব নোৱাৰে ৷ গতিকে যদি আইনখন বাতিল কৰিব লাগে তাৰ একমাত্ৰ দুৱাৰেই হ’ল উচ্চতম ন্যায়ালয় ৷ যিসকলে প্ৰকৃতাৰ্থত আইনখন নিবিচাৰে তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব লাগে ৷ গতিকে ৰাজপথলৈ যিসকল ওলাইছে তেওঁলোক হৈছে 'কা' আন্দোলনৰ নামত সুবিধাবাদী ৷ 'কা'ৰ নামত যিসকলে নিজৰ ৰুটী সেকিব বিচাৰিছে তেওঁলোকেই ৰাজপথত চিঞৰ-বাখৰ কৰিছে বুলি আন্দোলনকাৰীক কটাক্ষ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷
লগতে পঢ়ক :১০৫ টা বিধানসভা সমষ্টিত কাৰো মাতেই নাই, গজাল মাৰি দিয়া হৈছে : মুখ্যমন্ত্রী