কলিয়াবৰ, ৮ মাৰ্চ: আজি কলিয়াবৰত বিৰোধী ঐক্য়মঞ্চৰ 'কা' বিৰোধী অৱস্থান ধৰ্মঘটত অংশগ্ৰহণ কৰি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে জীয়াই থকালৈকে এইক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে । 'কা'ৰ বিৰুদ্ধে সৰৱ হৈ লুৰীণজ্যোতি গগৈয়ে পুনৰ কয়," বিজেপি দল বা অমিত শ্বাহে 'কা' আইনখন জাপি দিবলৈ বিভিন্ন ধৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে । এই আইনৰ জৰিয়তে তেওঁলোকে ধৰ্মীয় মেৰুকৰণ কৰিব পাৰিব । সেয়ে 'কা' আইনক ৰাজনৈতিক অস্ত্ৰৰূপে ব্যৱহাৰ কৰিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আছে । সমাগত ২০২৪ৰ নিৰ্বাচনৰ সময়ত ধৰ্মৰ ভিত্তিত দেশৰ জনসাধাৰণক বিভাজন কৰিবলৈ সকলো ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰিছে । সেয়ে নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ এই আইন বলবৎ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰখনে উঠি-পৰি লাগিছে । "
তেওঁ পুনৰ কয় যে অসমৰ বিদেশী সমস্যাৰ যিটো ভয়াবহতা সেইটো ভাৰতৰ আন প্ৰান্তৰ দৰে নহয় । সেয়েহে অসমৰ জনগণে 'কা' কোনো কাৰণতে নামানে । গুজৰাটৰ নৰেন্দ্ৰ মোদীয়ে অসমৰ ৰাইজৰ দুখ-বেদনাৰ মৰ্ম বুজিব নোৱাৰে । এই আইনখন জোৰকৈ জাপি দিয়াটো অন্যায় । লোকসভা, ৰাজ্যসভাত থকা সংখ্যাৰ বলতেই এই আইনখন গৃহীত হ'ল । অসমৰ ভাষা-সংস্কৃতি, সামাজিক-অৰ্থনৈতিক ব্যৱস্থাত এই আইনে যিদৰে কু-প্ৰভাৱ পেলাব সেই কথা উপলব্ধি নকৰাকৈয়ে 'কা' বলবৎ কৰিব বিচাৰিছে । অসমৰ ৰাইজে আগতেও 'কা' মানি লোৱা নাছিল, এতিয়াও মনা নাই আৰু পৰৱৰ্তী সময়তো নামানে । তাৰ বাবে সকলোৱে যুঁজিব আৰু আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ লক্ষ্যও 'কা'ৰ প্ৰতিবাদ । " ৰাষ্ট্ৰপতিকো এই বিষয়ে অৱগত কৰি এই আইন কেৱল অসমতে নহয় ভাৰতবৰ্ষতো বলবৎ হ'ব নালাগে বুলি স্পষ্ট কৰি দিয়ে অসম জাতীয় পৰিষদৰ নেতা গৰাকীয়ে ।
ইপিনে, অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ডিব্ৰুগড় সমষ্টিৰ নিৰ্বাচনকেন্দ্ৰিক মন্তব্য় সন্দৰ্ভত কয়," সমাগত নিৰ্বাচন সন্দৰ্ভত বিজেপি মিত্ৰজোঁটে লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে । অসমৰ ৰাইজে জনাটো দৰকাৰ যে লুৰীণজ্যোতি গগৈ পলৰীয়াও নহয়, ভয়াতুৰো নহয় । অসমৰ ৰাইজক এই বিষয়ে যি পৰীক্ষা দিব লগা আছিল সেই পৰীক্ষা দিয়া হৈছে ।" তেওঁ ডিব্ৰুগড় সমষ্টিৰ নিৰ্বাচনকেন্দ্ৰিক চৰ্চা সন্দৰ্ভতো মন্তব্য় কৰি কয়," সৰ্বানন্দ সোণোৱালৰ সেয়া কোনো বিৰোধী দলৰ প্ৰাৰ্থীৰ বিপক্ষে যুঁজ নহয় । 'কা' আন্দোলনৰ সময়ত পাঁচগৰাকী শ্বহীদৰ আত্মাৰ বিৰুদ্ধে তেওঁ যুঁজ দিব লাগিব । অসম চুক্তিক যে নস্য়াৎ কৰিলে, ৮৫৫ জন শ্বহীদক যে দ্বিতীয়বাৰৰ বাবে হত্যা কৰিলে, এই ৮৫৫ জন ছহীদৰ আত্মাৰ বিৰুদ্ধেও যুঁজ দিব লাগিব । এই যুঁজ হ'ব অসম চুক্তিৰ ছয় নম্বৰৰ দফা কাৰ্যকৰী নকৰাৰ যুঁজ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে কৰ-কাটলৰ যুঁজ, অসমৰ ৰাইজক ভয়ানক অৱস্থালৈ ঠেলি দিয়াৰ যুঁজ ।"