অসম

assam

ETV Bharat / politics

ধুবুৰীত ২৬,৬০৮২৭ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ১৩ গৰাকী প্রার্থীৰ ভাগ্য - lok sabha election 2024 - LOK SABHA ELECTION 2024

Third phase of LS polls in Dhubri : অসমৰ 4 টা সমষ্টিত অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ধুবুৰীত কোনে মাৰিব শেষ হাঁহি ?

26,60827 voters will decide 13 candidates fate  in Dhubri
ধুবুৰীত ২৬,৬০৮২৭ গৰাকী ভোটাৰ নিৰ্ণয় কৰিব ১৩ গৰাকী প্রার্থীৰ ভাগ্য (Google)

By ETV Bharat Assamese Team

Published : May 7, 2024, 8:20 AM IST

গুৱাহাটী,‌ ৭ মে' : অসমত লোকসভা নিৰ্বাচনৰ আজি অন্তিম পৰ্যায়ৰ ‌ভোটগ্ৰহণ । চাৰিটা‌ সমষ্টি ক্ৰমে ধুবুৰী, বৰপেটা, কোকৰাঝাৰ আৰু গুৱাহাটী লোকসভা সমষ্টিত পুৱা 7 বজাৰ পৰা ভোটাগ্ৰহণ অনুষ্ঠিত হৈছে । অসমৰ আটাইতকৈ বেছি ভোটাৰ থকা লোকসভা সমষ্টিটো‌ হৈছে ধুবুৰী লোকসভা সমষ্টি ।

ধুবুৰী লোকসভা সমষ্টিত ১৩ জন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে :

অসমৰ আটাইতকৈ বেছি ভোটাৰ থকা লোকসভা সমষ্টিটো ধুবুৰী লোকসভা সমষ্টিত ১৩ জন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। তেওঁলোক হৈছে -

  • অসম গণ পৰিষদৰ জাবেদ ইছলাম
  • এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল
  • কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন
  • ভাৰতীয় গণ পৰিষদৰ জিয়াউল হক
  • এছ ইউ চি আইৰ জামান মণ্ডল
  • ভোটাৰ্ছ পাৰ্টীৰ আইদুৰ ৰহমান
  • হিন্দু সমাজ পাৰ্টীৰ ৰাধাৰাণী বিশ্বাস
  • ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়াৰ ৰেজাউল কৰিম
  • অসম জন মৰ্চাৰ শুকুৰ আলী
  • দ্যা নেচনেল ৰোড মেপ পাৰ্টী অৱ ইণ্ডিয়াৰ হাফিজ বুঢ়াউদ্দিন
  • নির্দলীয় অলকেশ ৰয়, ফাৰুক খান আৰু বিশ্বজিৎ ৰয়

ধুবুৰী লোকসভা সমষ্টিত ভোটাৰ :

৭ মে'ত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা নির্বাচনৰ ধুবুৰী লোকসভা সমষ্টিত সর্বমুঠ ২৬,৬০৮২৭ গৰাকী ভোটাৰ আছে । ইয়াৰে পুৰুষ ভোটাৰ ১৩,৬২,২১৭ আৰু‌ মহিলা‌ ভোটাৰ‌ ১২, ৯৮ ৫৮ ৫গৰাকী ।‌ তৃতীয় লিংগৰ ভোটাৰ ২৫ গৰাকী । ধুবুৰী লোকসভু সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছে ৩০২৪ টা‌ ।

২০২৩ চনত সমষ্টি পুননিৰ্ধাৰণৰ পিচত ১১টা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্তিৰে সমষ্টিটোৰ ভৌগোলিক মানচিত্র সলনি কৰা হৈছে । লোকসভা সমষ্টিটোৰ গোলকগঞ্জ (ভোটাৰ ২,০৪, ০১৩ গৰাকী), গৌৰীপুৰ (ভোটাৰ ২, ৯৫, ৪৬৫ গৰাকী), ধুবুৰী (ভোটাৰ ২,২৭, ১৮৮ গৰাকী), বীৰসিং-জাৰুৱা (২, ৬৯, ১৯০ গৰাকী), বিলাসীপাৰা (১, ৯৪, ৪৭৮ গৰাকী), মানকাচৰ (২, ৯৯, ২৫৮ গৰাকী), জলেশ্বৰ (২,৩১, ১১৭ গৰাকী), পূব গোৱালপাৰা (২,২০, ৫১৮ গৰাকী), সৃজনগ্রাম (২,১৮, ৯৩৫ গৰাকী), মন্দিয়া (২,৬২, ৫৬৪ গৰাকী) আৰু চেঙা (২,৪১, ২৬১ গৰাকী) বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে ।

ধুবুৰী লোকসভা সমষ্টিৰ ইতিহাস :

১৯৫১ চনত প্ৰথম লোকসভা নিৰ্বাচনৰ সময়ত ধুবুৰী নামৰ কোনো লোকসভা সমষ্টি নাছিল । ১৯৫৭ চনৰ পৰা গঠন হোৱা ধুবুৰী সমষ্টিত ২০১৯ চন পর্যন্ত ১৪ বাৰ লোকসভা নির্বাচন অনুষ্ঠিত হৈছে । ইয়াৰে ৬ বাৰেই সমষ্টিটোত কংগ্ৰেছ বিৰোধী প্রার্থী লোকসভালৈ নির্বাচিত হৈছিল । কংগ্ৰেছ বিৰোধী সংখ্যালঘু ভোটাৰ থকা সমষ্টিটোত কিন্তু ২০২৪ চনৰ নিৰ্বাচনৰ যুঁজ আকৰ্ষণীয় হৈছে । ২০০৯ চনৰ পৰা তিনিবাৰকৈ সাংসদ হৈছে এ আই ইউ ডি এফ সাংসদ বদৰুদ্দিন আজমলে ।
২০১৯ চনত এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে ৭,১৮,৭৬৪ টা‌ ভোট লাভ কৰি জয়ী হৈছিল ।‌ কংগ্ৰেছৰ আবু তাহেৰ বেপাৰী ৪৯, ২৫০৬‌‌ টা, অগ ৰ প্ৰাৰ্থী জাবেদ ইছলামে ৩৯,৯৭৩৩ টা ভোট লাভ কৰাৰ বিপৰীতে নটাত ৮, ৯৭৮ টা ভোট পৰিছিল ।
ধুবুৰী লোকসভা সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হৈছিল

  • ১৯৫৭ চনত প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টীৰ আমজাদ আলী
  • ১৯৬২ চনত কংগ্ৰেছৰ গিয়াছউদ্দিন আহমেদ
  • ১৯৬৭ চনত প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টীৰ জে আহমেদ
  • ১৯৭১ চনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী মইনুল হক চৌধুৰী
  • ১৯৭৭ চনত কংগ্ৰেছৰ আহমদ হুছেইন
  • ১৯৮৫ চনত অগপ সমর্থিত আব্দুল হামিদ
  • ১৯৯১ আৰু ১৯৯৬ চনত কংগ্ৰেছৰ নুৰুল ইছলাম
  • ১৯৮৮ আৰু ১৯৯৯ চনত কংগ্ৰেছৰ আব্দুল হামিদ
  • ২০০৪ চনত কংগ্ৰেছৰ আনোৱাৰ হুছেইন
  • ২০০৯, ২০১৪ আৰু ২০১৯ চনত এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল

এতিয়া ২০২৪ চনত কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু অগপৰ প্ৰাৰ্থীজনৰ ভিতৰত কোনগৰাকী প্ৰাৰ্থী সাংসদৰূপে নিৰ্বাচিত হ’ব, সেয়া‌ ভোটাৰে নিৰ্ণয় কৰিব ।

লগতে পঢ়ক:ভোটযুদ্ধ আৰম্ভ : তৃতীয় পৰ্যায়ত অসমৰ চাৰিটা সমষ্টিৰ শেহতীয়া খবৰ LIVE - Lok Sabha Elections 2024

ABOUT THE AUTHOR

...view details