অসম

assam

ETV Bharat / politics

ভূপেন বৰালৈ আৰক্ষীৰ চমন, ৩১ জানুৱাৰীত হাজিৰ হ’ব লাগিব যোৰহাট থানাত

Summon to Bhupen Borah: যোৰহাট আৰক্ষীয়ে চমন জাৰি কৰিছে ভূপেন বৰা ৷ 31 জানুৱাৰীৰ ভিতৰত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ ভূপেন বৰাক ৷ যোৰহাটত ভাৰত জোড়ো ন্যায় যাত্ৰাত আইন ভংগ কৰাৰ সন্দৰ্ভত জাৰি কৰা হৈছে উক্ত চমন ৷

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 3:13 PM IST

Updated : Jan 25, 2024, 4:10 PM IST

Summon to Bhupen Borah
ভূপেন বৰালৈ আৰক্ষীৰ চমন

গুৱাহাটী, ২৫ জানুৱাৰী : অসমৰ মুখ্যমন্ত্ৰীৰ ঘোষণা মতেই অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে কংগ্ৰেছ নেতাৰ বিৰুদ্ধে ৷ যোৰহাট আৰক্ষী থানাই কংগ্ৰেছৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনলৈ পঠিয়াইছে এখন বিশেষ জাননী ৷ অভিযুক্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ।

ভূপেন বৰালৈ আৰক্ষীৰ চমন

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক যোৰহাট থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে তদন্তকাৰী বিষয়া চাব-ইন্সেপক্টৰ হীৰকজ্যোতি চাংমায়ে ৷ ভাৰতীয় দণ্ডবিধি আইনৰ ৪১ (ক) ধাৰাৰ অধীনত জাৰি কৰিছে উক্ত জাননীখন ।

ৰাহুল গান্ধীয়ে ৮ দিনীয়া ভ্ৰমণ সামৰি অসম এৰি পশ্চিমবংগ সোমালেগৈহে মাত্ৰ, অসম আৰক্ষীৰ চমন আহিবলৈ আৰম্ভ কৰিলেই কংগ্ৰেছৰ নেতালৈ ৷ প্ৰথমেই APCC ৰ সভাপতি ভূপেন বৰালৈ আৰক্ষীৰ চমন ৷ অহা ৩১জানুৱাৰীত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ যোৰহাট আৰক্ষীৰ ৷

31 ডিচেম্বৰত দিনৰ ১১ বজাত থানাত হাজিৰ হ’বলৈ ভূপেন বৰাক নিৰ্দেশ দিছে যোৰহাট আৰক্ষীয়ে । PDPP আইনৰ অধীনত ভাৰতীয় দণ্ডবিধি আইনৰ 120(B)/115(II)143/147/188/283/323/353 ধাৰাত সোধ-পোচৰ বাবে ভূপেন বৰালৈ চমন জাৰি কৰিছে আৰক্ষীয়ে । যোৰহাটৰ মাজেদি অহা কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰসংগতে এই জাননী জাৰি কৰা হৈছে ৷

উল্লেখযোগ্য যে ইতিমধ্যেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কংগ্ৰেছৰ ৰাহুল গান্ধী, জয়ৰাম ৰমেশৰ পৰা আৰম্ভ কৰি ভূপেন বৰালৈকে ভালেসংখ্যক নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা সদৰী কৰিছিল ৷ তাৰেই প্ৰথমখন জাননী যোৰহাট আৰক্ষীয়ে জাৰি কৰিছে অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ ৷

মন কৰিবলগীয়া যে ভূপেন বৰালৈ প্ৰেৰণ কৰা জাননীৰ ক্ৰমিক নম্বৰ 1 ৷ উল্লেখযোগ্য যে, ৰাহুল গান্ধীৰ ৮ দিনীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাত গুৱাহাটীৰ খানাপাৰাত কংগ্ৰেছ নেতা-কৰ্মী আৰু অসম আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হৈছিল ৷ বেৰিকেড দি গুৱাহাটীত জিএছ ৰোডত বাধা দিয়া হৈছিল যাত্ৰাটোৰ সমদলক ।

আনহাতে যোৰহাট নগৰৰ মাজেৰে ন্যায় যাত্ৰা আহোতেও আইন-শৃংখলা ভংগৰ গোচৰ ৰুজু হোৱাৰ কথাও সদৰী কৰা হৈছিল ৷ গুৱাহাটীৰ উতপ্ত পৰিস্থিতিৰ পিচতেই গোচৰ তৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল আৰক্ষীক ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি তাৎক্ষণিক সঁহাৰি জনাই আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ঘোষণা কৰিছিল আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ৷

লগতে পঢ়ক:আক্ৰমণৰ সন্মুখীন ভাৰত জোড়ো ন্যায় যাত্ৰা, আঘাতপ্ৰাপ্ত ভূপেন বৰা

Last Updated : Jan 25, 2024, 4:10 PM IST

ABOUT THE AUTHOR

...view details