ৰাঁচী:পুৱা 7 বজাৰ পৰা ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷ 38 খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ যোৱা 13 নৱেম্বৰত প্ৰথম পৰ্যায়ত 43 খন আসনৰ বাবে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ঝাৰখণ্ড বিধানসভাৰ মুঠ আসনৰ সংখ্যা হৈছে 81 খন ৷
ভোটগ্ৰহণ প্ৰাক ক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোটৰসকলক ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ জনাইছে ৷ অভিলেখ সংখ্যক ভোটদানৰ লক্ষ্যৰে সকলোকে এই অভিযানত অংশ ল’বলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে ৷ প্ৰথমবাৰলৈ ভোটাধিকাৰ লাভ কৰা সকলক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকক ৰাজ্যৰ সামৰ্থ শক্তিশালী কৰাৰ বাবে ভোটদান কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ ৷
"আজি ঝাৰখণ্ডৰ গণতন্ত্ৰৰ মহান মহোৎসৱৰ দ্বিতীয় আৰু অন্তিম পৰ্যায় । সকলো ভোটাৰকে উৎসাহেৰে অংশগ্ৰহণ কৰি ভোটদানৰ ক্ষেত্ৰত এক নতুন অভিলেখ গঢ়িবলৈ আহ্বান জনাইছো । এই উপলক্ষে প্ৰথমবাৰৰ বাবে ভোটদান কৰা মোৰ সকলো যুৱ বন্ধু-বান্ধৱীক বিশেষভাৱে অভিনন্দন জনাইছো । আপোনাৰ ভোটে ৰাজ্যখনক শক্তিশালী কৰিব ।’’এক্সত পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে এইদৰে ।
নিৰ্বাচনত ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ বিচৰা শাসকীয় ঝাৰখণ্ড মুক্তি মৰ্চা-কংগ্ৰেছৰ মিত্ৰজোঁট আৰু হেমন্ত ছ’ৰেনৰ নেতৃত্বাধীন চৰকাৰক পদচ্যুত কৰাৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এন ডি এৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গৈছে । বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে গুৰুত্বপূৰ্ণ সমষ্টিসমূহক লক্ষ্য কৰি লৈছে, প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছ’ৰেন আৰু কংগ্ৰেছ নেতা অজয় কুমাৰৰ দৰে অভিজ্ঞ প্ৰাৰ্থীও খেলপথাৰত নামি পৰিছে ।