অসম

assam

ETV Bharat / politics

১০ লাখৰো অধিক ভোটত বিজয়ী হ’ব ৰকিবুল হুছেইন ! আব্দুৰ ৰচিদ মণ্ডলৰ কটাক্ষ নে আনুগত্য - বিধায়ক আব্দুৰ ৰচিদ মণ্ডল

Interview with Congress MLA : কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে যোগদান কৰিব অসম গণ পৰিষদত । যোগদান কৰিবলৈ ওলোৱাৰ মুখ্য কাৰণ হ’ল ধুবুৰীত ৰকিবুল হুছেইনক ধুবুৰী লোকসভা সমষ্টিত এইবাৰ নিৰ্বাচনত দিবলৈ ওলোৱা প্ৰাৰ্থিত্ব ৷ - এই চৰ্চাই যোৱা দুদিন ধৰি অসমত তোলপাৰ লগাই আছে । কিন্তু সঁচাকৈয়ে কংগ্ৰেছ এৰি অসম গণ পৰিষদত যোগদান কৰিব নেকি জ্যেষ্ঠ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে ? ই টিভি ভাৰত, অসমৰ ব্যুৰো চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ সৈতে হোৱা এক বাৰ্তালাপত কি ক'লে বিধায়কগৰাকীয়ে ।

Interview with Congress MLA
বিধায়ক আব্দুৰ ৰচিদ মণ্ডল

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 8:38 PM IST

Updated : Feb 19, 2024, 9:34 PM IST

বিধায়ক আব্দুৰ ৰচিদ মণ্ডল

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী : “ৰকিবুল হুছেইন আমাৰ দলৰ অবিসম্বাদী নেতা । উজনি-নামনি, বৰাক উপত্যকা সকলোতে তেওঁৰ বিস্তৰ প্ৰভাৱ ৷ ধুবুৰীত দলে তেওঁক প্ৰাৰ্থিত্ব দিলে আমি প্ৰচাৰ চলাম ৷ ১০ লাখৰো অধিক ভোটত তেওঁ বিজয়ী হ’ব ৷”- আজি (সোমবাৰ) এই মন্তব্য কৰে কংগ্ৰেছ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে । কটাক্ষ নে আনুগত্য ধৰিবলৈ টান হোৱা এক বিশেষ মন্তব্য আব্দুৰ ৰচিদ মণ্ডলৰ ।

“মই কংগ্ৰেছ দল এৰি অগপত যোগদান কৰাৰ কথা চিন্তা কৰা নাই ৷ বৰ্তমানো কৰা নাই ৷ ভৱিষ্যতেও নাই । কিন্তু আমাৰ দলৰ এতিয়াও কেতবোৰ কৰণীয় আছে ৷ যিবোৰ কৰিব পৰা নাই সেইবোৰ অগপৰ দৰে আঞ্চলিক দলে কৰিবলৈ আগবাঢ়ি আহিব পাৰে ৷” - এইদৰে কৈ অসমত আঞ্চলিকতাবাদৰ আজিও প্ৰাসংগিকতা আছে বুলি মন্তব্য কৰে কংগ্ৰেছী বিধায়কগৰাকীয়ে ৷

লগতে তেওঁ কয় যে কংগ্ৰেছে সদায় আঞ্চলিকতাবাদক সন্মান জনাই আহিছে । আনকি ৰচিদ মণ্ডলে কয় যে কংগ্ৰেছে অসম চুক্তিক সন্মান জনাই অসমত সেই সময়ত নিজৰ চৰকাৰ ভংগ কৰি আঞ্চলিকতাবাদক সন্মান জনাইছিল । পৰৱৰ্তী কালতো অসমত আঞ্চলিকতাবাদক সন্মান জনাই আহিছে ৷ সেই প্ৰসংগতহে হেনো তেওঁৰ অগপত যোগদান কৰিব বুলি চৰ্চা হৈছে ।

মন কৰিবলগীয়া যে, ইতিমধ্যে ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিব বুলি নিশ্চয়তা বৃদ্ধি হোৱাৰ লগে লগে কংগ্ৰেছৰ সংখ্যালঘু বিধায়কসকলৰ তিনিগৰাকীৰ বাদে আন আটাইকেইগৰাকীয়েই এই সিদ্ধান্তৰ বিৰুদ্ধে একত্ৰিত হৈছে ৷ তেওঁলোকে ৰকিবুল হুছেইনক ধুবুৰীৰ প্ৰাৰ্থী ৰূপে গ্ৰহণ কৰিব খোজা নাই ৷ বিচাৰিছে এগৰাকী স্থানীয় প্ৰাৰ্থী ৷ এই শিবিৰত আছে বিধায়ক আব্দুৰ ৰচিদ মণ্ডলো ৷

লগতে পঢ়ক :দাদু টায়েক অপসাৰণৰ সিদ্ধান্ত লৈ খাল খান্দি ঘঁৰিয়াল চপালে নেকি প্ৰদেশ কংগ্ৰেছে

Last Updated : Feb 19, 2024, 9:34 PM IST

ABOUT THE AUTHOR

...view details