নেশ্যনেল ডেস্ক,৪ জুন:অব্যাহত আছে লোকসভা নিৰ্বাচনৰ ভোটগণনা । পলে পলে বৃদ্ধি পাইছে উত্তেজনা । ইয়াৰ মাজতে আহিল এক ডাঙৰ খবৰ । কাৰাগাৰৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈ খাদুৰ চাহিব লোকসভা সমষ্টিত জয়লাভ কৰে নিৰ্দলীয় প্ৰাৰ্থী অমৃতপাল সিঙে । কাৰাগাৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা অমৃতপাল সিঙে খাদুৰ চাহিবৰ পৰা বৃহৎ ভোটৰ ব্যৱধানত জয় লাভ কৰে । সকলো বিৰোধীক ওফৰাই খাদুৰ চাহিবৰ বাসিন্দাসকলে একপক্ষীয় ফটোৱাৰে অমৃতপালৰ সপক্ষে ভোটদান কৰি জয়যুক্ত কৰায় প্ৰাৰ্থীগৰাকীক ।
উল্লেখ্য যে খালিস্তানপন্থী নেতাজনক ২০২৩ বৰ্ষৰ এপ্ৰিলত পাঞ্জাব আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । এমাহৰো অধিক সময় ধৰি পলায়ন কৰি থকাৰ পিচত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । বৰ্তমান ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত অমৃতপাল সিঙক অসমৰ ডিব্ৰুগড় কাৰাগাৰত বন্দী কৰি ৰখা হৈছে । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত দিন পাৰ কৰিছে ৱাৰিছ পঞ্জাৱ দেৰ অমৃতপাল সিঙসহ আন ৯ খালিস্তানী নেতাই । অমৃতপাল সিঙক পঞ্জাৱৰ মোগা জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাচতেই ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হৈছিল ।