অসম

assam

ETV Bharat / politics

ৱায়নাড নে ৰায়বৰেলী ? দোধোৰ-মোধোৰত ৰাহুল গান্ধী - Rahul Gandhi Visit Wayanad - RAHUL GANDHI VISIT WAYANAD

Rahul Gandhi on his Constituency : 2024 চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৱায়নাড আৰু ৰায়বৰেলী সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল । তেওঁ যথেষ্ট ভোটৰ ব্যৱধানত দুয়োখন আসনত জয়লাভ কৰিছিল । বৰ্তমান কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয় যে এই দুখন আসনৰ ভিতৰত যিকোনো আসনত তেওঁ থকাৰ সিদ্ধান্তই দুয়োটা সমষ্টিকেই সুখী কৰিব ।

Rahul Gandhi on his Constituency
ৰাহুল গান্ধী (IANS Photo)

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 6:04 PM IST

নিউজ ডেস্ক, ১২ জুন : শেহতীয়াকৈ সমাপ্ত হোৱা লোকসভা নিৰ্বাচনত ৱায়নাড আৰু ৰায়বৰেলী লোকসভা আসনৰ পৰা বৃহৎ ব্যৱধানত জয়ী হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী । আনহাতে, নিৰ্বাচনী ফলাফলৰ পিচত তেওঁ কোনটো সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ সিদ্ধান্ত ল'ব তাক লৈ এতিয়া তেওঁ এক দ্বিধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰে ।

কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে লগতে কয় যে তেওঁ যি সিদ্ধান্ত ল'ব, তাত নিশ্চয় দুয়োটা সমষ্টিয়েই 'সুখী' হ'ব । উল্লেখ্য, তেওঁ ৱায়নাডৰ এখন ৰাজহুৱা সভাত তেওঁক ভোট দিয়া ভোটাৰসকলক ধন্যবাদ জনায় । লগতে সাধাৰণ নিৰ্বাচনত তেওঁক দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত কৰাৰ বাবে ৱায়নাডৰ বাসিন্দাসকলৰ প্ৰতি তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ কয়, "মই সোনকালেই আপোনালোকক লগ পাবলৈ বাট চাই আছোঁ ।"

উল্লেখ্য যে বৃহৎ ব্যৱধানত লোকসভা আসনখনত জয়ী হোৱাৰ পিচত এইটো হৈছে ৰাহুল গান্ধীৰ ৰাজ্যখনলৈ প্ৰথম ভ্ৰমণ ।

"মোৰ সন্মুখত এক দোধোৰ-মোধোৰ পৰিস্থিতি । মই ৱায়নাডৰ সাংসদ হ'ব লাগে নে ৰায়বৰেলীৰ হ'ব লাগে তাক লৈ দ্বিধাগ্ৰস্ত । মই আপোনালোকক এইটোৱে প্ৰতিশ্ৰুতি দিম যে ৱায়নাড আৰু ৰায়বৰেলী দুয়োটা সমষ্টিয়ে মোৰ সিদ্ধান্তত সুখী হ'ব ।" তেওঁ জয়লাভ কৰা দুখন আসনৰ ভিতৰত এখন এৰি দিয়াৰ সিদ্ধান্ত সন্দৰ্ভত ৰাহুলে এনেদৰে কয় ।

উল্লেখ্য যে সাংবিধানিক ব্যৱস্থা অনুসৰি, তেওঁ ফলাফল ঘোষণাৰ তাৰিখৰ পৰা দুসপ্তাহৰ ভিতৰত জয়ী হোৱা আসনকেইখনৰ ভিতৰত মাত্ৰ এখনতহে থাকিব পাৰিব । আনহাতে, যদি বিজয়ী প্ৰাৰ্থীগৰাকীয়ে জয়ী হোৱা দুখন আসনৰ ভিতৰত যিকোনো এখন খালী কৰাত ব্যৰ্থ হয়, তেন্তে দুয়োখন আসনৰ পৰায়ে তেওঁ অযোগ্য হোৱাৰ ব্যৱস্থা আছে ।

আনহাতে, প্ৰধানমন্ত্ৰীক উপহাস কৰি ৰাহুলে কয় যে তেওঁ কি কৰিব লাগিব সেই সন্দৰ্ভত ভগৱানৰ পৰা কোনো নিৰ্দেশনা লাভ নকৰে । "কিন্তু প্ৰধানমন্ত্ৰীয়ে কৰে । ভগৱানে প্ৰধানমন্ত্ৰীক দেশৰ মুখ্য বিমানবন্দৰ আৰু বিদ্যুৎ প্ৰকল্পসমূহ আদানিক হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিছে ।" তেওঁ কয় ।

"কিন্তু মই এজন মানুহ । মোৰ ঈশ্বৰ দেশৰ দৰিদ্ৰ লোক । গতিকে মোৰ বাবে এইটো সহজ । মই কেৱল মানুহৰ সৈতে কথা পাতো আৰু তেওঁলোকে মোক কি কৰিব লাগে কয় ।" তেওঁ লগতে কয় ।

ইফালে ২০২৪ চনৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত ৰাহুলে কয় যে এই যুঁজখন ভাৰতৰ সংবিধান ৰক্ষাৰ বাবে আছিল আৰু সেই যুঁজত প্ৰেম, স্নেহ আৰু নম্ৰতাৰ দ্বাৰা ঘৃণা আৰু অহংকাৰ পৰাজিত হৈছে ।

ৰাহুল গান্ধীয়ে লগতে কয় যে মোদীয়ে এতিয়া তেওঁৰ মনোভাব সলনি কৰাৰ সময় আহি পৰিছে, কিয়নো ভাৰতৰ জনসাধাৰণে তেওঁলৈ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে । লগতে তেওঁ নৱগঠিত চৰকাৰখনক 'পংগু' বুলিও অভিহিত কৰে ।

লগতে পঢ়ক :অমিত শ্বাহৰ বিৰুদ্ধে অপমানজনক মন্তব্য় : ৰাহুল গান্ধীক আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ - RAHUL GANDHI ON AMIT SHAH

ABOUT THE AUTHOR

...view details