অসম

assam

ETV Bharat / politics

আমি মোদী পৰিয়ালৰ অংশ, লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ নতুন প্ৰচাৰ

Modi ka Parivar campaign: ইফালে বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰিছে আৰু আনফালে বিজেপিয়ে নিৰ্বাচনকেন্দ্ৰিক বিশেষ প্ৰচাৰ আৰম্ভ কৰিছে । দেশৰ ১৪০ কোটি জনতা মোদীৰ পৰিয়ালৰ অংশ বুলি দিল্লীৰ ৰাজপথত পোষ্টাৰ আৰু হৰ্ডিং লগোৱা হৈছে ।

Modi ka Parivar campaign
লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ নতুন প্ৰচাৰ

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 3:19 PM IST

নেশ্যনেল ডেস্ক,৫ মাৰ্চ :শেহতীয়াকৈ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰিছিল । তাৰ প্ৰত্যুত্তৰত বিজেপিয়ে এটা নতুন খেল আৰম্ভ কৰিছে । সমগ্ৰ দেশতে বিজেপিয়ে মোদীৰ পৰিয়ালৰ প্ৰচাৰ চলাই আছে । এই সন্দৰ্ভত মঙলবাৰে দিল্লীত বিজেপি নেতাসকলে মোদীৰ পৰিয়ালৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ।

বিজেপিৰ সকলো জ্যেষ্ঠ নেতাই এক্সৰ প্ৰ'ফাইল সলনি কৰাৰ লগতে নিজকে মোদী পৰিয়ালৰ অংশ হিচাপে বৰ্ণনা কৰিছে । নিশা দিল্লীৰ আইটিঅ', মাণ্ডি হাউচ আৰু অন্যান্য চাৰিআলিত ডাঙৰ ডাঙৰ হৰ্ডিং লগোৱা হৈছে । য'ত আমিও মোদীৰ পৰিয়াল বুলি লিখা আছে ।

বিজেপি নেতা কপিল মিশ্ৰাৰ দ্বাৰা দিল্লীৰ মাণ্ডি হাউচ, আইটিঅ', অশোক ৰোড, লে মেৰিডিয়েন ৰাউণ্ডবাউণ্ড, পণ্ডিত পন্ত মাৰ্গ আৰু অন্যান্য স্থানত পোষ্টাৰ আৰু হৰ্ডিং লগোৱা হৈছে। এই হৰ্ডিংবোৰত লিখা আছিল যে ১৪০ কোটি লোক মোদীৰ পৰিয়াল আৰু দুৰ্নীতিগ্ৰস্ত মিত্ৰজোঁট সন্তানৰ বাবে, ছোনিয়া সন্তানৰ বাবে, মুলায়ম সন্তানৰ বাবে, কৰুণানিধি সন্তানৰ বাবে, ফাৰুক আব্দুল্লা সন্তানৰ বাবে, কিন্তু মোদী দেশৰ সন্তানৰ বাবে । কপিল মিশ্ৰাই এক্সত প্ৰ'ফাইল সলনি কৰিছে আৰু নিজকে মোদী পৰিয়ালৰ অংশ হিচাপে বৰ্ণনা কৰিছে ।

উল্লেখ্য যে লালু প্ৰসাদ যাদৱৰ পিচত বহুতো বিৰোধী নেতাই প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি লৈছিল । আনহাতে গৃহ মন্ত্ৰী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে তেওঁলোকৰ সামাজিক মাধ্যমৰ প্লেটফৰ্মত নিজকে মোদী পৰিয়ালৰ অংশ বুলি অভিহিত কৰিছে । আনকি বিজেপিৰ সৰু সৰু নেতা আৰু কৰ্মীসকলেও সামাজিক মাধ্যমৰ একাউণ্টত প্ৰ'ফাইল সলনি কৰি নিজকে মোদীৰ পৰিয়ালৰ অংশ বুলি উল্লেখ কৰিছে । সামাজিক মাধ্যমতো ইয়াক লৈ ব্যাপক প্ৰচাৰ চলোৱা হৈছে ।

লগতে পঢ়ক :বিপিএফৰ প্ৰাৰ্থী জয়ী হোৱাটো দূৰৈৰ কথা, আমানতৰ ধনো ঘুৰাই নাপাব : প্ৰমোদ বড়ো

ABOUT THE AUTHOR

...view details