অসম

assam

ETV Bharat / politics

জম্মু-কাশ্মীৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন; ভোটদানৰ হাৰ ৬১.১৩% - JK ASSEMBLY POLLS

J&K Assembly Elections : ১০ বছৰৰ পাচত কটকটীয়া নিৰাপত্তাৰ মাজতে বুধবাৰে অনুষ্ঠিত হয় জম্মু-কাশ্মীৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন ৷ প্ৰথম পৰ্যায়ৰ ভোটদানৰ হাৰ ৬১.১৩% ৷

J&K Assembly Elections
১০ বছৰৰ পাচত জম্মু-কাশ্মীৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন (ETV Bharat)

By ETV Bharat Assamese Team

Published : Sep 19, 2024, 10:00 AM IST

নেশ্যনেল ডেস্ক, ১৯ ছেপ্টেম্বৰ : জম্মু-কাশ্মীৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত ৬১.১৩% ভোটদানৰ হাৰ ৰেকৰ্ড কৰা হৈছে, যিটো প্ৰাৰম্ভিক অনুমান ৫৯%তকৈ অধিক । জম্মু-কাশ্মীৰৰ মুখ্য নিৰ্বাচনী বিষয়া পি কে পোলে এই কথা নিশ্চিত কৰিছে ৷

পোলে কয়, ‘‘এইবাৰ আমি জিলাভিত্তিক পৰিসংখ্যা উলিয়াইছিলো আৰু সীমা নিৰ্ধাৰণৰ পিছত কোনো বিধানসভা সমষ্টি দুখন জিলাত বিস্তৃত নহয় ৷’’ পোলে কয়, ‘‘শান্তিপূৰ্ণ ভোটদান প্ৰক্ৰিয়া, প্ৰাৰ্থীসকলৰ জোৰদাৰ প্ৰচাৰ আৰু নিৰ্বাচন বিভাগে ভোটাৰ সজাগতাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবেই এই উচ্চ ভোটদানৰ অন্যতম কাৰণ ৷’’

ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, জম্মু অঞ্চলৰ কিষ্টৱাৰ জিলাত (Kishtwar district) সৰ্বাধিক ভোটদানৰ হাৰ ৮০.১৪% হোৱাৰ বিপৰীতে কাশ্মীৰৰ কুলগাম জিলাত (Kulgam district) ৬২.৬২% ভোটদানৰ হাৰ পোৱা গৈছে । বিশেষকৈ দক্ষিণ কাশ্মীৰত এই নিৰ্বাচন উল্লেখযোগ্য আছিল, যিটো অঞ্চলত পূৰ্বে ভোটাৰৰ অংশগ্ৰহণ অতি কম আছিল, প্ৰায়ে একক সংখ্যাত ।

এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ পিছত ভোটদানৰ হাৰ যথেষ্ট বৃদ্ধি পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই ক্ষেত্ৰসমূহত ভোটাৰৰ সংযোগৰ উন্নতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰি পোলে সন্তুষ্টি প্ৰকাশ কৰে । পৰৱৰ্তী পৰ্যায়ত আৰু অধিক ভোটদানৰ আশা কৰিছিল ।

কাশ্মীৰ আৰু জম্মু দুয়োটা সংমণ্ডলৰ ২৪টা সমষ্টিতে প্ৰব্ৰজিত ভোটাৰসকলৰ সুবিধাৰ বাবে ২৩টা বিশেষ ভোটকেন্দ্ৰকে ধৰি ৩,২৭৬টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছিল ৷ ইয়াৰে জম্মুত ১৯ টা আৰু দিল্লীৰ ৪ টা । কাশ্মীৰ সংমণ্ডলত পহলগাম সমষ্টিত সৰ্বাধিক ভোটাৰৰ হাৰ ৭১.২৬%, তাৰ পিছতে ডি.এইচ. কাশ্মীৰৰ আন উল্লেখযোগ্য ভোটদানৰ ভিতৰত শ্বোপিয়ান ৫৭.৭৮%, অনন্তনাগ পশ্চিমে ৪৮.৭৩%, কুলগাম ৬২.৭৬% আৰু শ্ৰীগুফৰা - বিজবেহেৰাত ৬০ ৩৩% ৷ পুলৱামা জিলাত সৰ্বনিম্ন ভোটদানৰ হাৰ ৪৬.৬৫%, আনহাতে ইয়াৰ সমষ্টি ট্ৰালে সৰ্বনিম্ন ৪৩.২১% ভোটদান লাভ কৰে ।

জম্মু বিভাগত ইন্দৰৱালত ৮২.১৬% ভোটদানৰ হাৰ সৰ্বাধিক, পাদৰ-নাগছেনীত ৮০.৬৭% আৰু ডোডা ৱেষ্টে ৭৫.৯৮% ভোটদান কৰে । ভাদেৰৱাহত ৬৭.১৮% ভোটদানৰ বিপৰীতে ৰামবানে ৬৯.৬% ভোটদান লাভ কৰে । আন এটা গুৰুত্বপূৰ্ণ সমষ্টি বানিহালত ভোটদানৰ হাৰ ৭১.২৮% ।
উপ-ৰাজ্যপাল মনোজ সিনহাই ভোটাৰসকলক তেওঁ “ঐতিহাসিক ভোটাৰৰ ভোটদান” (historic voter turnout) বুলি অভিহিত কৰে । শান্তিপূৰ্ণ, মুক্ত আৰু নিকা নিৰ্বাচনে ভাৰতীয় গণতন্ত্ৰৰ শক্তি আৰু গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস প্ৰদৰ্শন কৰা বুলিও কয় । নিৰ্বাচন সুচাৰুৰূপে চলোৱাৰ বাবে এক টুইটযোগে সিনহাই নিৰাপত্তা বাহিনী, জম্মু-কাশ্মীৰ আৰক্ষী (জে কে পি) আৰু নিৰ্বাচনী বিষয়াসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ৷ প্ৰথমবাৰৰ বাবে ভোটদানৰ বাবে বিশেষকৈ বৃহৎ সংখ্যক মহিলা ওলাই আহে ৷ এইসকল মহিলাকো তেওঁ প্ৰশংসা কৰে ।

এই পৰ্যায়ত ২৪খন বিধানসভাৰ আসনত মুঠ ২১৯ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ কাশ্মীৰৰ ১৬খন আৰু জম্মুত ৮টা, ২৩.২৭ লাখতকৈ অধিক ভোটাৰে ভোটদানৰ যোগ্যতা অৰ্জন কৰিছিল । ইয়াৰ ভিতৰত ১.২৩ লাখ লোকে প্ৰথমবাৰৰ বাবে ভোটদান কৰে ৷ লগতে ৬০ জন তৃতীয় লিংগৰ ভোটাৰ আৰু ২৮,৩০৯ জন বিশেষভাৱে সক্ষম ব্যক্তি (persons with disabilities চমুকৈ PWD) আছিল ৷

পি কে পোলে কয়, "পূৰ্বতে বহু কম ভোটদানৰ হাৰ ৰেকৰ্ড কৰা দক্ষিণ কাশ্মীৰ জিলাসমূহে এইবাৰ ভোটদানৰ হাৰ সৰ্বাধিক হোৱা দেখা গৈছে ৷ জম্মু-কাশ্মীৰত গণতান্ত্ৰিক অংশগ্ৰহণ বৃদ্ধি পোৱাৰ এয়াই প্ৰমাণ ।"

লগতে পঢ়ক :১০ বছৰৰ পাছত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন: শান্তিপূৰ্ণভাৱে চলিছে ভোটদান - JK ASSEMBLY POLLS

ABOUT THE AUTHOR

...view details