গুৱাহাটী :ৰাজ্য়ৰ পাঁচটা সমষ্টিত বিজেপি আৰু মিত্রজোঁটৰ অভূতপূৰ্ব সাফল্যৰ পাছতো সুখী হ'ব নোৱাৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । ইয়াৰ মূলতে হৈছে ঝাৰখণ্ডৰ নিৰ্বাচনী ফলাফল । বিজেপি নেতৃত্বাধীন এ ডি এয়ে মহাৰাষ্ট্ৰত সাফল্য অৰ্জন কৰিলে যদিও ঝাৰখণ্ডত এন ডি এ তথা বিজেপিৰ ছন্দপতন ঘটিল । ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত ছোৰেণৰ সন্মুখত এই নিৰ্বাচনী যুঁজত নিস্তেজ হৈ পৰিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
নিজৰ ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিপৰীতে ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনত সৰ্বশক্তিৰে জঁপিয়াই পৰিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকী । ঝাৰখণ্ডত অৰ্ধশতাধিক নিৰ্বাচনী সভা,ৰেলী আদিত অংশ লৈ জোৰদাৰ প্ৰচাৰ চলাইছিল । মাহৰ পিছত মাহ ধৰি ঝাৰখণ্ডৰ নিৰ্বাচনত ব্যস্ত থকাৰ বাবে বিৰোধীৰ ব্যাপক সমালোচনাৰো সন্মূখীন হৈছিল মুখ্যমন্ত্রীগৰাকী । কিন্তু তথাপি তেওঁ দেহে-কেহে লাগিছিল ঝাৰখণ্ডৰ নিৰ্বাচনত । দলীয় নেতৃত্বই চাণক্যৰূপে খ্যাত হিমন্ত বিশ্ব শৰ্মাক ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰায় সমগ্ৰ দায়িত্ব অৰ্পন কৰিছিল ।
তেওঁ আছিল ঝাৰখণ্ড বিজেপিৰ সহঃ নিৰ্বাচনী প্ৰভাৰী । হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডক তেওঁ দ্বিতীয় ঘৰ আখ্যা দিছিল । কিন্তু ঝাৰখণ্ডবাসীয়ে হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিশ্ৰুতি আৰু আশ্বাসত আস্থা নাৰাখিলে । ঝাৰখণ্ডত বেয়াকৈ হাৰিল এন ডি এ । এই নিৰ্বাচনত ঝাৰখণ্ডত বিজেপিৰ লগতে পৰাস্ত হ'ল অসমৰ মুখ্যমন্ত্ৰীও ।