অসম

assam

নাগালেণ্ড-মেঘালয়ত এটা নিৰ্দিষ্ট ধৰ্মৰ নেতাই এনডিএৰ বিৰুদ্ধে মুকলিভাৱে কাম কৰিছিল: মুখ্যমন্ত্ৰী - LOK SABHA ELECTION RESULTS 2024

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 8:49 AM IST

Himanta Biswa Sarma over LS result:এনডিএই নাগালেণ্ড, মেঘালয় আৰু মণিপুৰত লোকসভাৰ আসন হেৰুওৱাৰ কাৰণ ব্য়াখ্য়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । কি কাৰণে এই তিনি ৰাজ্য়ত পৰাজিত হ'ল এনডিএ ?

CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV BHARAT ASSAM)

গুৱাহাটী, ৫ জুন : সদ্য় ঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফলত অসমক বাদ দি উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যত এনডিএৰ পৰাজয়ৰ বাবে এটা নিদিষ্ট ধৰ্মক জগৰীয়া কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । লোকসভা নিৰ্বাচনৰ ফলাফলৰ নিশাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ বাজপেয়ী ভৱনত এক সংবাদমেল সম্বোধন কৰি এনডিএই নাগালেণ্ড, মেঘালয় আৰু মণিপুৰত লোকসভাৰ আসন হেৰুওৱাৰ অন্যতম কাৰণ এটা নিৰ্দিষ্ট ধৰ্মৰ নেতাসকলে এনডিএৰ বিৰুদ্ধে কাম কৰিছিল বুলি কয় ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV BHARAT ASSAM)

এই প্ৰচাৰৰ আঁৰত কোন ধৰ্মৰ লোক আৰু নেতা আছে সেয়া উল্লেখ নকৰাকৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "এটা নিৰ্দিষ্ট ধৰ্মৰ নেতাসকলে নাগালেণ্ড আৰু মেঘালয়ৰ লগতে মণিপুৰত বিজেপি আৰু এনডিএৰ বিৰুদ্ধে মুকলিভাৱে কাম কৰিছিল ।" তেওঁ কয় যে এই ৰাজ্যসমূহত সেই ধৰ্মৰ বহুত অনুগামী আছে । ইয়ে পৰাজয়ৰ অন্যতম কাৰণ ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়," দুয়োখন ৰাজ্যৰ আসন হেৰুওৱাটো ৰাজনৈতিক পৰাজয় নহয় । সেই ধৰ্মৰ নেতাসকলে সাধাৰণতে ৰাজনীতিত হস্তক্ষেপ নকৰে । এইবাৰ যিকোনো কাৰণত তেওঁলোকে হস্তক্ষেপ কৰিছিল, আনকি অসমতো । তেওঁলোকে এনডিএৰ বিৰুদ্ধে মুকলিভাৱে কাম কৰিছে । "

মিজোৰামৰ বাহিৰে উত্তৰ-পূবৰ সকলো ৰাজ্যতে বিজেপি বা ইয়াৰ মিত্ৰশক্তি ক্ষমতাত আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "প্ৰথম অৱস্থাত মানুহে আমাক কৈছিল যে আমি দলত্যাগ কৰি উত্তৰ-পূবত জয়লাভ কৰিছো । কিন্তু অৰুণাচল প্ৰদেশত তৃতীয়বাৰৰ বাবে বিজেপি ক্ষমতালৈ ঘূৰি অহাৰ লগে লগে আমি দেখুৱাই দিছো যে আমি উন্নয়নৰ দ্বাৰা জয়ী হওঁ, দলত্যাগৰ দ্বাৰা নহয় । " তেওঁ কয় যে ৪০ শতাংশ মুছলমান ভোটাৰ থকা ৰাজ্য অসমৰ মুঠ ১৪ খন আসনৰ ভিতৰত ১১ খন আসন লাভ কৰাটো বিজেপি নেতৃত্বাধীন এনডিএৰ বাবে এক বৃহৎ সাফল্য।

ABOUT THE AUTHOR

...view details