অসম

assam

ETV Bharat / politics

28 নৱেম্বৰত ছোৰেণ চৰকাৰৰ শপতগ্ৰহণ; মন্ত্ৰিত্ব কোনে কোনে পাব ?

ইণ্ডি মিত্ৰজোঁটৰ নেতাসকলে ৰাজ্যপালক হেমন্ত ছোৰেণৰ নেতৃত্বত চৰকাৰ গঠনৰ বাবে অনুমতি বিচাৰি আবেদন পত্ৰ দাখিল কৰে ৷ অহা 28 নৱেম্বৰত শপতগ্ৰহণ কৰিব নতুন চৰকাৰে ৷

JHARKHAND GOVT OATH TAKING
28 নৱেম্বৰত ছোৰেণ চৰকাৰৰ শপতগ্ৰহণ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 24, 2024, 7:46 PM IST

ৰাঁচী:ঝাৰখণ্ড নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ পাচতেই দেওবাৰে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণৰ বাসগৃহত ইণ্ডি মিত্ৰজোঁটৰ নৱনিৰ্বাচিত বিধায়কসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বিধায়কসকলে হেমন্ত ছোৰেণক বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰে ৷ তাৰ পাচতেই সহযোগী নেতাসকলৰ সৈতে ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপালক চৰকাৰ গঠনৰ বাবে অনুমতি বিচাৰে হেমন্ত ছোৰেণে ৷

ৰাজভৱনত উপস্থিত হৈয়েই প্ৰথমে ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰৰ হাতত মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ পত্ৰ দাখিল কৰে হেমন্ত ছোৰেণে ৷ ৰাজ্যপালে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰি নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত দায়িত্ব পালনৰ বাবে নিৰ্দেশ দিয়ে ৷ তাৰ পাচতেই ইণ্ডি মিত্ৰজোঁটৰ নেতাসকলে ৰাজ্যপালক হেমন্ত ছোৰেণৰ নেতৃত্বত চৰকাৰ গঠনৰ বাবে অনুমতি বিচাৰি আবেদন পত্ৰ দাখিল কৰে ৷ ৰাজ্যপালে হেমন্ত ছোৰেণক ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে চৰকাৰ গঠন কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷

ৰাজ্যপালক সাক্ষাতৰ পাছত সংবাদ মাধ্যমৰ আগত হেমন্ত ছোৰেণে কয় যে তেওঁ চৰকাৰ গঠনৰ অনুমতি বিচাৰে ৷ ৰাজ্যপালে তেওঁক চৰকাৰ গঠনৰ বাবে অনুমতি প্ৰদান কৰিছে ৷ তেওঁ অহা 28 নৱেম্বৰত শপতগ্ৰহণ কৰিব ৷ ছোৰেণে লগতে কয় যে ৰাজ্যপালক অনুমতিৰ বাবে আবেদন দাখিলৰ সময়ত সহযোগী সকলো দলৰ নেতা উপস্থিত আছিল ৷ অৱশ্যে মন্ত্ৰীসভাত কোন কোন থাকিব সেই বিষয়ে সোধাত তেওঁ কৌশলী উত্তৰ প্ৰদানেৰে সোনকালেই জনোৱা হ’ব বুলিহে কয় ৷

ইফালে ঝাৰখণ্ডত গঠন হ’বলগীয়া নতুন চৰকাৰত কোনে কোনে মন্ত্ৰিত্ব লাভ কৰিব তাক লৈ ব্যাপক জল্পনা-কল্পনা চলি থকা দেখা গৈছে ৷ ইণ্ডি মিত্ৰজোঁটৰ অংশীদাৰ ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ, ৰাষ্ট্ৰীয় জনতা দল, ভাৰতীয় কমিউনিষ্ট পাৰ্টী (এম এল) ৰ পৰা কোন কোন বিধায়ক মন্ত্ৰী হ’ব সেই বিষয়ে কোনে নেতায়েই কোনো ধৰণৰ বক্তব্য ৰাখিব খোজা নাই ৷ ঝাৰখণ্ড চৰকাৰত সৰ্বাধিক 12 গৰাকী মন্ত্ৰীহে থাকিব পাৰিব ৷ সূত্ৰ অনুসৰি মন্ত্ৰীসভাৰ ৰূপৰেখা ইতিমধ্যেই প্ৰস্তুত কৰা হৈছে ৷ সেই অনুসৰি ঝাৰখণ্ড মুক্তি মৰ্চাৰ পৰা মুখ্যমন্ত্ৰীৰ উপৰিও আন 6 গৰাকী মন্ত্ৰী, কংগ্ৰেছৰ পৰা 4 গৰাকী, আৰজেডি আৰু চিপিআইএমএলৰ পৰা এগৰাকীকৈ বিধায়কক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব ৷

ঝাৰখণ্ড মুক্তি মৰ্চাৰ পৰা কোনে কোনে লাভ কৰিব পাৰে মন্ত্ৰিত্ব ?

সূত্ৰই জনোৱা মতে, মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণৰ উপৰিও চাইবাসাৰ বিধায়ক দীপক বিৰুৱা, ঘাটশিলাৰ বিধায়ক ৰামদাস ছোৰেণ, মধুপুৰৰ বিধায়ক হাফিজুল হাছান মন্ত্ৰীসভাত থকাৰ সম্ভাৱনা প্ৰায় নিশ্চিত হৈছে ৷ আনহাতে মিথিলেশ ঠাকুৰৰ স্থানত উচ্চ জাতিৰ সাৰঠৰ বিধায়ক উদয় শংকৰ সিং, ডুমৰীৰ পূৰ্বৰ বিধায়ক বেবী দেৱীৰ স্থানত ঈচাগড়ৰ বিধায়ক সবিতা মাহাতো অথবা লুইছ মাৰাণ্ডী মন্ত্ৰী হোৱাৰ সম্ভাৱনা আচে ৷ সূত্ৰই জনোৱা মতে জেএমএমে মুখ্যমন্ত্ৰীসহ 7 গৰাকী মন্ত্ৰী দাবী কৰিছে ৷ ফলত 12 জনীয়া মন্ত্ৰীসভাত চিপিআইএমএলৰ বিধায়কে মন্ত্ৰিত্ব হেৰুওৱাৰ উপক্ৰম হৈছে ৷ বৈদ্যনাথ ৰামৰ স্থানত বসন্ত ছোৰেণক মন্ত্ৰিত্ব প্ৰদানৰ সম্ভাৱনা আছে ৷

কংগ্ৰেছৰ কোন কোন বিধায়কৰ কপাল ফুলিব ?

সূত্ৰ অনুসৰি লোহাৰদগা সমষ্টিৰ পৰা নিৰ্বাচিত কংগ্ৰেছ বিধায়ক ড৹ ৰামেশ্বৰ ওৰাওন, মহগামাৰ বিধায়ক দীপিকা পাণ্ডে সিং মন্ত্ৰিত্বৰ দৌৰত আগত আছে ৷ ইফালে বত্ৰা গুপ্তাই জামছেদপুৰ পশ্চিম সমষ্টিত পৰাস্ত হোৱাৰ পাচত অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰদীপ যাদৱৰ মন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হ’ব পাৰে ৷ এইটোও চৰ্চা হৈছে যে সংখ্যালঘু নেতা ইৰফান আনছাৰীৰ পৰিৱৰ্তে আলমগীৰ আলমৰ পত্নী নিশাত আলমক মন্ত্ৰিত্ব দিব পাৰে ৷ কিয়নো প্ৰচাৰৰ সময়ত ইৰফান আনছাৰীয়ে সীতা ছোৰেণৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি কংগ্ৰেছক বিপদত পেলাইছিল ৷

আৰ জে ডি আৰু চিপিআইএমএলৰ পৰা কোন কোন হ’ব পাৰে মন্ত্ৰী ?

এই নিৰ্বাচনত ঝাৰখণ্ডত আৰ জে ডিয়ে 4 খন আৰু চিপিআইএমলে 2 খন আসনত জয়লাভ কৰিছে ৷ যোৱা নিৰ্বাচনত মাত্ৰ এখন আসনত জয়ী হোৱাৰ পাচতো আৰ জে ডিৰ সত্যানন্দ ভোক্তাক মন্ত্ৰী পদ দিয়া হৈছিল ৷ এইবাৰ দেৱঘৰ আসনৰ পৰা জয়ী হোৱা সুৰেশ পাছোৱানক মন্ত্ৰিত্ব প্ৰদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ ইফালেচিপিআইএমএলৰ কথা ক’বলৈ গ’লে অপ্ৰত্যাশিতভাৱে জয়লাভ কৰা অজয় চেটাৰ্জী মন্ত্ৰিত্বৰ তীব্ৰ দাবীদাৰ হৈ আছে ৷

লগতে পঢ়ক:সিন্দে নে ফাড়নাভিছ; কোন বহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত ?

বিধানসভা নিৰ্বাচন ২০২৪ৰ ভোটগণনা Live Updates: জনসাধাৰণক ধন্যবাদ জনালে সিন্দে; মহাযুতিৰ দখলত বিপুল সংখ্যাগৰিষ্ঠতা, ঝাৰখণ্ডত আকৌ এবাৰ ছোৰেণ চৰকাৰ

ABOUT THE AUTHOR

...view details