কোকৰাঝাৰ, 23 এপ্ৰিল:কোকৰাঝাৰত টৰ্চ লাইট জ্বলিবই বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰিলেসাংসদ নৱ কুমাৰ শৰণীয়াই ৷ শৰণীয়াৰ মনোনয়ন বাতিল হোৱাৰ পাচত এইবাৰ নৱ কুমাৰ শৰণীয়াই বিকল্প প্ৰাৰ্থী হিচাপে বিনীতা ডেকাৰ নাম লোকসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰিছে ৷ সোমবাৰৰ সন্ধিয়া কোকৰাঝাৰত এক সংবাদমেলৰ আয়োজন কৰি প্ৰাৰ্থী বিনীতা ডেকাক লগত লৈ নৱ কুমাৰ শৰণীয়াই কয়, "তেওঁৰ সৈতে যি ব্যৱহাৰ কৰিলে, যেনেদৰে প্ৰতাৰণা কৰা হ’ল তাৰ প্ৰত্যুত্তৰ হিচাপে কোকৰাঝাৰত টৰ্চ লাইট জ্বলিবই । নৱ কুমাৰ শৰণীয়া প্ৰাৰ্থী নোহোৱাৰ বাবে আজি সকলোৱে মৰ্মাহত হৈছে ৷ ৰাজনীতিত উত্থান-পতন থাকেই ৷"
সাংসদ নৱ কুমাৰ শৰণীয়াই তেওঁৰ বিকল্প হিচাপে বিনীতা ডেকাক ভোট দিবলৈ সকলোকে আহ্বান জনায় । শৰণীয়াক নিৰ্বাচন খেলাৰ পৰা অবৈধভাৱে যেনেদৰে বঞ্চিত কৰা হ'ল সেয়া পিছলৈ প্ৰত্যাহ্বান জনাব পৰা যাব বুলি উল্লেখ কৰি পোনপ্ৰথমে জিএছপিৰ প্ৰাৰ্থী বিনীতা ডেকাক নিৰ্বাচনত জয়ী কৰাই লওঁক বুলি সমষ্টিবাসীলৈ আহ্বান জনায় ৷
ইয়াৰ লগতে সংবাদমেলখনত অঞ্চলটোত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা, সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ-মৰ্যাদা প্ৰতিষ্ঠা কৰা, কোঁচ ৰাজবংশী আৰু আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণ এইবাৰ দলটোৰ মূল লক্ষ্য হ'ব বুলি শৰণীয়াই উল্লেখ কৰে । নৱ কুমাৰ শৰণীয়াক ৰাজনৈতিকভাবে শ্বহীদ কৰাৰ চেষ্ঠা চলিছে বুলি অভিযোগ কৰি সাংসদগৰাকীয়ে ইয়াৰ উত্তৰ ৰাজনৈতিকভাৱে দিয়া হ'ব বুলিও প্ৰকাশ কৰিছে ।