গোলাঘাট, 26 ফেব্ৰুৱাৰী :সোমবাৰে গোলাঘাটত কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত দীৰ্ঘসময়ৰে পৰা কংগ্ৰেছ দলৰ সৈতে জড়িত গোলাপ শইকীয়াক গোলাঘাট জিলা কংগ্ৰেছৰ নৱ-নিযুক্ত ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় ৷ সোমবাৰে গোলাঘাট জিলা কংগ্ৰেছৰ নৱ নিৰ্বাচিত ভাৰপ্ৰাপ্ত সভাপতি গোলাপ শইকীয়াই আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰাৰ কাৰ্যসূচীত জিলাখনৰ বহু কংগ্ৰেছ কৰ্মীয়ে তেওঁক আদৰণি জনায় ৷
সোমবাৰৰ অনুষ্ঠানত সাংসদ গৌৰৱ গগৈ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, কংগ্ৰেছ নেত্ৰী ৰ’জলীনা তিৰ্কীৰ লগতে বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ গোলাঘাটত উপস্থিত হৈ বিজেপি কৰ্মীসকল সজাগ হোৱা ভাল, হিমন্ত বিশ্ব শৰ্মাই সোনকালে বিজেপি দল শেষ কৰিব বুলি বক্তব্য প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰে । মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কয় যে বৰ্তমান বিজেপি দলত পুৰণি নিষ্ঠাৱান কৰ্মীসকলৰ ক্ৰমাৎ গুৰুত্ব নাইকীয়া হৈছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এফালে দাদা ব্ৰিগেডৰ মানুহ বিজেপি দললৈ নিছে যদিও বিজেপি দলৰ পুৰণা কৰ্মীসকলক নোহোৱা কৰিছে ৷ ৰঞ্জিত দত্ত, বিজয়া চক্ৰৱৰ্তী, ৰমেন ডেকা, ৰাজেন গোহাঁই, জয়ন্ত দাসকে ধৰি বহু পুৰণি নিষ্ঠাবান কৰ্মী বিজেপি দলৰ পৰা নোহোৱা হৈছে । বিজেপি দলৰ সভাপতিয়ে এতিয়া ৰাবাৰ ষ্টাম্পৰ দৰে কাম কৰিবলগীয়া হৈছে । কংগ্ৰেছ দলটোক যেনেদৰে হিমন্ত বিশ্ব শৰ্মাই শেষ কৰিবলৈ পণ লৈছিল ঠিক তেনেদৰে বিজেপি দলটোও শেষ কৰিব ।