গুৱাহাটী,৬ জুন: দিল্লীৰ ৰাজনীতিত বেছিদিন থাকিবলৈ মন নাই অসম কংগ্ৰেছৰ যুৱৰাজ গৌৰৱ গগৈৰ । বিজেপিক হতচকিত কৰি বিজেপিৰ সৰ্বশক্তি ওফৰাই যোৰহাটত এক বৃহৎ জয় সাব্যস্ত কৰি ২০২৬ ৰ বিধানসভাৰ যুঁজৰ বাবে একপ্ৰকাৰ ৰণডংকা বজালে গৌৰৱ গগৈয়ে ৷ অসমৰ মুখ্যমন্ত্ৰী তথা ভোটযুদ্ধৰ অভিজ্ঞ খেলুৱৈ ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যহ্বান জনাই গৌৰৱ গগৈৰ ঘোষণা— “২০২৪ ৰ নিৰ্বাচন আমাৰ ছেমি ফাইনেলহে । ২০২৬ ত আমি ফাইনেল খেলিম আৰু জিকিম ৷”
অসমৰ সন্মানীয় যোৰহাট লোকসভা সমষ্টিত ১,৪৪,০০০ ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ পিচতে কংগ্ৰেছৰ যুৱনেতা গৌৰৱ গগৈয়ে বুধবাৰে যোৰহাট সমষ্টিটোৰ বিধানসভা সমষ্টিবোৰ ভ্ৰমণ কৰি ৰাইজক সাক্ষাৎ কৰি ধন্যবাদ জ্ঞাপন কৰে । প্ৰতিখন ৰাজহুৱা সভাত, লগতে সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত বিজেপি আৰু অসমৰ বিজেপি নেতৃত্বক ক্ষুৰধাৰ সমালোচনা কৰি ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বাৰুকৈয়ে এঘঁড়ী যুঁজাৰ ইংগিত বহন কৰিছে গৌৰৱ গগৈয়ে ।
দিল্লী এৰি ৰাজ্যৰ ৰাজনীতিলৈ অহাৰ ইংগিত গৌৰৱৰ :
“২০২৪ ৰ লোকসভা নিৰ্বাচনৰ মাত্ৰ আৰম্ভণিহে । এয়া আচল খেলৰ কেৱল ছেমি ফাইনেলহে । ২০২৬ ৰ বিধানসভা নির্বাচনত আমি ফাইনেল খেল খেলিম আৰু জিকিম । অহা দুবছৰৰ পিচত ফাইনেল খেল হ'ব, সেই খেলত আমি ভাগ ল'ম ।''- গৌৰৱ গগৈ ।
যোৰহাটত বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জোকাৰি যোৱাকৈ বৃহৎ জয় লাভ কৰাৰ পিচতে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ এই ঘোষণাই অসমত নতুন ৰাজনৈতিক পৰিৱেশৰ ইংগিত বহন কৰিছে । গৌৰৱ গগৈয়ে কয় যে দিল্লীত তেওঁৰ বেছি দিন থাকিবৰ মন নাই ৷ গৌৰৱৰ এই মন্তব্যই এতিয়া অসমত বিশেষ চৰ্চা লাভ কৰিছে ।
গৌৰৱে নেতৃত্ব ল’ব নেকি অসমৰ কংগ্ৰেছৰ ?
২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছক নেতৃত্ব দিব নেকি গৌৰৱ গগৈয়ে ? গৌৰৱ গগৈৰ যোৰহাটৰ বিজয় অসমত কংগ্ৰেছৰ বাবে উত্থান বুলি বিবেচিত হৈছে ৷ স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত ২০ খন জনসভাত অংশগ্ৰহণ কৰি গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ নিৰ্বাচনী যুঁজৰ তত্বাৱধান কৰিছিল । ধন-জন একোতেই প্ৰচেষ্টা বাদ দিয়া নাছিল বিজেপিয়ে ৷
এইবাৰ গৌৰৱ গগৈয়ে বিজেপিক ওফৰাই পেলোৱাৰ পিচত গৌৰৱৰ ভাষ্যই অসমৰ ৰাজনীতিত নতুন ইংগিত বহন কৰিছে । ২০২৬ ৰ বিধানসভা নিৰ্বাচনত অসমত যে গৌৰৱ গগৈ কংগ্ৰেছৰ মুখ্য মুখ হ’ব সেয়া নিশ্চিত । যোৰহাটৰ নৱ-নির্বাচিত সাংসদ তথা যোৱাটো কাৰ্যকালত সংসদৰ বিৰোধীৰ উপ-দলপতি গৌৰৱ গগৈয়ে মাজুলীত এখন জনসভাত অংশগ্রহণ কৰি নিজৰ ভাষণত দিল্লী এৰি দিছপুৰৰ ৰাজনীতিলৈ ঘুৰি অহাৰ মুকলি ইচ্ছা প্ৰকাশ কৰে ৷