ETV Bharat / politics

সাংসদৰূপে শপতগ্ৰহণ অমৃতপাল সিঙৰ - AMRITPAL SINGH

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 5:38 PM IST

MP Amritpal Singh : পানী নসৰকা নিৰাপত্তা বেষ্টনীৰ মাজেৰে গৈ সাংসদ হিচাপে শপতগ্ৰহণ কৰিলে অমৃতপাল সিঙে ৷ শুকুৰবাৰে পুৱা সেনা বাহিনীৰ বিমানযোগে দিল্লীলৈ লৈ যোৱা হয় ডিব্ৰুগড়ত কাৰাবন্দী হৈ থকা অমৃতপালক ৷

MP Amritpal Singh
সাংসদৰূপে শপতগ্ৰহণ অমৃতপাল সিঙৰ (File Photo)

নিউজ ডেস্ক, 5 জুলাই : পঞ্জাৱৰ খাদুৰ চাহিবৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হোৱা খালিস্তান সমৰ্থক অমৃতপাল সিঙে অৱশেষত সাংসদ হিচাপে শপতগ্ৰহণ কৰিলে ৷ অৱশ্যে, তেওঁৰ শপতগ্ৰহণৰ কোনো ফটো-ভিডিঅ’ মুকলি কৰা হোৱা নাই ৷ শপতগ্ৰহণৰ পিচতে অমৃতপালক সিঙক কটকটীয়া নিৰাপত্তাৰ মাজেৰে এক সুৰক্ষিত গৃহলৈ লৈ যোৱা হয় পৰিয়ালক সাক্ষাৎ কৰাৰ বাবে ৷ য’ত সাংসদগৰাকীয়ে পিতৃ আৰু খুড়াকক সাক্ষাৎ কৰে ৷

শপতগ্ৰহণৰ বাবে শুকুৰবাৰে পুৱা ৪ বজাত অমৃতপাল সিঙক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বাহিৰলৈ উলিয়াই অনা হৈছিল ৷ তাৰ পিচতে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে সেনাৰ এয়াৰবেছলৈ লৈ যোৱা হৈছিল ৷ তাৰ পৰা অমৃতপালক এখন সামৰিক বিমানত দিল্লীলৈ লৈ যোৱা হয় ৷ দিল্লী পোৱাৰ পিচত তেওঁক বিমানবন্দৰৰ পৰা সংসদ ভৱনলৈ লৈ যোৱা হয় ৷

উল্লেখ্য যে অমৃতপাল সিঙক 4 দিনৰ বাবে পেৰলত জামিন দিয়া হৈছে ৷ কিন্তু আৰক্ষী-প্ৰশাসনে তেওঁক কেৱল শপতগ্ৰহণৰ বাবেহে কাৰাগাৰৰ পৰা বাহিৰলৈ আনে ৷ পেৰলত থকা 10 টা চৰ্ত অনুসৰি দিল্লীত পৰিয়ালক সাক্ষাতৰ অনুমোদন লাভ কৰে সাংসদগৰাকীয়ে ৷

অমৃতসৰ গ্ৰাম্যৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক দায়িত্ব অৰ্পন :

অমৃতপাল সিঙে প্ৰায় এবছৰ দুমাহ আৰু ১২ দিনৰ পিচত শপতগ্ৰহণৰ বাবে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই আহে ৷ এদিনৰ পিচত তেওঁক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব ৷ অৱশ্যে অমৃতপাল সিঙক দিয়া পেৰল জামিনত 4 দিনৰ কথা উল্লেখ কৰা হৈছে । পেৰলত ১০ টা চৰ্তও আৰোপ কৰা হৈছে ৷ অমৃতপাল সিঙক অনা-নিয়া কৰাৰ লগতে নিৰাপত্তাজনিত দিশসমূহ চোৱাচিতাৰ দায়িত্ব প্ৰদান কৰা হৈছে অমৃতসৰ গ্ৰাম্যৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সতীন্দৰ সিঙক ৷ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অমৃতপাল সিঙক লৈ যোৱাৰ দায়িত্বও সতীন্দৰ সিঙৰ ওপৰত অৰ্পন কৰা হৈছে ৷

খাদুৰ চাহিব সমষ্টিৰ পৰা নিৰ্বাচনত জয়লাভ :

অমৃতসৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰৰ জালুপুৰ খাইৰা গাঁৱৰ বাসিন্দা অমৃতপাল সিং ৱাৰিছ পঞ্জাৱ সংগঠনৰ মুৰব্বী ৷ তেওঁ খাদুৰ চাহিব সমষ্টিৰ পৰা কংগ্ৰেছৰ কুলবীৰ সিং জিৰাক পৰাস্ত কৰি সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হয় ৷ কিন্তু অমৃতপাল সিঙক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কাৰাগাৰৰ পৰা ওলাই আহিবলৈ অনুমতি দিয়া হোৱা নাছিল ৷ তথাপিও তেওঁ 4 লাখতকৈ অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল 2024ৰ সাধাৰণ নিৰ্বাচনত ৷

এন এছ এৰ অধীনত ডিব্ৰুগড় কাৰাগাৰত বন্দী :

ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত 2023 বৰ্ষৰ মাৰ্চ মাহত অমৃতপাল সিং আৰু তেওঁৰ সহযোগীসকলক পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ ইয়াৰ পিচৰে সহযোগীৰ সৈতে অমৃতপাল সিঙক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰি ৰখা হৈছে ৷ ইয়াৰ মাজতে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰে ৷ কিছুদিন পূৰ্বে তেওঁলোকৰ বন্দিত্বৰ কাল আৰু এবছৰলৈ বৃদ্ধি কৰা হয় ৷

লগতে পঢ়ক: সাংসদ হিচাপে শপত গ্ৰহণ কৰিবলৈ দিল্লীলৈ ৰাওনা কাৰাবন্দী অমৃতপাল সিং

লগতে পঢ়ক: 5 জুলাইত শপতগ্ৰহণ : নতুন দিল্লী অভিমুখে ৰাওনা অমৃতপাল সিঙৰ পিতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.