ETV Bharat / politics

কাৰামুক্ত হৈ পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ হেমন্ত ছোৰেনৰ - HEMANT SOREN

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 5:59 PM IST

Jharkhand Chief Minister : মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপতগ্ৰহণ কৰিলে হেমন্ত ছোৰেনে ৷ ২৮ জুনত মুকলি আকাশৰ তললৈ আহিছিল ই ডিয়ে গ্ৰেপ্তাৰ কৰা ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতাগৰাকী ৷

HEMANT SOREN
পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ হেমন্ত ছোৰেনৰ (ANI Screen grab)

নিউজ ডেস্ক, 8 জুলাই : পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে হেমন্ত ছোৰেনে ৷ বৃহস্পতিবাৰে ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতাগৰাকীয়ে ৰাজভৱনৰ বীৰছা মণ্ডপত মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে ৷ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে হেমন্ত ছোৰেনক শপতবাক্য পাঠ কৰোৱায় ৷

জে এম এম নেতা চম্পাই ছোৰেনে ৰাজ্যপালক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ এদিনৰ পিচত হেমন্ত ছোৰেনে তৃতীয়বাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে ৷ বুধবাৰে চম্পাই ছোৰেনে পদত্যাগ কৰাৰ কিছু সময়ৰ পিচতে হেমন্ত ছোৰেনে ৰাজ্যখনত চৰকাৰ গঠনৰ দাবী জনায় ৷ তদুপৰি মিত্ৰজোঁটৰ অংশীদাৰসকলৰ সমৰ্থনপত্ৰও ৰাজ্যপালগৰাকী প্ৰদান কৰে হেমন্ত ছোৰেনে ৷ জে এম এম নেতৃত্বাধীন মিত্ৰজোঁটৰ এটা প্ৰতিনিধি দল হেমন্ত ছোৰেনৰ সৈতে ৰাজভৱনলৈও গৈছিল চৰকাৰ গঠন সন্দৰ্ভত ৷

লগতে পঢ়ক: হেমন্ত ছোৰেনৰ জামিন সন্দৰ্ভত কি ক’লে ড৹ হিমন্ত বিশ্ব শৰ্মাই ?

ৰাজ্যখনৰ মিত্ৰজোঁটৰ নেতাসকলে সৰ্বসন্মতিক্ৰমে হেমন্ত ছোৰেনক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰাৰ পিচতে পুনৰবাৰ মুখ্যমন্ত্ৰী হয় ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতাগৰাকী ৷ হেমন্ত ছোৰেনৰ নেতৃত্বত গঠিত প্ৰতিনিধি দলটোত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰাজেশ ঠাকুৰ, আৰ জে ডি নেতা সত্যানন্দ ভোগতা আৰু বিধায়ক বিনোদ সিঙো থাকে ৷ আনহাতে গেণ্ডেৰ বিধায়ক তথা হেমন্ত ছোৰেনৰ পত্নী কল্পনা ছোৰেনো প্ৰতিনিধি দলৰ অংশ আছিল ।

লগতে পঢ়ক: ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক জামিন প্ৰদান

উল্লেখ্য যে ভূমি কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ৩১ জানুৱাৰীত ই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল হেমন্ত ছোৰেনক ৷ অৱশ্যে ই ডিয়ে গ্ৰেপ্তাৰ কৰাৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল তেওঁ ৷ ইয়াৰ পিচতে জে’লযাত্ৰা কৰিছিল হেমন্ত ছোৰেনে ৷ হেমন্ত ছোৰেন কাৰাবন্দী হোৱাত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পদত অধিস্থিত হৈছিল চম্পাই ছোৰেন ৷ প্ৰায় পাঁচমাহ কাৰাবান্দী হৈ থকাৰ পিচত উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাত ২৮ জুনত মুকলি আকাশৰ তললৈ আহে হেমন্ত ছোৰেন ৷ ইয়াৰ পিচতে 8 জুলাইত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে চম্পাই ছোৰেনে আৰু ৫ জুলাই অৰ্থাৎ আজি পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে হেমন্ত ছোৰেনে ৷

লগতে পঢ়ক: উচ্চ ন্যায়ালয়ৰ আবেদনক প্ৰত্যাহ্বান জনাই শীৰ্ষ আদালতৰ দ্বাৰস্থ হেমন্ত ছোৰেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.