অসম

assam

ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত অন্তৰ্ভুক্ত নতুন মুখ; শপত গ্ৰহণ চাৰিগৰাকী মন্ত্ৰীৰ - ASSAM CABINET RESHUFFLE

শনিবাৰে শপত ল’লে অসম চৰকাৰৰ চাৰিগৰাকী নতুন মন্ত্ৰীয়ে ৷ তেওঁলোক হৈছে প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল, কৌশিক ৰায় ৷

ASSAM CABINET RESHUFFLE
মন্ত্ৰিত্ব পালে চাৰি বিধায়কে (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 5, 2024, 6:46 PM IST

গুৱাহাটী:শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ ৰদ-বদল ঘটিল ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত শপত ল’লে চাৰিগৰাকী নতুন মন্ত্ৰীয়ে ৷ তেওঁলোক হৈছে প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল, কৌশিক ৰায় ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমXত এক পোষ্ট যোগে উল্লেখ কৰিছিল নতুনকৈ মন্ত্ৰিত্ব পাবলগীয়া 4 বিধায়কৰ নাম ৷

অৱশেষত প্ৰশান্ত ফুকনলৈ ভাল খবৰ :

2006 চন অৰ্থাৎ অসমত যেতিয়া বিজেপিৰ চৰকাৰ নাছিল, তেতিয়াৰ পৰাই বিজেপিৰ হৈ যুঁজ দি বৰ্তমানলৈকে ডিব্ৰুগড় সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈ আহিছে প্ৰশান্ত ফুকন ৷ 70 বছৰীয়া ৰাজনীতিকজন দিছপুৰত কংগ্ৰেছৰ চৰকাৰ থকা সময়ত খুবেই সৰৱ আছিল ৷ পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই তেওঁ চাইকেল লৈ বিধানসভালৈ আহিছিল ৷ তাৰোপৰি ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই তেওঁ গৰুগাড়ীত চিলিণ্ডাৰ ওলোমাই ৰাজপথত প্ৰতিবাদ কৰাও দেখা গৈছিল ৷

বিভিন্ন সমস্যাক লৈ অতি সৰব বিধায়কগৰাকী বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পাছত মন্ত্ৰীৰ আসনত বহিব বুলি প্ৰায় সকলোৱে ধাৰণা কৰিছিল ৷ কিন্তু 2016 ৰ পাছত 2021 ত দ্বিতীয়বাৰলৈ বিজেপি শাসনলৈ অহাৰ সময়তো তেওঁ মন্ত্ৰিত্ব পোৱা নাছিল ৷ অৱশেষত মুখ্যমন্ত্ৰীয়ে প্ৰশান্ত ফুকনক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ শনিবাৰে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে জ্যেষ্ঠ বিধায়কজনে ৷

বৰাকৰ পৰা মন্ত্ৰিত্ব লাভ কৃষ্ণেন্দু পাল আৰু কৌশিক ৰায়ৰ:

পূৰ্বতে বৰাক উপত্যকাৰ পৰা বিজেপিৰ কাৰ্যকালত মন্ত্ৰী আছিল ধলাই সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্য ৷ মীন, আৱকাৰী, পৰিবহণ আদিৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব পালন কৰিছিল জ্যেষ্ঠ ৰাজনীতিকগৰাকীয়ে ৷ কিন্তু 2024 ৰ লোকসভা নিৰ্বাচনত তেওঁ শিলচৰ সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হৈ দিল্লীমুখী হয় ৷ গতিকে বৰাক উপত্যকাৰ পৰা এজন হ’লেও বিধায়কে মন্ত্ৰিত্ব লাভ কৰাটো নিশ্চিত আছিল ৷

এই ক্ষেত্ৰত চৰ্চাত আছিল পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ নাম ৷ কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে যি তালিকা প্ৰকাশ কৰিলে, সেই অনুসৰি বৰাকৰ পৰা কৃষ্ণেন্দু পালৰ লগতে লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়কো মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ল ৷

পাথাৰকান্দি সমষ্টিৰ পৰা 2016 আৰু 2021 ত দুবাৰকৈ বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে কৃষ্ণেন্দু পাল ৷ আনহাতে কৌশিক ৰায়ে 2021 চনৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰলৈ লক্ষীপুৰ সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে ৷

সঞ্জয় কিষাণৰ বিদায়, ৰূপেশ গোৱালাৰ আগমন :

বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ৭ ডিচেম্বৰ শনিবাৰে তেওঁৰ মন্ত্ৰী সভাৰ ক্ষুদ্ৰ সম্প্ৰসাৰণ হ’ব । এজন বা দুজনে নতুন মন্ত্ৰিত্ব লাভ কৰিব পাৰে । সেই অনুসৰিয়েই চৰ্চালৈ আহে যে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সঞ্জয় কিষাণৰ ঠাইত বিজেপি বিধায়ক তথা চাহ জনগোষ্ঠীৰ প্ৰতিনিধি ৰূপেশ গোৱালাক দিয়া হ’ব মন্ত্ৰিত্ব ।

মন্ত্ৰীসভাৰ সালসলনিৰ পূৰ্বেই সঞ্জয় কিষাণে পদত্যাগ কৰে মন্ত্ৰিত্বৰ পৰা । দিল্লীলৈ জৰুৰীভাৱে তলব কৰা হয় সঞ্জয় কিষাণক । সেই অনুসৰি শনিবাৰে সঞ্জয় কিষাণৰ ঠাইত ৰূপেশ গোৱালাই মন্ত্ৰিত্ব লাভ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত ৷

লগতে পঢ়ক:মই ঈশ্বৰৰ নামত শপত খাই কওঁ... ! শনিবাৰে ১২ বজাত মন্ত্ৰীসভাৰ ৰদ-বদল

ABOUT THE AUTHOR

...view details