গুৱাহাটী, ৩ ছেপ্তেম্বৰ :ৰাজনীতিৰ চকা সকলোফালেই ঘূৰে ৷ শেহতীয়াভাৱে অসমৰ ৰাজনীতিত যেন বতৰ সলনি হৈছে ৷ তাৰ মাজতে পুনৰ সংবাদ শিৰোনামলৈ আহিছে জ্যেষ্ঠ ৰাজনীতিক ৰিপুণ বৰা । তৃণমূল কংগ্ৰেছৰ অসমৰ ৰাজ্যিক সভাপতিৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে আকৌ এবাৰ চৰ্চালৈ আহিছে ৰাজনীতিকগৰাকী । ই টিভি ভাৰতৰ কেমেৰাৰ সমুখত বহু কথাই ক’লে ৰিপুণ বৰাই...
তৃণমূল কংগ্ৰেছ আচলতে পশ্চিমবংগৰ এটা আঞ্চলিক দলহে !
মমতা বেনাৰ্জীৰ তৃণমূলৰ প্ৰতি মোহভংগ হ’ল কিয় ? ই টিভি ভাৰত অসমৰে হোৱা সাক্ষাৎকাৰত ৰিপুণ বৰাই কয় যে সকলো দিশ চালি-জাৰি চাইহে তেওঁ তৃণমূল কংগ্ৰেছ ত্যাগৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বৰাৰ মন্তব্য, “মোৰ জীৱনজোৰা সঞ্চিত অভিজ্ঞতাৰে তৃণমূল কংগ্ৰেছৰ সাংগঠনিক কামত মই গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিলো ৷ তাৰ পৰা এটাই কথা বুজিলো যে অসমবাসীয়ে তৃণমূল কংগ্ৰেছক আঁকোৱালি নলয় ৷ তৃণমূল কংগ্ৰেছ আচলতে পশ্চিমবংগৰ এটা আঞ্চলিক ৰাজনৈতিক দলহে । পশ্চিমবংগৰ বাবে ঠিকেই আছে । কিন্তু অসমৰ বাবে তৃণমূল কংগ্ৰেছ নহয় ৷”
কংগ্ৰেছত কেতিয়া যোগ দিব ৰিপুণ বৰাই ?
“২০২৬ ত ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপিক ওফৰাই বিৰোধী কংগ্ৰেছৰ চৰকাৰ গঠনৰ বাবে এতিয়া জনতাই প্ৰস্তুতি চলাইছে ৷” এই বিশেষ মন্তব্য ৰিপুণ বৰাৰ ৷ তৃণমূল কংগ্ৰেছ ত্যাগ কৰি নিজৰ ৰাজনৈতিক জীৱনৰ সৰহভাগ সময় পাৰ কৰা কংগ্ৰেছ দললৈ হয়তো অচিৰেই উভতিব ৰিপুণ বৰা ৷ আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিব ৰিপুণ বৰাই ।
তৃণমূল এৰাৰ পিছত এতিয়া তেওঁ বিজেপিত যোগদান কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত বৰাই কয়, “মই আজীৱন বিজেপি বিৰোধী স্থিতিত অটল থাকিম ৷ ক্ষমতা বিচৰা হ’লে, মই যোগদান কৰাহ’লে কেতিয়াবাই কৰিলোহেঁতেন ৷ বিজেপিৰ বিৰুদ্ধে মোৰ স্থিতিত মই এতিয়াও অটল আছো ।”
প্ৰায় ৬ বছৰতকৈ অধিক কাল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে অসমত কংগ্ৰেছক নেতৃত্ব দিয়া ৰিপুণ বৰাই আঢ়ৈ বছৰৰ পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰি যোগদান কৰিছিল তণমূল কংগ্ৰেছত ৷ পুনৰ পূৰ্বৰ কংগ্ৰেছ দলত যোগদান কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত দলটোত যোগদান কৰাৰ ইংগিত প্ৰদান কৰি ক’লে, “মই ঘৰৰ মানুহ ঘৰলৈ যাবলৈ পালে ভাল পাম ৷ কিন্তু তেওঁলোকৰোতো কথা-বতৰা মিলিব লাগিব । মোৰ ইচ্ছাৰ লগত তেওঁলোকৰো ইচ্ছা লাগিব ৷”