অসম

assam

ETV Bharat / politics

ধাৰ কৰি বৰ বেছি দিন চৰকাৰ চলাব নোৱাৰি : অশোক শৰ্মা - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

Former MLA Ashok Sarma : বৰকুৰাৰ দেৱীদত্ত শৰ্মা প্ৰাথমিক বিদ্যালয়ত প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ ভোটদান ৷ প্ৰতিকূল বতৰৰ মাজতে পত্নীৰ সৈতে আহি প্ৰাক্তন বিধায়কগৰাকীয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰে ৷ লগতে বহুকেইটা বিষয়ত মতামত আগবঢ়ায় ৷

Former MLA Ashok Sarma
প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ ভোটদান (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : May 7, 2024, 12:53 PM IST

Updated : May 7, 2024, 2:21 PM IST

প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ ভোটদান (Etv Bharat Assam)

নলবাৰী, 7 মে’ :মঙলবাৰে ৰাজ্যৰ চাৰি সমষ্টিত অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিলে কেইবাগৰাকীও ৰাজনৈতিক নেতাই ৷ নলবাৰীৰ বৰকুৰাত অৱস্থিত দেৱীদত্ত শৰ্মা প্ৰাথমিক বিদ্যালয়ত সপত্নীক ভোটদান কৰে জিলাখনৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ৷

ভোটদান কৰি প্ৰাক্তন বিধায়ক শৰ্মাই কয় যে নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ স্বাৰ্থতে তেওঁ ভোটদান কৰে ৷ শৰ্মাৰ মতে, চৰকাৰ গঠনৰ মূলতে হৈছে নিৰ্বাচন ৷ সুস্থিৰ গণতন্ত্ৰৰ বাবে নিৰ্বাচনৰ দৰকাৰ ৷ গতিকে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এখন সুস্থিৰ চৰকাৰ গঠন কৰিবলৈয়ে তেওঁ ভোটদান কৰা বুলি মন্তব্য কৰে ৷

সাংবাদিকে বিধায়কগৰাকীক তেওঁক এলাগী কৰাৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয় যে ৰাইজে যি দেখে, তাকে প্ৰকাশ কৰিবই ৷ কিন্তু আচলতে তেনে নহয় ৷ নিৰ্বাচনী প্ৰচাৰত বিধায়কগৰাকী ব্যস্ত থকা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

সাংবাদিকে বিধায়কগৰাকীক তেওঁক এলাগী কৰাৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয় যে ৰাইজে যি দেখে, তাকে প্ৰকাশ কৰিবই ৷ কিন্তু আচলতে তেনে নহয় ৷ নিৰ্বাচনী প্ৰচাৰত বিধায়কগৰাকী ব্যস্ত থকা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

আনহাতে, চৰকাৰৰ ভূমিকা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত দেখি শুনি হোৱা অভিজ্ঞতাৰে পৰিপূৰ্ণ প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে, বেছিকৈ ধাৰ লোৱা ব্যক্তিয়ে নিয়াৰিকৈ পৰিয়াল চলাব নোৱাৰে ৷ গতিকে এইক্ষেত্ৰত যুৱপ্ৰজন্ম আৰু সংবাদ মাধ্যমৰ কৰণীয় বহুখিনি আছে ৷

সংবাদ মাধ্যমৰ ওপৰত একপ্ৰকাৰ ক্ষোভ প্ৰকাশ কৰি শৰ্মাই কয় যে, চৰকাৰে ধাৰ লৈহে আছে ৷ পিছে চৰকাৰক প্ৰশ্ন সোধাৰ সাহস কাৰোৱে হোৱা নাই ৷ সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় ৷ তেনেক্ষেত্ৰত সংবাদ মাধ্যমে চৰকাৰে লোৱা ধাৰ সন্দৰ্ভত কোনোধৰণে বিতংভাৱে বিশ্লেষণ আগবঢ়াবলৈ সক্ষম নোহোৱা বুলিও তেওঁ উষ্মাৰে প্ৰকাশ কৰে ৷

লগতে পঢ়ক :অসমৰ কেবাগৰাকীও বিধায়কে সাব্যস্ত কৰিলে ভোটদান - Lok Sabha Election 2024

ধুবুৰীত ২৬,৬০৮২৭ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ১৩ গৰাকী প্রার্থীৰ ভাগ্য - Lok Sabha Election 2024

Last Updated : May 7, 2024, 2:21 PM IST

ABOUT THE AUTHOR

...view details