অসম

assam

ৰাজনীতিৰ পৰা সন্ন্যাস ল'ব পাঁচবাৰৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 9:59 PM IST

Hitendra Nath Goswami : ৰাজনীতিৰ মোহ ত্যাগ কৰিছে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে । ৰাজনীতিৰ পৰা সন্ন্যাস ল'ব অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে । বিহুৰ সময়তে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৰাজনীতি ত্যাগ কৰিব ।

Hitendra Nath Goswami
বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী

গুৱাহাটী, ৬ ফেব্ৰুৱাৰী: ৰাজনীতিত থকা মানুহৰ বাবে ৰাজনীতিৰ মোহ ত্যাগ কৰাটো ইমান সহজ নহয় । বিশেষকৈ জনপ্ৰতিনিধি হৈ থকা অৱস্থাত অৱসৰ লোৱাৰ কথাটো সাধাৰণতে কোনো নেতাই চিন্তা নকৰে । বয়সে নিদিলেও বহু নেতাই সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আহিব নিবিচাৰে ।

কিন্তু এনে প্ৰেক্ষাপটৰ বিপৰীতে শাসকীয় দলৰ এগৰাকী জনপ্ৰতিনিধিয়ে ৰাজনীতিৰ পৰা অৱসৰ ল'ব বিচাৰিছে । তেওঁ হৈছে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী । শীঘ্ৰেই ৰাজনীতিৰ পৰা সন্ন্যাস ল'ব বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে । বিহুৰ সময়তে ৰাজনীতি ত্যাগ কৰিব বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ।

এক কথাত পাঁচবাৰৰ বিধায়কগৰাকীয়ে বৃহৎ ৰাজনৈতিক সিদ্ধান্ত লৈছে । অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ সময়তে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৰাজনৈতিক ক্ষেত্ৰৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে । আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও একাংশ সংবাদ মাধ্যমৰ আগত তেওঁ ব্যক্ত কৰিলে নিজৰ মনৰ ভাৱ ।

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী হিতেন্দ্ৰনাথ গোস্বামীয়ে আগন্তুক সময়ৰ আৰু কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে । ব'হাগ বিহুৰ সময়ত তেওঁ ৰাজনীতিৰ পৰা সন্ন্যাস লোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিব । নতুন প্ৰজন্মলৈ বাট এৰি দিয়াৰ বাবেই এই ৰাজনৈতিক সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিয়ে হিতেন্দ্ৰনাথ গোস্বামীয়ে । ইফালে বিধানসভাৰ অধ্যক্ষ হিচাপে দক্ষতাৰে দায়িত্ব পালন কৰা হিতেন্দ্ৰনাথ গোস্বামীয়ে নিৰ্বাচনকেন্দ্ৰিক ৰাজনীতি এৰিব বিচৰাৰ সময়তে শুভেচ্ছা জ্ঞাপন কৰিছে যোৰহাট সমষ্টিৰ প্ৰধান প্ৰতিদ্বন্দ্বী ৰাণা গোস্বামীক ।

উল্লেখ্য যে ১৯৯১, ১৯৯৬, ২০০১, ২০১৬ আৰু ২০২১ চনতে যোৰহাট সমষ্টিৰ পৰা বিধানসভালৈ পাঁচবাৰকৈ নিৰ্বাচিত হোৱা হিতেন্দ্ৰনাথ গোস্বামীয়ে কংগ্ৰেছৰ নেতা ৰাণা গোস্বামীক ৰাজনৈতিক জীৱনত শুভেচ্ছা জনোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ কাৰণ বাৰম্বাৰ অস্বীকাৰ কৰিলেও কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী বিজেপিলৈ যাব বুলি চৰ্চা অব্যাহত আছে ।

এই চৰ্চাৰ মাজতে হিতেন্দ্ৰনাথ গোস্বামীৰ অৱসৰৰ ঘোষণা আৰু ৰাণা গোস্বামীক শুভেচ্ছা জ্ঞাপন কৰাৰ বিষয়টো বিশেষভাৱে লক্ষ্যণীয় ।

লগতে পঢ়ক:দল বাগৰি বাগৰি এইবাৰ অৱশেষত বিজেপিত ফুলিলগৈ কমল

ABOUT THE AUTHOR

...view details