গুৱাহাটী,১৯ এপ্ৰিল: অসমত ৩ টা পর্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নির্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । ৰাজ্যৰ পাঁচটা সমষ্টি ক্ৰমে কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত অনুষ্ঠিত হৈছে নিৰ্বাচন । আজি পাঁচটা সমষ্টিত অৱতীৰ্ণ হোৱা ৩৫ গৰাকী প্রার্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৮৬,৪৭,৮৬৯ গৰাকী ভোটাৰে । ইয়াৰে ৪২,৮২,৮৮৭ গৰাকী পুৰুষ ভোটাৰ, ৪৩,৬৪,৮৫৯ গৰাকী মহিলা ভোটাৰ আৰু ১২৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । পুৱাৰ পৰাই প্ৰায় প্ৰতিটো ভোটকেন্দ্ৰতে ভোটাৰৰ শাৰী পৰিলক্ষিত হৈছে । ৭ বজাৰৰ লগে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও কেইবাটাও ভোটকেন্দ্ৰত ই ভি এম বিকল হোৱাৰ খবৰো আহিছে । ই ভি এম বিকল হোৱা বাবে বহুকেইটা ভোটকেন্দ্ৰত পলমকৈ আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া ।
পুৱা ৮ বজালৈকে জানিব পৰা মতে ই ভি এম বিকল হৈছে -
- কলিয়াবৰৰ মিছা প্ৰাথমিক বিদ্যালয়ৰ পশ্চিম খণ্ডৰ ১০৭ নং ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল
- নাহৰকটীয়া এটা ভোটকেন্দ্ৰত ই ভি এম বিকল
- বোকাখাত এম ই স্কুলৰ এটা ভোটকেন্দ্ৰত দুবাৰকৈ ই ভি এম বিকল
- নাৰায়ণপুৰৰ মাজগাঁৱৰ এটা ভোটকেন্দ্ৰত ই ভি এম বিকল
- নিজ ডবকা এল পি স্কুলৰ ৪০নং কেন্দ্ৰত ই ভি এম বিকল
- কাজিৰঙাৰ এটা কেন্দ্ৰৰ ই ভি এম বিকল
- বালিজান এম ই স্কুলৰ ১৩২ নং ভোটকেন্দ্ৰৰ ই ভি এম বিকল
- বিহপুৰীয়াৰ কেইবাটাও কেন্দ্ৰত বিকল ই ভি এম
- নাহৰকটীয়াৰ ১০২ নং কেন্দ্ৰত ই ভি এম বিকল
- লামডিঙৰ এটা ভোটকেন্দ্ৰত অসুস্থ প্ৰিজাইডিং বিষয়া