গুৱাহাটী, ১২ এপ্ৰিল:অসমত তিনিটা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । ইতিমধ্যে প্ৰথম দুটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ মনোনয়ন পত্র দাখিল, পৰীক্ষণ আৰু প্ৰত্যাহাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে । সমান্তৰালভাৱে দেশৰ লগতে অসমতো আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া । আজিৰে পৰা অৰ্থাৎ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়া । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিলৰ অন্তিম দিন ১৯ এপ্ৰিল ।
অসমত ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে'ত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন । তৃতীয় পৰ্যায়ত গুৱাহাটী, ধুবুৰী, বৰপেটা আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব । তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া ১৯ এপ্ৰিলত সমাপ্ত হোৱাৰ পাচত ২০ এপ্ৰিলত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ'ব । আনহাতে, মনোনয়ন পত্র প্ৰত্যাহাৰৰ দিন হৈছে ২২ এপ্ৰিল । ইফালে, গুৱাহাটী লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন বাবে কামৰূপ মহানগৰ জিলা আয়ুক্ত তথা সমষ্টিটোৰ নিৰ্বাচন প্ৰাধিকাৰী সুমিত ছাত্তাৱানে আজি এক নিৰ্বাচনী জাননী জাৰি কৰে ।