অসম

assam

ETV Bharat / politics

বিশ্বনাথত নিৰ্বাচনী পৰ্যবেক্ষকৰ বৈঠক - Lok sabha Elections 2024 - LOK SABHA ELECTIONS 2024

Lok sabha Elections 2024 : বিশ্বনাথত উপস্থিত নিৰ্বাচনী পৰ্যবেক্ষক এম আৰ ৰবিকুমাৰ ৷ বিশ্বনাথ নিৰ্বাচন জিলাৰ নিৰ্বাচনী কোষৰ ভাৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীৰ লগত পৰ্যালোচনা বৈঠকত বহিল নিৰ্বাচনী পৰ্যবেক্ষকগৰাকী ৷

election observer meeting with Officers and employees in charge of election cells in biswanath
বিশ্বনাথত নিৰ্বাচনী পৰ্যবেক্ষকৰ বৈঠক

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 7:49 AM IST

বিশ্বনাথ, 29 মাৰ্চ : প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ বৃহস্পতিবাৰে নিৰ্বাচনী পৰ্যবেক্ষক আৰু নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক দুয়োগৰাকী বিশ্বনাথত এক বিশেষ পৰ্যালোচনা সভাত মিলিত হয় । পুৱা 11.30 বজাত জিলা আয়ুক্তৰ সন্মিলন কক্ষত অনুষ্ঠিত হয় এই পৰ্যালোচনা সভা ৷

সভাত উপস্থিত থাকি 11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে ভাৰতৰ নিৰ্বাচন আয়ুক্তই নিৰ্বাচনী পৰ্যবেক্ষক হিচাবে নিয়োগ কৰা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ জ্যেষ্ঠ বিষয়া এম আৰ ৰবিকুমাৰে বিশ্বনাথৰ জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত, বিশ্বনাথ নিৰ্বাচন জিলাৰ গুৰুত্বপূৰ্ণ কোষসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে এক বৈঠকত মিলিত হয় ।

উল্লেখ্য যে, 11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ অধীনত বিশ্বনাথ নিৰ্বাচন জিলাৰ অন্তৰ্গত বিশ্বনাথ আৰু বিহালী (অনুসূচীত জাতি) বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ত অৰ্থাৎ 19 এপ্ৰিলত ভোটগ্ৰহণ সম্পন্ন হ'ব । সেই উদ্দেশ্যে নিৰ্বাচনী পৰ্যবেক্ষকগৰাকীয়ে বৃহস্পতিবাৰে নিৰ্বাচনী জিলাখনৰ আদৰ্শ আচৰণ বিধি (এমচিচি), পাৰ্ছনেল আৰু প্ৰশিক্ষণ কোষ, সংবাদ মাধ্যম প্ৰমাণীকৰণ আৰু নিৰীক্ষণ সমিতি (এমচিএমচি), নিৰ্বাচনী ব্যয় পৰ্যবেক্ষণ কোষ, পৰিবহন কোষ, সংবাদ মাধ্যম আৰু প্ৰচাৰ, পোষ্টেল বেলট আদি গুৰুত্বপূৰ্ণ কোষৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু কৰ্মচাৰীসকলৰ লগত মিলিত হৈ কোষসমূহৰ প্ৰস্ততি আৰু অগ্ৰগতি সম্পৰ্কে বিস্তৃতভাৱে বুজ লয় ।

নিৰ্বাচনী পৰ্যবেক্ষকগৰাকীয়ে নিৰ্বাচনত নিয়োজিত বিষয়া কৰ্মচাৰীসকলক কঢ়িয়াই নিব লগা বাহনসমূহৰ তথ্য, ভোট কেন্দ্ৰসমূহৰ অৱস্থান আৰু সুৰক্ষা আঁচনি, ভোট গ্ৰহণৰ দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ যাৱতীয় প্ৰশিক্ষণ তথা নিৰ্বাচনী জিলাখনত আচৰণ বিধি বলৱৎ সম্পৰ্কেও পৰ্যালোচনা কৰে । এই বিশেষ পৰ্যালোচনা বৈঠকত নিৰ্বাচনী পৰ্যবেক্ষকগৰাকীৰ সৈতে উপস্থিত থাকে নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক তথা ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া পুণীত গুণাৱট ।

নিৰ্বাচনী পৰ্যবেক্ষক এম আৰ ৰবিকুমাৰে পৰ্যালোচনাৰ অন্তত বিশ্বনাথ নিৰ্বাচনী জিলাৰ অন্তৰ্গত বিশ্বনাথ বিধানসভা সমষ্টি আৰু বিহালী বিধানসভা সমষ্টিৰ বাবে প্ৰস্তুত কৰি তোলা দুয়োটা ষ্ট্ৰংৰুম পৰিদৰ্শন কৰাৰ লগতে কেইবাটাও নিৰ্বাচনী কোষ পৰিদৰ্শন কৰে । এই বিশেষ পৰ্যালোচনা বৈঠকত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপৰিও বিশ্বনাথৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, অতিৰিক্ত জিলা আয়ুক্তত্ৰয় ধ্ৰুৱজ্যোতি দাস, ৰাকেশ ডেকা, হৃদয় কুমাৰ দাস, নিৰ্বাচনী বিষয়া প্ৰতীশা দত্ত, চক্ৰ বিষয়াদ্বয় তৃষ্ণা মিপুন, সুজাতা গোস্বামী, সহকাৰী আয়ুক্ত পুষ্পাংকৰ পাতিৰ, বিচিত্ৰা দাস প্ৰমুখ্যে বিষয়া কৰ্মচাৰীসকল আৰু নিৰ্বাচনী কোষৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত আছিল ।

উল্লেখ্য যে, 11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 65 নং ঢেকীয়াজুলি, 66 নং বৰচলা, 67 নং তেজপুৰ, 68 নং ৰঙাপাৰা, 69 নং নদুৱাৰ, 70 নং বিশ্বনাথ, 71 নং বিহালী, 72 নং গহপুৰ আৰু 73 নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ নিৰ্বাচন পৰ্যবেক্ষণৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী পৰ্যবেক্ষক হিচাবে এম ৰবি কুমাৰক নিয়োগ কৰিছে ।

সম্প্ৰতি তেজপুৰ আৱৰ্ত ভৱনৰ 'নামেৰী' কোঠাত থকা নিৰ্বাচনী পৰ্যবেক্ষকগৰাকীক নিৰ্বাচন সম্পৰ্কীয় যিকোনো অভিযোগ দাখিল কৰিব পাৰিব বুলি জানিবলৈ দিয়ে । নিৰ্বাচনী পৰ্যবেক্ষকগৰাকীক যোগাযোগ কৰিবৰ বাবে ম’বাইল ফোন নং 9148374888 অথবা observercelltezpur2024@gmail.com ই-মেইল মুকলি কৰি দিয়া হৈছে ৷

লগতে পঢ়ক:তেজপুৰত বৃহৎ সমদল উলিয়াই আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ মনোনয়ন পত্ৰ দাখিল - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details