অসম

assam

ETV Bharat / politics

শাসকীয় দলৰ তৎপৰতাৰ বিপৰীতে নিস্তেজ বিৰোধী ঐক্য মঞ্চ ! - Assam Congress Political Crisis

Opposition Unity Forum : লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা। কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা ১৬ টা বিৰোধী ৰাজনৈতিক দলৰ বিৰোধী ঐক্য মঞ্চৰ নাই কোনো তৎপৰতা। আসন বুজাবুজিক লৈ সহমতত উপনীত হ'ব পৰা নাই বিৰোধী ঐক্য মঞ্চ। দলীয় বিপৰ্যয়ৰ মাজতে খোৱা-কামোৰাত ব্যস্ত কংগ্ৰেছ। বিৰোধী শিবিৰত অভাৱ ঘটিছে ঐক্যৰ।

Opposition Unity Forum
বিৰোধী ঐক্য মঞ্চৰ নাই কোনো তৎপৰতা

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 9:25 PM IST

গুৱাহাটী, 3 মার্চ : কি হ'ব বিৰোধী ঐক্য মঞ্চৰ ৷ বিজেপিক প্ৰতিহত কৰাৰ একমাত্ৰ স্বাৰ্থত কংগ্ৰেছৰ নেতৃত্বত এ আই ইউ ডি এফক বাদ দি বাকী প্ৰায়বোৰ বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ ব্যাপক তৎপৰতাৰে গঠন কৰিছিল বিৰোধী ঐক্য মঞ্চ ৷ বৰ্তমান বিৰোধী ঐক্য মঞ্চত 16 টা ৰাজনৈতিক দল আছে ৷ এপ্ৰিল মাহত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে যিকোনো মূহুৰ্ততে দিন ঘোষণা কৰিব পাৰে ৷ কিন্তু এনে সময়ত এতিয়াও বিৰোধী ঐক্য মঞ্চই প্ৰাৰ্থী তালিকা ঘোষণা কৰিব পৰা নাই ৷ এক কথাত ক'বলৈ গ'লে এতিয়াও বিৰোধী ঐক্য মঞ্চৰ আসন বুজাবুজিৰ বিষয়টো স্পষ্ট হোৱা নাই ৷

বিৰোধী ঐক্য মঞ্চই 14 টা সমষ্টিতে উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ সহমতত উপনীত হৈছে যদিও স্পষ্ট হোৱা নাই কোন দলে কোনটো সমষ্টিৰ পৰা অৱতীৰ্ণ হ'ব ৷ শাসকীয় দলৰ বিপৰীতে বিৰোধী অধিক তৎপৰ হ'ব লাগিছিল যদিও বৰ্তমান সময়ত বিপৰীত ছবি এখনহে দেখিবলৈ পোৱা গৈছে ৷ বিৰোধীৰ দুৰ্বল স্থিতিৰ বিপৰীতে প্ৰার্থী তালিকা ঘোষণাৰে বিজেপিয়ে লোকসভা নিৰ্বাচনত যুদ্ধংদেহি মনোভাবেৰে জঁপিয়াই পৰিছে ৷ কোনো ধৰণৰ আক্ৰোশ নোহোৱাকৈ অতি সহজভাৱেই বিজেপিয়ে নিজৰ 11 টা সমষ্টিৰ প্ৰাৰ্থী তালিকা শনিবাৰে ঘোষণা কৰে ৷ কিন্তু ইয়াৰ বিপৰীতে এতিয়াও আসনক লৈ অংক মিলাব পৰা নাই কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চই ৷

আজিও আসনৰ ভাগ-বাটোৱাৰাক লৈ ঐক্যমঞ্চৰ অংশীদাৰ দলকেইটা ঐকমত্যত উপনীত হ’ব নোৱৰাটো বিশেষভাৱে লক্ষণীয় হৈ পৰিছে ৷ ইফালে লোকসভা নিৰ্বাচনৰ বাবে সৰ্বতোপ্ৰকাৰে সাজু হৈ উঠিছে শাসকীয় দল বিজেপি ৷ কিন্তু এই সময়তে একপ্ৰকাৰ নিস্ক্ৰীয় ভূমিকা গ্ৰহণ কৰিছে বিৰোধী শিবিৰে ৷ 16 টা বিৰোধী দলে ঐক্যবদ্ধভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰি আহিছে যদিও আজিলৈ আসনৰ ভাগ-বাটোৱাৰা তেওঁলোকে সম্পন্ন কৰিব পৰা নাই ৷ ইয়াৰ বিপৰীতে আম আদমি পাৰ্টিয়ে নিজাববীয়াকৈ তিনিটা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ এই তিনিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত আঁকোৰগোজ স্থিতি গ্ৰহণ কৰিছে দলটোৱে ৷ বিষয়টো চৰ্চিত হৈ অহাৰ সময়তে ঐক্য মঞ্চৰ অংশীদাৰ আন এটা দল চি পি আয়েও অকলেই প্ৰার্থী তালিকা ঘোষণা কৰিবলৈ প্ৰস্তুতি চলাইছে ৷

ইফালে চাৰিটা সমষ্টি ক্ৰমে ধুবুৰী, কোকৰাঝাৰ, লখিমপুৰ আৰু কৰিমগঞ্জত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ একপ্ৰকাৰ আঁকোৰগোজ স্থিতিত আছে অসম তৃণমূল কংগ্ৰেছ ৷ দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই ইতিমধ্যেই দলীয় স্থিতিৰ কথা স্পষ্ট কৰিছে ৷ এনে এক হতাশজনক পৰিস্থিতি বিৰাজ কৰাৰ সময়তে অতি লক্ষণীয়ভাৱে বিৰোধী ঐক্য মঞ্চক নেতৃত্ব প্ৰদান কৰা কংগ্ৰেছৰ নেতা-বিষয়ববীয়াসকলে নিস্ক্ৰীয় ভূমিকা গ্ৰহণ কৰিছে ৷ কংগ্ৰেছ নেতৃত্বই আসন বুজাবুজিৰ বিষয়টো আজিলৈ সমাধানৰ দিশলৈ নিব পৰা নাই ৷ মূলতঃ 'বিগ ব্ৰাদাৰ' কংগ্ৰেছৰ দুৰ্বল স্থিতিৰ বাবেই বিৰোধী ঐক্য মঞ্চত ঐক্যৰ অভাৱ ঘটিছে ৷

ইফালে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আৰু দলীয় নেতাৰ দল ত্যাগত জৰ্জৰিত কংগ্ৰেছৰ বিপৰ্যয়ৰ দিশটো স্পষ্ট ৰূপত ওলাই পৰিছে ৷ যাৰ বাবে কংগ্ৰেছৰ প্ৰতি আস্থা কমি আহিছে বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰ দল সমূহৰ ৷ ইতিমধ্যে মুকলিকৈ এই কথা সদৰী কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ নিজৰ দলটোকে চম্ভালিব নোৱাৰা কংগ্ৰেছ দলে ঐক্য মঞ্চক কিদৰে চম্ভালিব ৷ বৰ্তমান সময়ত এই প্ৰশ্নৰে অৱতাৰনা হৈছে ৷ বিৰোধী ঐক্য মঞ্চৰ এনে দুৰ্বল স্থিতিক লৈ ৰাজ্যৰ ৰাজনীতিত সৰৱ চৰ্চা অব্যাহত আছে ৷ ইফালে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি কংগ্ৰেছক সমালোচনাৰে থকা-সৰকা কৰি আহিছে শাসকীয় দল বিজেপিৰ উপৰি বিৰোধী ঐক্য মঞ্চত চামিল নকৰা এ আই ইউ ডি এফ দলে ৷

লগতে পঢ়ক :বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে নিস্তব্ধ-নিতাল বিৰোধী : মন্ত্রী পীযুষ হাজৰিকা

ABOUT THE AUTHOR

...view details