নতুন দিল্লী : দিল্লী বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰি ২৭ বছৰৰ পাছত দিল্লীত চৰকাৰ গঠন কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে । একে সময়তে একেৰাহে তৃতীয়বাৰৰ বাবে দিল্লী বিধানসভা নিৰ্বাচনত কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ'ল ।
নিৰ্বাচনৰ পূৰ্বে 'আপ'-এ ইতিকিং কৰি ৰমেশ বিধুৰীক ভাৰতীয় জনতা পাৰ্টীৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল । অৱশ্যে বিজেপিয়ে কাক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই । ইফালে কালকাজী আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ৰমেশ বিধুৰী 'আপ'ৰ নেত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীৰ হাতত পৰাস্ত হৈছে ।
দিল্লীৰ নিৰ্বাচনত বিজেপি জয়ী হ’লেও ৰমেশ বিধুৰী এই নিৰ্বাচনত পৰাস্ত হৈছে । এনে পৰিস্থিতিত এতিয়া প্ৰশ্ন হৈছে যে দিল্লীৰ শাসনৰ বাঘজৰীডাল বিজেপিয়ে কাক গতাই দিব । জানিব পৰা মতে, গেৰুৱা দলটোৰ মুখ্যমন্ত্ৰী পদৰ তালিকাত আছে - পৰৱেশ বাৰ্মা, বিজেন্দ্ৰ গুপ্তা, বাঁসুৰী স্বৰাজৰ দৰে নেতাৰ নাম ৷
- পৰৱেশ বাৰ্মা
দিল্লী বিধানসভা নিৰ্বাচনত প্ৰশংসনীয় প্ৰদৰ্শন আগবঢ়াইছিল পৰৱেশ বাৰ্মাই । তেওঁ নতুন দিল্লী সমষ্টিৰ পৰা অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰে ৷ পৰৱেশ বাৰ্মা হৈছে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ অন্যতম প্ৰভাৱশালী ৰাজনৈতিক পৰিয়ালৰ এজন সদস্য । তেওঁৰ পিতৃ চাহিব সিং বাৰ্মা দিল্লীৰ মুখ্যমন্ত্ৰী আছিল । তেওঁৰ খুৰাক আজাদ সিং উত্তৰ দিল্লী পৌৰ নিগমৰ মেয়ৰ আছিল আৰু ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত মুণ্ডকা বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল ।
২০১৩ চনত প্ৰথমবাৰৰ বাবে দিল্লী বিধানসভালৈ নিৰ্বাচিত হৈছিল পৰৱেশ বাৰ্মা । ইয়াৰ পিছতে মেহৰৌলী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেতিয়াৰ দিল্লী বিধানসভাৰ অধ্যক্ষ হিচাপে থকা কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী যোগানন্দ শাস্ত্ৰীক পৰাস্ত কৰিছিল । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত পশ্চিম দিল্লী সমষ্টিৰ পৰা সাংসদ হৈছিল পৰৱেশ বাৰ্মা ।
- বিজেন্দৰ গুপ্তা
দিল্লী বিধানসভাৰ বিৰোধী দলপতি তথা বিজেপি বিধায়ক বিজেন্দৰ গুপ্তাই ৰোহিনী সমষ্টিত আম আদমী পাৰ্টীৰ প্ৰদীপ মিত্তালক পৰাস্ত কৰে । ২০১৫ আৰু ২০২০ ৰ বিধানসভা নিৰ্বাচনতো তেওঁ এই আসনখন দখল কৰিছিল । তেওঁ দিল্লী বিজেপিৰ মুৰব্বী পদত অধিষ্ঠিত হৈছে । তেওঁৰ অভিজ্ঞতা আৰু নমনীয়তাই তেওঁক দলীয় নেতৃত্বৰ বাবে এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব কৰি তুলিছে ।
- বীৰেন্দ্ৰ সচদেৱ