জোনাই, 24 জানুৱাৰী :সমাগত লোকসভা নিৰ্বাচন ৷ ‘24ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়ে উত্তৰ-পূৰ্বাঞ্চলত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰিলে ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ মণিপুৰৰ পৰা আৰম্ভ হোৱা যাত্ৰাই নাগালেণ্ড হৈ 18 জানুৱাৰীত অসমত প্ৰৱেশ কৰিছিল ৷ আজিও অসমতে চলি আছে কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷ যি সময়ত কংগ্ৰেছৰ নেতাসকলে ভাৰত ন্যায় যাত্ৰাই ৰাইজৰ মাজত ব্যাপক সহাঁৰি লাভ কৰিছে বুলি কৈ থকাৰ মাজতে খহনীয়া আৰম্ভ হৈছে কংগ্ৰেছত ৷
ধেমাজি-লখিমপুৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা কৰা দুটা দিন হ’ল ৷ তেনে সময়তে ধেমাজি জিলা কংগ্ৰেছৰ কেইবাজনো নেতাসহ কংগ্ৰেছ কৰ্মীয়ে মঙলবাৰে বিজেপিত যোগদান কৰে ৷ চিলাপথাৰ হোটেল নভা পেলেছত অনুষ্ঠিত যোগদান কাৰ্যসূচীত জোনাই অঞ্চলৰ কংগ্ৰেছ দলৰ ৰোস্তম পেগু, বিপুল পাতিৰ, অশ্বিনী পেগু, ৰাজু দলেৰ লগতে প্ৰায় বিশজনকৈ কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বাবে বিজেপিত যোগদান কৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত আছিল লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামান ৷