গোলাঘাট, 17 মাৰ্চ: ‘‘এইবাৰ কংগ্ৰেছ শূণ্য হ’ব অসমত । প্ৰাৰ্থী দিব নোৱৰা দলে নিৰ্বাচন কেনেকৈ জিকিব? ১৪ খন আসনৰ এখনো নাপায় কংগ্ৰেছে ।’’ এইবাৰ কংগ্ৰেছ দলক কটাক্ষ কৰি কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই ক’লে যে ৰাইজৰ অভিশাপ আছে কংগ্ৰেছ দলৰ ওপৰত ।
তাছাই কয় যে বহু যজ্ঞ পাতিলেও শাপমুক্ত হ’ব নোৱাৰে কংগ্ৰেছ দল । দেওবাৰে গোলাঘাটৰ বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত বিজেপিৰ চাহ জনগোষ্ঠী মৰ্চাৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰে সাংসদ তথা লোকসভা নিৰ্বাচন প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ৷ সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিজেপি দলৰ কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ।
প্ৰাৰ্থীগৰাকীয়ে কয় যে গৌৰৱ গগৈয়ে যদি পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিত কাম কৰিলেহেঁতেন, আজি এই সভাত ইমান চাহ জনগোষ্ঠীৰ লোক উপস্থিত নাথাকিলহেঁতেন । বিৰোধীত থাকিলে বহু কথা ক’ব পাৰি, কিন্তু শাসক পক্ষৰ সাংসদক ইমান কথা কোৱাৰ প্ৰয়োজন নাই ৷ কাণে কাণে ক'লেই হৈ যায় ।