অসম

assam

ETV Bharat / politics

অপমানবোধ ! ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা বিৰত আছে আব্দুৰ ৰছিদ মণ্ডল - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

LS Polls 2024: ধুবুৰীত ৰকিবুল‌‌ হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ নকৰে কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ ৰছিদ মণ্ডলে । ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ ৰছিদ মণ্ডলৰ । কিন্তু কিয় ক্ষোভিত ৰছিদ মণ্ডল ? পঢ়ক সবিশেষ...

LOK SABHA ELECTION 2024
ABDUR RASHID MANDAL

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 8:46 PM IST

গুৱাহাটী, 1 এপ্ৰিল: ধুবুৰীৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল‌‌ হুছেইনৰ এইবাৰ নিৰ্বাচনৰ যাত্ৰা যে কন্টকময় হৈ পৰিছে সেয়া ধুবুৰীৰ কংগ্ৰেছৰ নেতৃত্বৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা সংঘাতে স্পষ্ট কৰি তুলিছে । সোমবাৰে গুৱাহাটীত ৰকিবুল হুছেইনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা দেখা যায় কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলক ।

সংবাদ মাধ্যমৰ আগত তেওঁ ধুবুৰীৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে তেওঁক চৰম অপমান কৰি আহিছে‌ বুলি ক্ষোভ উজাৰে ৷ যাৰ বাবে তেওঁ ধুবুৰীৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰত সহযোগ নকৰে বুলিও এক প্ৰকাৰ বিষোদগাৰ প্ৰকাশ কৰে । নিৰ্বাচনৰ প্ৰাকক্ষণত ধুবুৰীত কংগ্ৰেছ নেতৃত্বৰ মাজত হোৱা সংঘাতে বিশেষ তাৎপৰ্য বহন কৰিছে ।

গুৱাহাটীত ক্ষোভ উজাৰি সাংবাদিকক বিধায়ক মণ্ডলে কয়, "ৰকিবুল হুছেইন নিৰ্বাচনী প্ৰচাৰত মোক নিবিচাৰে । নিৰ্বাচনী প্ৰচাৰৰ কোনো কথা মোক নজনায় । ৰকিবুল হুছেইনে গোৱালপাৰাত মোৰ পদুলিত নিৰ্বাচনী প্ৰচাৰ চলাই আছে । কিন্তু মোক জনোৱা নাই ।‌ মোৰ অঞ্চলত বেনাৰ পোষ্টাৰ লগাইছে । কিন্তু মোৰ তাত নাম নাই,‌ ফটো নাই । এই‌ ক্ষেত্ৰত অপমান কৰিছে । গতিকে মই তেওঁৰ নিৰ্বাচনী প্ৰচাৰ সহযোগ কৰাৰ‌ পৰা বিৰত থাকিব লগা হৈছে ।"

তেওঁ লগতে কয়, "ৰকিবুল‌ হুছেইনে দলৰ মজিয়াত অপমান কৰিছে । এই কথা আগতে দলৰ নেতৃত্বক জনোৱা আছে । ৰকিবুলে দীৰ্ঘম্যাদী পৰিকল্পনাৰ লৈ ধুবুৰীত নিৰ্বাচন খেলিবলৈ আহিছে । যি কথা মই আগৰ পৰা বিৰোধ কৰি আহিছোঁ ।"

উল্লেখ্য যে, কংগ্ৰেছৰ পৰা ধুবুৰীত লোকসভা নিৰ্বাচনৰ বাবে টিকট বিচাৰিছিল বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেকে । কিন্তু খালেকক টিকট বঞ্চিত কৰি ৰকিবুল হুছেইনক টিকট দিয়াৰ পিচতে ক্ষোভিত খালেকে ত্যাগ কৰে কংগ্ৰেছ । কিছুদিন ধৰি কংগ্ৰেছত দেখা গৈছে ব্যাপক খহনীয়া । ৰাণা গোস্বামীকে আদি কৰি বহুসংখ্যক নেতাই কংগ্ৰেছ ত্যাগ কৰি আন দলত যোগ দিছে । যিয়ে দলটোৰ ভিতৰ চ'ৰাত চলি থকা অসূয়া-অশান্তিক স্পষ্ট কৰি তুলিছে ।

লগতে পঢ়ক:বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ মহাভিযোগনামা - Lok sabha Election 2024

ABOUT THE AUTHOR

...view details