মৰিগাঁও, 22 জানুৱাৰী: সোমবাৰেও ব্যতিক্ৰম নহ’ল ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ যোৱা 18 জানুৱাৰীত অসমত প্ৰৱেশৰ সময়ত লাভ কৰা বিভিন্ন বাধাৰ পিচত প্ৰায় প্ৰতিটো দিনেই প্ৰত্যাহ্বান নেওচি অসমত সমদল কৰিবলগীয়া হৈছে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ দেওবাৰে চতিয়া আৰু চামগুৰিত প্ৰতিবাদৰ সন্মুখীন হৈছিল ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা ৷ সোমবাৰে বটদ্ৰবা থান দৰ্শন বাতিল কৰিব লগীয়া হ’ল তেওঁ ৷
অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে বৰদোৱা থানৰ চৌহদতো কাৰ্যসূচী আয়োজনৰ দোহাই দি ৰাহুল গান্ধীক প্ৰৱেশত বাধা দিয়া হয় ৷ কিন্তু সাংসদ গৌৰৱ গগৈয়ে বটদ্ৰবা থানত প্ৰৱেশ কৰি দেখে যে, তাত কোনো ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হোৱা নাই পুৱা দহ বজালৈ ৷ থান পৰিচালনা সমিতিয়ে ৰাহুল গান্ধীক মুখ্যমন্ত্ৰীৰ সুৰত সুৰ মিলাই বিয়লি 3 বজাৰ পিচত বটদ্ৰবা থান দৰ্শন কৰিবলৈ জাননী জাৰি কৰে ৷ এই কাৰ্যত ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব ৷
কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কয় যে, বটদ্ৰৱা থানত ৰাহুল গান্দীক প্ৰৱেশত বাধা দি হিমন্ত বিশ্ব শৰ্মাই কাললৈ কুখ্যাতি ৰাখিলে ৷ ৰাহুল গান্ধীৰ অনুষ্ঠান ব্লেক আউট কৰিবলৈ সংবাদ মাধ্যমৰ স্বত্বাধিকাৰীক ধমক দিব লাগিছিল বুলি উল্লেখ কৰি গগৈয়ে কয় যে, ইতিমধ্যে বহুতো সংবাদ মাধ্যমে ৰাহুল গান্ধীক ব্লেক আউট কৰিছেই ৷