অসম

assam

ETV Bharat / politics

দুখ পাইছে ৰাজু চাহুৱে: মাছে-মাংসই খাই লুৰীণজ্যোতিক টিকটটো দি দিব নালাগিছিল ! - Congress Candidate List Assam

Congress Candidate List Assam: বহুত দুখ পাইছে প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে ৷ লুৰীণজ্যোতি গগৈক ডিব্ৰুগড়ৰ টিকটটো দি দিয়া কাৰ্য ভালপোৱা নাই টিকট প্ৰত্যাশীগৰাকীয়ে ৷ দিল্লীৰ পৰাই কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে হিন্দীত ক্ষোভ উজাৰিলে ৰাজু চাহুৱে ৷

Congress Candidate List Assam
টিকট প্ৰত্যাশী ৰাজু চাহুৰ প্ৰতিক্ৰিয়া

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 4:33 PM IST

টিকট প্ৰত্যাশী ৰাজু চাহুৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক, 12 মাৰ্চ: কংগ্ৰেছৰ পৰা টিকট আশা কৰি আছিল যদিও ৰাজু চাহুৰ সেই আশাত যেন চেঁচাপানী ঢালিলে হাইকমাণ্ডে ৷ সমাগত লোকসভা নিৰ্বাচত ডিব্ৰুগড়ৰ আসনখন লুৰীণজ্যোতি গগৈক এৰি দিয়াটো নিশ্চিত হোৱাৰ পিচতে মনটো সেমেকি গ’ল চাবুৱাৰ প্ৰাক্তন কংগ্ৰেছী বিধায়কগৰাকীৰ ৷

অজাপৰ লুৰীণজ্যোতি গগৈক ডিব্ৰুগড়ৰ আসনখন কংগ্ৰেছে এৰি দিয়াৰ পিচতে দলৰ নেতৃত্বক বেয়া পাবলৈ লৈছে ৰাজু চাহুৱে ৷ টিকট পাম পাম বুলি দিল্লীত বাহৰ পাতি থকা প্ৰাক্তন বিধায়কগৰাকীয়ে কৈছে যে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে হেনো মাছ-মাংস খাই লুৰীণজ্যোতি গগৈক ডিব্ৰুগড়ৰ টিকটটো দি দিলে ৷ টিকটৰ আশাত আজি অৰ্থাৎ মঙলবাৰলৈকে দিল্লীতে থকা ৰাজু চাহুৱে দিল্লীৰ পৰা এটা ভিডিঅ’যোগে হিন্দী ভাষাত ক্ষোভ উজাৰিছে দলৰ নেতৃত্বৰ বিৰুদ্ধে ৷

তেওঁ কয় যে লুৰীণজ্যোতি গগৈক ডিব্ৰুগড়ৰ টিকট দিয়া সিদ্ধান্তটো চৰম দুৰ্ভাগ্যজনক ৷ জীতেন্দ্ৰ সিঙে হেনো প্ৰতিটো সময়তে কৈ থাকে যে টিকটৰ সন্দৰ্ভত ব্লক, জিলা, বুথ পৰ্যায়ৰ নেতা আদিৰ সৈতে আলোচনা কৰিহে সিদ্ধান্ত ল’ব ৷ কিন্তু বিগত দুমাহৰ পৰাই ডিব্ৰুগড়ৰ বাবে লুৰীণজ্যোতি গগৈৰ নামটোৱেই ওলাই আছিল ৷ বিৰোধী ঐক্যমঞ্চৰ এখন সভালৈ মনত পেলাই লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হ’বলৈ মন থকা ৰাজু চাহুৱে ধাৰণা কৰিছে যে সেই সভাখনতে জীতেন্দ্ৰ সিঙে মাছ-মাংস খাই লুৰীণজ্যোতি গগৈক টিকটটো দি দিলে ৷

সেয়া বাৰু যিয়েই নহওক, ৰাজু চাহুৰ এটা কথাতেই বহুত দুখ লাগিছে যে কংগ্ৰেছ নেতৃত্বই এবাৰ অন্ততঃ ব্লক কংগ্ৰেছ কমিটি আদিৰ লোকসকলৰ সৈতে আলোচনাটো কৰিব লাগিছিল ৷ তিনিচুকীয়া, ডিব্ৰুগড় আদিৰ কংগ্ৰেছীয়ে পত্ৰ লিখি নেতৃত্বক জনাইছিল যদিও এবাৰো তেওঁলোকৰ কথা নুশুনিলে বুলি কৈছে ৰাজু চাহুৱে ৷ এতিয়াও কংগ্ৰেছ প্ৰাৰ্থীৰ তালিকাখন প্ৰকাশ হোৱা নাই বুলি উল্লেখ কৰি ৰাজু চাহুৱে আশা কৰিছে যে হাইকমাণ্ডে যাতে বিষয়টো পুনৰ বিবেচনা কৰে ৷

লগতে পঢ়ক:ক’ৰ পৰা নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে ? কংগ্ৰেছৰ তালিকা কেতিয়া ?

ABOUT THE AUTHOR

...view details