গুৱাহাটী, 19 জানুৱাৰী: " অসমক দিল্লীৰ পৰা নহয়, অসমক অসমৰ পৰাই চলোৱা হ’ব ৷" এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাৰে অসমত উপস্থিত হোৱা কংগ্ৰেছ নেতাজনে শুকুৰবাৰে ধেমাজিৰ গোগামুখত এখন জনসভা সম্বোধন কৰি এই মন্তব্য কৰে ৷ নেতাজনে কয় যে, অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজন ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী যিয়ে দেশৰ আন ৰাজ্যৰ বিজেপিৰ মুখ্যমন্ত্ৰীসকলক দুৰ্নীতি শিকাব পাৰিব বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে | জনসভাত ৰাহুল গান্ধীয়ে কয় যে, অসমত আদানীৰ প্ৰয়োজন নাই | কাৰণ মুখ্যমন্ত্ৰীৰ পৰিয়ালেই আদানী হৈ আছে ৷
তেওঁ কয় যে ভাৰত জোড়ো যাত্ৰাৰ পিছত বহুত মানুহে মোক পূৱৰ পৰা পশ্চিমলৈ আন এক যাত্ৰা কৰাৰ আহ্বান জনাইছিল ৷ এই আহ্বানৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰা মহাৰাষ্ট্ৰলৈ যাত্ৰা আৰম্ভ কৰা হৈছে ৷ তেওঁ প্ৰকাশ কৰে যে কংগ্ৰেছ আৰু আৰ এছ এছ- বিজেপিৰ লগত থকা যুজঁখন হ'ল আদৰ্শগত ৷ বিজেপিয়ে দেশখন দিল্লীৰ পৰা চলাব বিচাৰে ৷ দেশত এটা ভাষা আৰু এজন নেতাৰ শাসন প্ৰৱৰ্তন কৰিব বিচাৰে ৷ কংগ্ৰেছ এই আদৰ্শৰ তীব্ৰ বিৰোধী বুলি কয় তেওঁ ৷