গুৱাহাটী ৪ মে: ‘‘কংগ্ৰেছ দলটো এটা প্ৰাইভেট লিমিটেড কোম্পানী ৷ কোম্পানীটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰাহুল গান্ধী ৷ সেই কোম্পনীৰ অসমৰ জ’নেল মেনেজাৰ ভূপেন বৰা ৷ পৰিচালন সঞ্চালকৰ কথা মতেই ভূপেন বৰাই উঠা-বহা কৰে ৷’’- এইদৰে কংগ্ৰেছ দলৰ বিষয়ে সংবাদ মাধ্যমৰ জৰিয়তে ব্যাখ্যা কৰিলে সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই ৷
ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিৰ সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে কোম্পানীৰ মালিক কোন সমষ্টিত উঠে তেওঁৰ কথা ৷ মালিকৰ য’তেই ইচ্ছা ত’তেই উঠিব পাৰে বুলি মন্তব্য ৰাজ্যসভাৰ সাংসদগৰাকীৰ ৷ আনহাতে কংগ্ৰেছ নামৰ কোম্পানীটোত শেহতীয়াকৈ লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈয়ে ঠিকাভিত্তিক চাকৰিত যোগদান কৰা বুলিও সাংসদ মাৰ্ঘেৰিটাই মন্তব্য কৰে ৷
ইফালে শেহতীয়াকৈ গৌৰৱ গগৈয়ে ৰামৰ নাম লোৱাৰ বাবে ভালপোৱা বুলি ক’লে পবিত্ৰ মাৰ্ঘেৰিটাই ৷ কিন্তু নিৰ্বাচনৰ সময়ত ৰামলৈ মনত পৰাত আচৰিত হোৱা বুলি কয় সাংসদগৰাকীয়ে ৷ মাৰ্ঘেৰিটাই কয়, ‘‘ 2007 চনত কংগ্ৰেছেই উচ্চতম ন্যায়ালয়ত কৈছিল শ্ৰীৰামচন্দ্ৰৰ অৱস্থিতিৰ সন্দৰ্ভত কোনো প্ৰামাণিক তথ্য নাই ৷ কংগ্ৰেছে হিন্দু ধৰ্মক ডেংগু, মেলেৰীয়া, কলেৰা, এইডছ আদিৰ লগত তুলনা কৰে ৷’’ টানত পৰি কংগ্ৰেছে ৰামৰ নাম লোৱা বুলি কয় পবিত্ৰ মাৰ্ঘেৰিটাই ৷