নেশ্যনেল ডেস্ক,১০ মাৰ্চ :লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলে ইতিমধ্যে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে । ৮ মাৰ্চত দলটোৱে ঘোষণা কৰা ৩৯ জনীয়া প্ৰাৰ্থীৰ প্ৰথম তালিকাত ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, এআইচিচিৰ সাংগঠনিক সাধাৰণ সম্পাদক কে.চি বেণুগোপালকে ধৰি তাম্ৰধ্বজ চাহু, শশী থাৰুৰ, কে সুৰেশ, আশীষ সাহা, এণ্টো এণ্টনী, জ্যোৎসনা মহন্ত আৰু ডি কে সুৰেশৰ দৰে জ্যেষ্ঠ নেতাসকলে স্থান পাইছে । ইয়াৰ লগে লগে টিকটক লৈ দলটোৰ ভিতৰচ'ৰাত জ্যেষ্ঠ নেতাসকলৰ মাজত তীব্ৰ কৌতূহলে বিৰাজ কৰিছে । একাংশ জ্যেষ্ঠ নেতাই প্ৰাৰ্থিত্ব লাভ কৰাৰ লগে লগে বাকী জ্যেষ্ঠসকলেও টিকটৰ বাবে জোৰ দিয়াৰ আশংকা কৰা হৈছে ।
ইফালে দলেও জ্যেষ্ঠসকলৰ ওপৰত গুৰুত্ব দিছে । কিয়নো কংগ্ৰেছে লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি কৰিবলৈ আগ্ৰহী যিটো ২০১৪ চনত ৫৪৩ ৰ ভিতৰত ৪৪ আৰু ২০১৯ চনত ৫২ আছিল ।
দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ দ্বিতীয়খন বৈঠক অহা ১১ মাৰ্চত অনুষ্ঠিত হ'ব । দলৰ ভিতৰুৱা তথ্য অনুসৰি, চিইচিয়ে সেই দিনটোত দিল্লী, হাৰিয়ানা, মধ্য প্ৰদেশ আৰু অসমৰ আসনৰ কথা ঘোষণা কৰিব বুলি আশা কৰা হৈছে ।
দলৰ ভিতৰুৱা তথ্য অনুসৰি, আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিব পৰা জ্যেষ্ঠসকলৰ ভিতৰত আছে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভুপিন্দৰ হুডা, তেওঁৰ পুত্ৰ আৰু ৰাজ্যসভাৰ সদস্য দীপেন্দৰ হুডা, ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটৰ উপৰিও বিধায়ক হৰিশ চৌধুৰী আৰু শচীন পাইলট । দীপেন্দৰ ৰোহতকৰ পৰা লোকসভাৰ সাংসদ আছিল, হৰিশ আৰু শচীন বাৰমেৰ আৰু আজমেৰৰ লোকসভাৰ সাংসদ আছিল ।
দলটোত গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, মধ্য প্ৰদেশৰ পিচিচি মুৰব্বী জিতু পাটোৱাৰী, ৰাজস্থানৰ পিচিচি প্ৰধান গোবিন্দ দোতাচাৰা, মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ আৰু দিগ্বিজয় সিং, প্ৰাক্তন সাংসদ পিচিচি মুৰব্বী অৰুণ যাদৱৰ উপৰিও হাৰিয়ানাৰ জ্যেষ্ঠ নেতা কুমাৰী চেলজা আৰু ৰাজ্যসভাৰ সদস্য ৰণদীপ সুৰজেৱালাও অন্তৰ্ভুক্ত আছে ।