অসম

assam

ETV Bharat / politics

নাটকৰ যৱনিকা; বিহালীত কংগ্ৰেছে দিলে বিজেপি ত্যাগী নেতা জয়ন্ত বৰাক প্ৰাৰ্থিত্ব

Behali Bypoll : অৱশেষত জল্পনা-কল্পনাৰ অন্ত । বিৰোধী মিত্ৰজোঁটক ভেঙুচালি কৰি বিহালীত কংগ্ৰেছে দিলে প্ৰাৰ্থী । এসপ্তাহ ধৰি চলি থকা নাটকৰ যৱনিকা ।

Behali Bypoll
বিহালীত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

Updated : 46 minutes ago

বিশ্বনাথ/গুৱাহাটী : সকলো বিতৰ্ক উপেক্ষা কৰি অৱশেষত কংগ্ৰেছ দলে বিহালীত দিলে নিজা প্ৰাৰ্থী ৷ সদ্য বিজেপিত্যাগী নেতা জয়ন্ত বৰাক কংগ্ৰেছে দিলে বিহালী উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্ব । কংগ্ৰেছৰ ওচৰত নৰজিল বিজেপি-বিৰোধী ঐক্য 'অসম সন্মিলিত মৰ্চা’ৰ প্ৰস্তাৱ আৰু অসন্তুষ্টি ।

লক্ষ্য আছিল ২০২৬ৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে শক্তিশালী বিৰোধী ঐক্য গঠনৰ । নেতৃত্ব দিছিল কংগ্ৰেছে । যাৰবাবে উপ-নিৰ্বাচনত এটা সমষ্টি কংগ্ৰেছে মিত্ৰদলক এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । বিহালী সমষ্টি বিৰোধী মিত্ৰজোঁট অসম সন্মিলিত মৰ্চাৰ অংশীদাৰ চি পি আই (এম এল) দলক এৰি দিয়াৰ সিদ্ধান্ত হৈছিল ।

বিহালীত কংগ্ৰেছে দিলে বিজেপি ত্যাগী নেতা জয়ন্ত বৰাক প্ৰাৰ্থিত্ব (ETV Bharat Assam)

কিন্তু অন্তিম মুহূৰ্তত লুটিবাগৰ মাৰিলে কংগ্ৰেছে । বিহালী সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানক লৈ সৃষ্টি হোৱা অচলাৱস্থাৰ অৱসান ঘটাই অৱশেষত কংগ্ৰেছেই ঘোষণা কৰে প্ৰাৰ্থী । বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিয়া হৈছে বহুচৰ্চিত বিজেপি নেতাক ।

বিহালীত জয়ন্ত বৰাক প্ৰাৰ্থিত্ব কংগ্ৰেছৰ (ETV Bharat Assam)

বিহালী সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে জয়ন্ত বৰাক । বুধবাৰে নিশা ঘোষণা কৰে সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী নাম । ইয়াৰ লগে লগে অন্ত পৰে বিৰোধী ঐক্যমঞ্চত সমষ্টিটোত প্ৰাৰ্থিত্বক লৈ সৃষ্টি হোৱা জল্পনা-কল্পনাৰ ।

প্ৰাক্তন বিজেপিক আদৰিলে কংগ্ৰেছে

বিজেপিত টিকট নাপাই দল এৰা জয়ন্ত বৰাক বিহালীত টিকট দিলে প্ৰদেশ কংগ্ৰেছে ৷ বিগত ২০২১ৰ নিৰ্বাচনতো বিহালীত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছিল জয়ন্ত বৰাই । বিজেপি এৰি নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰা জয়ন্ত বৰাই ২০২১ত বিধানসভা নিৰ্বাচনত পাইছিল প্ৰায় ২৩,০০০ ভোট ৷ কিন্তু পৰাজয়ৰ পাছতেই তেওঁ পুনৰ উভতি গৈছিল বিজেপিলৈ ।

কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা (ETV Bharat Assam)

এইবাৰ উপ-নিৰ্বাচনত বিহালী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী আছিল জয়ন্ত বৰা । কিন্তু বিজেপিয়ে দিগন্ত ঘাটোৱাৰক বিহালীত প্ৰাৰ্থিত্ব দিয়াৰ ফলত আকৌ বিজেপি ত্যাগ কৰে বৰাই । অৱশেষত বিজেপিৰ পৰা পুনৰ টিকট নাপাই পদত্যাগ কৰি কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিলে জয়ন্ত বৰাই !

উপেক্ষিত হ’ল বিৰোধীৰ অসম সন্মিলিত মৰ্চা

কংগ্ৰেছে বিহালীৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্ব দিয়াৰ পাছত অসমৰ উপ-নিৰ্বাচনত উপেক্ষিত হৈ পৰিল বিজেপি-বিৰোধী অসম সন্মিলিত মৰ্চা ৷ বিহালী আসনখন মৰ্চাৰ মিত্ৰ দলসমূহে চি পি আই (এম এল)ক দিব বিচাৰিছিল ৷ প্ৰাথমিক অৱস্থাত যদিও কংগ্ৰেছে চি পি আই (এম এল)ক আসনখন দিব বিচাৰিছিল, পৰৱৰ্তী সময়ত প্ৰাৰ্থী বিবেক দাসক লৈ অসন্তুষ্টি প্ৰকাশ কৰি নিজাববীয়াকৈ বিহালীত প্ৰাৰ্থী প্ৰক্ষেপৰ সিদ্ধান্ত গ্ৰহণ কৰে । আনকি বিৰোধীৰ সন্মিলিত মৰ্চাৰ পৰা প্ৰাৰ্থিত্ব দিব নোৱাৰি মিত্ৰদলৰ সভাপতি পদৰ পৰা পদত্যাগো কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

উল্লেখ্য যে, সাংসদ গৌৰৱ গগৈয়ে বিচাৰিছিল কংগ্ৰেছে বিহালীত দিয়ক নিজাববীয়া প্ৰাৰ্থী । আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিহালীত বিচাৰিছিল ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে গঠন কৰা সন্মিলিত মৰ্চাৰ পৰা এজন প্ৰাৰ্থী দিয়াটো ।

সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

অৱশেষত গৌৰৱ গগৈয়ে বিচৰা ধৰণেই হ’লগৈ বিহালীৰ প্ৰাৰ্থী ৷ কংগ্ৰেছে বিহালীত প্ৰাৰ্থিত্ব দিলে সদ্য বিজেপিত্যাগী নেতা জয়ন্ত বৰাক । প্ৰাৰ্থিত্ব দিয়াৰ পিচত বিৰোধীৰ সন্মালিত মৰ্চাই কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া মন কৰিবলগীয়া হ’ব ।

লগতে পঢ়ক :বিহালীক লৈ ভংগ হোৱাৰ দিশে কংগ্ৰেছ নেতৃত্বাধীন 'অসম'; সভাপতিৰ পদ ত্যাগ ভূপেন বৰাৰ

লগতে পঢ়ক :অসমৰ স্বাৰ্থত আমাক কৰা অপমান সহ্য কৰিছোঁ : লুৰীণজ্যোতি গগৈ

Last Updated : 46 minutes ago

ABOUT THE AUTHOR

...view details