কংগ্ৰেছৰ প্ৰচাৰ সভা (ETV BHARAT ASSAM) নলবাৰী, ৩ মে’ :অসমত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰত নামিছে শাসক-বিৰোধী উভয়ৰে ৰথী-মহাৰথীসকল । বিশেষকৈ বৰপেটা লোকসভা সমষ্টিটো দখলৰ বাবে এতিয়া বিজেপিৰ লগতে কংগ্ৰেছ আৰু চি পি আই (এম)ৰ প্ৰচাৰে তীব্ৰ গতি লাভ কৰিছে । বৃহস্পতিবাৰে নলবাৰীত কংগ্ৰেছে ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ উলিয়ালে বৃহৎ বাইক ৰেলী ।
বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ সমৰ্থনত বৃহস্পতিবাৰে সাংসদ তথা যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে মন্দিৰত চাকি-বন্তি জ্বলাই আয়তীৰ লগতে জুৰিলে নাম ।
ইফালে উক্ত দিনাই নলবাৰীত দিনজোৰাকৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী দীপ বায়নৰ হৈ সাংসদ গৌৰৱ গগৈয়ে । জিলাখনৰ বিলপাৰৰ খাটিকুছিত নেতাগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ সভা এখনতো অংশগ্ৰহণ কৰে । তাৰ পাচতে নলবাৰী চহৰতো ৰেলী উলিয়াই ।
বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে টিহু সমষ্টিৰ কৈঠালকুছিত নিৰ্বাচনী সভাত অংশ লয় সাংসদ গৌৰৱ গগৈয়ে । বৰক্ষেত্ৰী বিধানসভা সমষ্টিতো গৌৰৱ গগৈৰ লগতে টিহু সমষ্টিত প্ৰদ্যুৎ বৰদলৈয়ে দীপ বায়নৰ হৈ প্ৰচাৰ চলায় ।
আনহাতে, টিহু সমষ্টিৰ পিছতে বৰক্ষেত্ৰী সমষ্টিতো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় । নিৰ্বাচনী প্ৰচাৰৰ মাজতে শাসকীয় দলক কটাক্ষ কৰে । এই প্ৰচাৰ সভাত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়েও অংশগ্ৰহণ কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে । নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়েদেশৰ আন ঠাইৰ লগতে অসমতো বিৰোধী ঐক্যমঞ্চ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব বুলি মন্তব্য় কৰে ।
তেওঁ লগতে বিজেপি নেতাক আক্ৰমৰণৰ লক্ষ্য় কৰি কয়, "বিজেপি নেতা বহুবল্কী অসংলগ্ন কথাৰ বাবে কুখ্যাত ।"
লগতে পঢ়ক:নিৰ্বাচনী প্ৰচাৰত ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত ভূপেন বৰা - Lok Sabha Election 2024