অসম

assam

By ETV Bharat Assamese Team

Published : May 7, 2024, 10:06 PM IST

ETV Bharat / politics

যথেষ্ট অভাৱ-অনাটনৰ মাজেৰে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ : জয়ৰাম ইংলেং - Lok Sabha Election 2024

Joyram Engleng : ধন-বিতৰ অভাৱ যথেষ্ট আছিল ৷ অনেক অভাৱ অনাটনৰ মাজেৰে প্ৰতিদ্বন্দ্বিতা কিৰিছিলোঁ ৷ কংগ্ৰেছ দললৈ আগবঢ়োৱা সঁহাৰিৰ বাবে ৰাইজক ধন্যবাদ ৷ এই মন্তব্য জয়ৰাম ইংলেঙৰ ৷

Joyram Engleng
ডিফু লোকসভা সমষ্টিৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙৰ সংবাদেমেল (ETV Bharat Assam)

ডিফু লোকসভা সমষ্টিৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙৰ সংবাদেমেল (ETV Bharat Assam)

ডিফু, ৭ মে’ : ৬ নং ডিফু লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা জয়ৰাম ইংলেঙে আজি ডিফুস্থিত নিজা বাসভবনত এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলযোগে ভোট প্ৰদান কৰাৰ বাবে তিনিখন পাৰ্বত্য জিলাবাসীক ধন্যবাদ জ্ঞাপন কৰে ইংলেঙে ।

প্ৰাৰ্থীগৰাকীয়ে কয়, ‘‘নিৰ্বাচনত আমি অনেক অভাৱ অনাটনৰ মাজেৰে প্ৰতিদ্বন্দ্বিতা কৰিব লগাত পৰিছিলো । টকা-পইচা বুলিবলৈ আমাৰ বিশেষ নাছিল, বিশেষকৈ আমাৰ ধন-বিতৰ অভাৱ যথেষ্ট আছিল । যিয়েই নহওক জনতাই কংগ্ৰেছ দললৈ আগবঢ়োৱা সঁহাৰি আৰু মৰম-চেনেহৰ বাবে তিনিওখন পাৰ্বত্য জিলাবাসীক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷’’

ইণ্ডি এলায়েন্সৰ সহযোগী চি পি আই এম এল দলৰ হিলচ পাৰ্টি কমিটিৰ শীর্ষ নেতা ৰবি কুমাৰ ফাংচ’ উপস্থিত থকা সংবাদমেলত ইংলেঙে ইণ্ডি এলায়েন্সে এইবাৰ কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰে ৷ ইণ্ডি এলায়েন্সৰ চৰকাৰ গঠন হ'লে দেশবাসীৰ লগতে পাৰ্বত্য জিলাবাসীক প্ৰদান কৰা নিৰ্বাচনী গ্যেৰাণ্টিসমূহ পূৰণ কৰা হ'ব বুলি মন্তব্য কৰে জয়ৰাম ইংলেঙে ।

পাৰ্বত্য জিলাবাসীৰ দীর্ঘদিনীয়া দাবী এখন স্বায়ত্তশাসিত ৰাজ্য দাবী বিষয়টোৰো সমাধা হ'ব বুলি ইংলেঙে আশা প্ৰকাশ কৰে । কাৰ্বি আংলং জিলাৰ আন্তঃজিলা সীমা বিবাদ আৰু আন্তঃৰাজ্যিক সীমা বিবাদো ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ গঠন হ'লে মীমাংসা হ'ব বুলি সংবাদমেলযোগে দাবী কৰে ইংলেঙে ।

বিজেপি দলৰ প্ৰার্থী অমৰছিং তিছ’ আৰু নির্দলীয় জে আই কাথাৰে ক্ৰমে ৩ লাখ আৰু ৫ লাখ ভোটত বিজয়ী হ’ব বুলি কৰা দাবী সন্দৰ্ভত তেওঁ কয়, ‘‘এইবাৰ নিৰ্বাচনত সমষ্টিটোত ৬ লাখ ৮০ হাজাৰ ভোটদান হৈছে । যদি তেওঁলোকে দুয়োটা দলে মিলি সকলো ভোট পাম বুলি ভাবিছে তেন্তে সেইটো তেওঁলোকৰ নিজা দাবী ৷ কংগ্ৰেছ দলে কিমান ভোট পাব সেইটো দাবী নকৰে যদিও এইবাৰ নিৰ্বাচনত আমি বিজয়ী হোৱাটো নিশ্চিত ৷’’

আনহাতে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে সৰু সৰু ঠিকাদাৰসমূহ শেষ কৰি পেলালে বুলি কটাক্ষ কৰি এতিয়া বজাৰত সামগ্ৰী আছে, কিন্তু ক্ৰয় কৰিবলৈ জনতাৰ হাতত ধনৰ অভাৱ বুলি ইংলেঙে সমালোচনা কৰে । ইপিনে, নির্দলীয় জে আই কাথাৰ বিজয়ী হ’লে ইণ্ডিয়া এলায়েন্সত থাকিব বুলি দাবী কৰা সন্দৰ্ভত ইংলেঙে কয়, ‘‘তেওঁলোকৰ দলটো আমাৰ সৈতে কোনোধৰণৰ গোটবন্ধনত নাই বুলি উল্লেখ কৰি এ জে পিৰ সৈতেহে দলটোৰ মিত্ৰতা আছিল আৰু সেইসূত্ৰে তেওঁলোকে আমাৰ দুই-এখন মিটিঙত উপস্থিত আছিল যদিও এনেধৰণৰ কোনো সম্ভাৱনা নাই ।’’

লগতে পঢ়ক:পদুমৰ চিনত ভোট দিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

...view details