নলবাৰী, ২৯ ছেপ্টেম্বৰ : ‘‘ৰাইজে পালে ভাল, নাপালে গালি ৷’’- নলবাৰীত এই মন্তব্য সাংসদ ফণীভূষণ চৌধুৰীৰ ৷
সাংসদগৰাকীয়ে কয়, ‘‘মই জন্ম হোৱাৰ পিছতে মাতৃ-পিতৃ ঢুকাইছিল ৷ যদি ভগৱান আছেই, কিয় মোক তেনেকুৱা কৰিছিল ?’’ দেওবাৰে নলবাৰীত অতীত খুচৰি এই আবেগিক মন্তব্য কৰিলে ফণীভূষণ চৌধুৰীয়ে ৷ সাংসদ চৌধুৰীয়ে কয় যে পিতৃ-মাতৃ ঢুকোৱাৰ পিছৰে পৰা ভগৱানৰ প্ৰতি তেওঁৰ আস্থা কমি আহিল ।
ইফালে নলবাৰীত অসম গণ পৰিষদৰ কৰ্মী সভাত কৰ্মীৰ আগত দলটোৰ গুনানুকীৰ্তন কৰি সাংসদগৰাকীয়ে এতিয়াৰে পৰা নিজ নিজ দায়িত্ব পালনৰ আহ্বান জনায় ৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনক এক পৰীক্ষা হিচাপে লৈ পৰীক্ষাৰ আগদিনা পঢ়ি পৰীক্ষা দিম বুলি ভবা মনোভাৱ পৰিহাৰ কৰিবলৈ আহ্বান জনায় সাংসদগৰাকীয়ে ৷ তদুপৰি নলবাৰী বিধনসভা সমষ্টিত অগপ দলটো পূৰ্বতকৈ অধিক ঠন ধৰি উঠা বুলি মন্তব্য কৰি ডিচেম্বৰত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়াৰে পৰা কাম কৰিবলৈ আহ্বান জনায় ফণীভূষন চৌধুৰীয়ে ৷
ইপিনে কংগ্ৰেছ নেতা প্ৰীয়াংক খাৰ্গেই অসমত ছেমি কণ্ডাক্টৰ স্থাপনৰ বিৰোধিতা কৰাক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বৰপেটাৰ সাংসদগৰাকীয়ে ৷ তেওঁ কয়, ‘‘কংগ্ৰেছ যিহেতু বিৰোধীত আছে, সেয়ে ভাল কাম কৰিলে বেয়াটো দেখে, বেয়া কাম কৰিলে ভাল দেখে ৷ কংগ্ৰেছে অসমৰ উন্নতি হোৱাটো নিবিচাৰে ৷’’
উল্লেখযোগ্য যে দেওবাৰে নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰত অনুষ্ঠিত হোৱা অগপৰ কৰ্মীসভাত অংশ লয় জ্যেষ্ঠ অগপ নেতাগৰাকীয়ে । দলটোৰ ঘগ্ৰাপাৰ আঞ্চলিক আৰু দতৰা আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই কৰ্মীসভা ৷ উক্ত কৰ্মীসভাত উপস্থিত থাকে দলটোৰ শতাধিক নেতা-কৰ্মী ৷
লগতে পঢ়ক : মল্লিকাৰ্জুন খাৰ্গে আৰু তেওঁৰ পুত্ৰ দুয়োগৰাকী অসমবিৰোধী : পীযুষ হাজৰীকা