ETV Bharat / politics

মল্লিকাৰ্জুন খাৰ্গে আৰু তেওঁৰ পুত্ৰ দুয়োগৰাকী অসমবিৰোধী : পীযুষ হাজৰীকা - Priyank Kharge Controversy

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Priyank Kharge on Assam semiconductor project : অসমত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে পৰিৱেশ নাই বুলি কৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে প্ৰিয়াংক খাৰ্গে ৷ মন্ত্ৰী পীযুষ হাজৰীকাই কৈছে যে অসমৰ বাবে এয়া চূড়ান্ত অপমানজনক মন্তব্য ৷ পিতৃ মল্লিকাৰ্জুন খাৰ্গেয়ো পূৰ্বে ভূপেন হাজৰিকাৰ ভাৰতৰত্নৰ বিৰোধিতা কৰাৰ কথা উল্লেখ কৰিলে পীযুষ হাজৰীকাই ৷

Priyank Kharge on Assam semiconductor project
প্ৰিয়াংক খাৰ্গেৰ মন্তব্যৰ চোকা সমালোচনা পীযুষ হাজৰীকাৰ (ETV Bharat)

ওদালগুৰি, ২৯ ছেপ্টেম্বৰ : ৰৌতাত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকা ৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰীয়ম খাৰ্গেক তীব্ৰ সমালোচনা মন্ত্ৰীগৰাকীৰ ৷ অসমৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প সন্দর্ভত মল্লিকাৰ্জুন খাৰ্গেৰ পুক্ৰ প্ৰীয়ম খাৰ্গেই কৰা মন্তব্যক অসমবিৰোধী আখ্যা পীযুষ হাজৰীকাৰ ৷

মন্ত্ৰী হাজৰীকাই কয়, ‘‘কংগ্ৰেছী পিতা-পুত্ৰ পূৰ্বৰে পৰাই অসমবিৰোধী ৷ বাৰম্বাৰ কংগ্ৰেছে অসমক অপমান কৰাটো নতুন কথা নহয় ৷ ড৹ ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদান কৰাৰ সময়তো বিপৰীত মেৰুত অৱস্থান কৰিছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৷ এগৰাকী মন্ত্ৰী হৈ প্ৰীয়ম খাৰ্গেই আন ৰাজ্যৰ প্ৰতি কৰা এনে অপমানজনক কার্য দুর্ভাগ্যজনক ৷’’

প্ৰিয়াংক খাৰ্গেৰ মন্তব্যৰ চোকা সমালোচনা পীযুষ হাজৰীকাৰ (ETV Bharat Assam)

ইফালে, ছেমি কণ্ডাক্টৰ প্ৰজেক্ট সন্দর্ভত প্ৰীয়ম খাৰ্গেই কৰা মন্তব্যৰ তথ্য-প্ৰমাণ সাংসদ গৌৰৱ গগৈয়ে বিচৰাক লৈ ক্ষোভ প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ কৰ্ণাটকৰ এজন দায়িত্বশীল মন্ত্ৰী হৈ প্ৰীয়ম খাৰ্গেই নিজৰ X হেণ্ডেলৰ পৰা কৰা মন্তব্যৰ গৌৰৱ গগৈয়ে তথ্য প্ৰমাণ বিচৰা কথাত ক্ষোভ প্ৰকাশ মন্ত্ৰী হাজৰীকাৰ ৷

পীযুষ হাজৰীকাই কয়, ‘‘এইটো ভয়ংকৰ অপমান হৈছে ৷ ‘অসমত ইক’ছিষ্টেম নাই’, অসমৰ ল’ৰা-ছোৱালী স্কীলড নহয়’, কৰ্ণাটকতে অকল ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ’ব লাগে, অসমত হ’ব নালাগে, এই কথা অসমবাসীৰ বাবে অত্যন্ত অপমানজনক ৷ মল্লিকাৰ্জুন খাৰ্গেই প্ৰশ্ন কৰিছিল ভূপেন হাজৰিকাই কিয় ভাৰতৰত্ন পাব লাগে বুলি ৷ পিতৃ-পুত্ৰ দুয়োগৰাকীয়েই অসমবিৰোধী ৷’’

মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘গৌৰৱ গগৈয়ে ক’লে যে ভিডিঅ’টো ক’ত আছে ? গৌৰৱ গগৈ আপুনি পঢ়া-শুনা কৰা ব্যক্তি ৷ আপুনি যথেষ্ট বিজ্ঞ বুলি সকলোৱে জানে ৷ এক্সৰ এটা ভেৰিভাইড একাউণ্টৰ পৰা প্ৰীয়ম খাৰ্গেই কথাখিনি কৈছিল ৷ তাত ভিডিঅ’ প্ৰমাণ লাগে নেকি ? প্ৰীয়ম খাৰ্গেই কোৱা নাই যে ‘মোৰ ভুল হ’ল’ অথবা ‘একাউণ্টটো কোনোবাই হেক কৰিলে’ বুলি ৷ তেনেকুৱা হোৱা নাই ৷’’

লগতে পঢ়ক : ছেমি কণ্ডাক্টৰ প্ৰকল্প সন্দৰ্ভত অপপ্ৰচাৰ চলাইছে বিজেপিয়ে; গৌৰৱ গগৈ

প্ৰদেশ কংগ্ৰেছৰ সদৰত বিজেপিৰ ব্যাপক প্ৰতিবাদ : ৰাহুল গান্ধী-প্রিয়াংক খার্গেৰ পুত্তলিকা দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.