অসম

assam

ETV Bharat / politics

খাৰিজ নহয় চৰকাৰক সমৰ্থন কৰা দুই কংগ্ৰেছী বিধায়কৰ পদ, ক’লে মুখ্যমন্ত্ৰীয়ে - Himanta Biswa Sarma

Himanta Biswa Sarma: চৰকাৰক সমৰ্থন কৰা কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসৰ পদ খাৰিজ নহয় ৷ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰক সমৰ্থন কৰিলেই বিধায়কৰ পদ খাৰিজ নহয় ৷

Himanta Biswa Sarma
নগাঁৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 4:47 PM IST

নগাঁৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

নগাঁও, 25 ফেব্ৰুৱাৰী: অসম কংগ্ৰেছত অব্যাহত থকা খহনীয়াক আন এক ৰূপ দি যোৱা 14 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শৰণাপন্ন হৈছিল কংগ্ৰেছৰ দুই বিধায়ক ৷ বিৰোধী দলৰ বিধায়ক হৈয়ো চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হোৱা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাস কাষ চাপিল মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ৷ বিধায়ক বসন্ত বসন্ত দাসে মুখ্যমন্ত্ৰীৰ ভৰি চুই আশিস বিচৰাও পৰিলক্ষিত হৈছিল ৷ তদুপৰি কংগ্ৰেছী বিধায় দুগৰাকীয়ে শাসকীয় বিজেপিক সমৰ্থন জনাই যাব বুলিও কৰিছিল মন্তব্য ৷

ইয়াৰ পিচতে বিষয়টোক লৈ সষ্টম হৈ পৰিল প্ৰদেশ কংগ্ৰেছ ৷ বিধায়ক দুগৰাকীৰ পদ খাৰিজ কৰাৰ বাবেও আনুষ্ঠানিকভাৱে বিধানসভাৰ অধ্যক্ষক আবেদন জনালে কংগ্ৰেছ বিধায়িনী দলে ৷ সংবিধানৰ দশম অনুসূচীৰ ১৯১ ধাৰাৰ অধীনত দলবিৰোধী কাৰ্যকলাপৰ অভিযোগত দুয়োজন বিধায়কৰ পদ খাৰিজৰ বাবে তথ্য-প্ৰমাণসহ বিধানসভাৰ অধ্যক্ষক জনায় লিখিত আবেদন ৷

বিধায়ক দুগৰাকীৰ পদ খাৰিজ সন্দৰ্ভত দেওবাৰে নগাঁৱত মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বিধায়ক পদ খাৰিজৰ ক্ষেত্ৰত কিছু কৌশলপূৰ্ণ নিয়ম আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে চৰকাৰক সমৰ্থন কৰিলেই বিধায়ক পদ খাৰিজ নহয় ।

সদনৰ মজিয়াত নিজ দল তথা কংগ্ৰেছক সমালোচনা কৰিলেও বিধায়ক পদ খাৰিজ নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ দলে কাৰোবাক ভোট দিবলৈ দিয়া নিৰ্দেশ অমান্য কৰিলেহে বিধায়ক পদ খাৰিজ হয় । এনে ক্ষেত্ৰত চৰকাৰক সমৰ্থন কৰা দুই বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসৰ বিধায়ক পদ খাৰিজ হোৱাৰ কোনো সম্ভাৱনা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক:দুই বিধায়কৰ পদ খাৰিজৰ বাবে বিধানসভাৰ অধ্যক্ষক আবেদন কংগ্ৰেছ বিধায়িনী দলৰ

ABOUT THE AUTHOR

...view details