গুৱাহাটী:পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি আৰু বিজেপিৰ মিত্রজোঁটে জয় সাব্যস্ত কৰাৰ পাছতে সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
পাঁচটা সমষ্টিৰ চামগুৰি, বিহালী আৰু ধলাইত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাৰ লগতে চিদলীত মিত্রদল ইউ পি পি এল আৰু বঙাইগাঁৱত অগপৰ প্ৰাৰ্থী জয়ী হৈছে । এই জয়ৰ পাছত মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যম যোগে অসমবাসীক প্ৰণাম আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।
মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে,"নতশিৰে প্ৰণাম আৰু আন্তৰিক ধন্যবাদ অসম । অসম বিধান সভাৰ উপ-নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ৫ খনৰ ভিতৰত ৫ খনতে বিজয় সাব্যস্ত কৰা কথাটিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুশাসন আৰু উন্নয়নৰ নীতিৰ বাস্তৱিক আৰু সাৰ্থক ৰূপটোকে প্ৰতিফলিত কৰিছে । বিশেষকৈ প্ৰায় ৬৫ শতাংশ সংখ্যালঘু ভোটাৰ থকা চামগুৰি সমষ্টিৰ ফলাফলৰ সন্দৰ্ভত আলোকপাত কৰি ক'ব বিচাৰিছোঁ, যিখন আসন ২৫ বছৰ ধৰি কংগ্ৰেছে দখল কৰি আছিল সেই কংগ্ৰেছৰাজৰ অৱসান ঘটাই আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে আজি জয়লাভ কৰিলে ।"