অসম

assam

ETV Bharat / politics

পৱন সিং ঘাটোৱাৰৰ দৰে শক্তিশালী নেতা এজনক কংগ্ৰেছে অপমান কৰিলে : মুখ্যমন্ত্ৰী - CM Himanta Biswa Sarma - CM HIMANTA BISWA SARMA

Assam Politics : পৱন সিং ঘাটোৱাৰৰ দৰে এজন শক্তিশালী নেতাক টিকট নিদি কংগ্ৰেছ দলে লুৰীণজ্যোতি গগৈক কিয় টিকট দিলে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ ৷ কংগ্ৰেছে ডিব্ৰুগড় আসনত পৱন সিং ঘাটোৱাৰক টিকট নিদি অসমৰ চাহ শ্ৰমিকসকলক যে তেওঁলোকে গুৰুত্ব নিদিয়ে সেই বাৰ্তাটো পঠালে বুলি মন্তব্য তেওঁৰ ৷

CM IN SIVASAGAR
শিৱসাগৰত মুখ্যমন্ত্ৰী (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 4:32 PM IST

শিৱসাগৰ, 15 জুন :জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰক লৈ দুখ প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ ডিব্ৰুগড় লোকসভা সমষ্টিত ঘাটোৱাৰক দলে টিকটৰ পৰা বঞ্চিত কৰাক লৈ কংগ্ৰেছক কটাক্ষ কৰি 'দুখ প্ৰকাশ' কৰে মুখ্যমন্ত্ৰীজনে ৷ শনিবাৰে শিৱসাগৰত নতুন ন্যায়িক ভৱন উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়- "পৱন সিং ঘাটোৱাৰলৈ মোৰ দুখ লাগিছে ৷ পৱন সিং ঘাটোৱাৰৰ দৰে এজন শক্তিশালী নেতাক টিকট নিদি কংগ্ৰেছ দলে লুৰীণজ্যোতি গগৈক কিয় টিকট দিলে ? কামাখ্যা তাছা সাংসদ হ’ব পাৰিলে, কিন্তু পৱন সিং ঘাটোৱাৰ সাংসদো হ’ব নোৱাৰিলে ৷"

কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (ETV BHARAT ASSAM)

তেওঁ লগতে পৱন সিং ঘাটোৱাৰৰ দৰে চাহ শ্ৰমিকৰ এজন শক্তিশালী নেতাক কংগ্ৰেছ দলে কিয় অপমান কৰিলে সেই বিষয়ে কংগ্ৰেছ দলৰ নেতাসকলক লগ পালে সাংবাদিকসকলক সুধিবলৈ অনুৰোধ জনায় ৷ তেওঁ কয় যে, কামাখ্যা তাছা বিজেপিৰ সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় সম্পাদক ৷ এই বিষয়ে হয়তো কংগ্ৰেছ দল অৱগত নহয় ৷ কামাখ্যা তাছাৰ তুলনাত পৱন সিং ঘাটোৱাৰৰ বয়স, অভিজ্ঞতাত বহুত পুৰণা ৷ গতিকে কংগ্ৰেছে ডিব্ৰুগড় আসনত পৱন সিং ঘাটোৱাৰক টিকট নিদি অসমৰ চাহ শ্ৰমিকসকলক যে তেওঁলোকে গুৰুত্ব নিদিয়ে সেই বাৰ্তাটো পঠালে বুলি তীক্ষ্ণ সমালোচনা কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

লগতে পঢ়ক :ডিব্ৰুগড়ৰ এলেন কেৰিয়াৰ ইন্সটিটিউটৰ অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - Dibrugarh allen career institute

উল্লেখ্য যে, আজি শিৱসাগৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ নতুন আদালত ভৱন উদ্বোধন কৰে ৷ শিৱসাগৰ নগৰৰ বিষ্ণু নগৰত নতুনকৈ নিৰ্মাণ কৰা ন্যায়িক ভৱন উদ্বোধনী অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় তথা আন বহু কেইগৰাকী ন্যায়াধীশ উপস্থিত থাকে ৷ অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই শিৱসাগৰ জিলা সদৰত এক নতুন আদালত ভৱনৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি এই ভৱনে শিৱসাগৰবাসীৰ অভাৱ পূৰ কৰাৰ লগতে ন্যায়িক ব্যৱস্থাৰ কাম-কাজ সুচল আৰু ক্ষীপ্ৰ কৰিব বুলি আশা প্ৰকাশ কৰে ৷ ভৱন উদ্বোধনৰ অন্তত সংবাদিকৰ সৈতে হোৱা মত বিনিময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন আয়োগৰ সময় অনুসৰি অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে ৷ লগতে সম্পূৰ্ণ নোহোৱা ৰাষ্ট্ৰীয় ঘাইপথ চলিত বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি কয় তেওঁ ৷ আজিৰ অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু, যোগেন মহনকে ধৰি চৰকাৰৰ কেবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে ৷

লগতে পঢ়ক :লোকসভা নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি মতেই প্ৰদান কৰা হ’ব সকলো আঁচনি: মুখ্যমন্ত্ৰীৰ আশ্বাস - ASSAM GOVT SCHEMES

ABOUT THE AUTHOR

...view details