তেজপুৰ: বহু জল্পনা-কল্পনাৰ অন্ত পেলাই কংগ্ৰেছ দলে অৱশেষত ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিলে সৌ সিদিনালৈকে বিজেপি দলত থকা জয়ন্ত বৰাক । দীৰ্ঘদিন ধৰি বিৰোধী ঐক্য মঞ্চই সঘনাই আলোচনা কৰি এখন আসন বিৰোধী ঐক্য মঞ্চক এৰি দিবলৈ দাবী জনাই আহিছিল যদিও সেয়া বাস্তৱায়িত নহ'ল ।
বিৰোধী ঐক্য মঞ্চই বিশেষকৈ ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ আসনখন বিৰোধী ঐক্য মঞ্চ তথা অসম সন্মিলিত মৰ্চাই দাবী কৰি আছিল যদিও শেষত কংগ্ৰেছ দলেই সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰদান কৰে ।
আনহাতে দীৰ্ঘদিন ধৰি বিজেপি দলত থাকি দলীয় কাম কৰি কৰি বিজেপিৰ পৰা টিকট বিচাৰি থকা জয়ন্ত বৰাক বিজেপি দলে টিকট প্ৰদান নকৰাত যোৱা ১৮ অক্টোবৰত গুৱাহাটীত জীতেন্দ্ৰ সিঙৰ ওচৰত আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা ওচৰত জয়ন্ত বৰাই কংগ্ৰেছ দলত ভৰি দিছিল যদিও বৃহস্পতিবাৰেহে আনুষ্ঠানিকতাৰে সদস্য পদ গ্ৰহণ কৰে শোণিতপুৰ জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত । আনহাতে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত বিহালী সমষ্টিৰ কংগ্ৰেছ দলৰ হৈ মনোনীত প্ৰাৰ্থী জয়ন্ত বৰাই আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ সদস্য পদ গ্ৰহণ কৰা পিছতে সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ন্ত বৰাক কাষত বহুৱাই এখন সংবাদমেল আয়োজন কৰে ।