অসম

assam

ETV Bharat / politics

বঙাইগাঁৱত দীপ্তিময়ী চৌধুৰীৰ জয় নিশ্চিত : মুখ্যমন্ত্ৰী - ASSAM BYE ELECTIONS 2024

বুধবাৰে বঙাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । গান্ধী ময়দানত নিৰ্বাচনী প্ৰচাৰ সভাত ৰকিবুল হুছেইনক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰীৰ ।

Bonagaion bye election
বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 5:45 PM IST

বঙাইগাঁও :আগন্তুক উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ বুধবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । মিত্ৰজোঁটৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা অগপ দলৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে । মঞ্চত নাচি-বাগি ৰাইজৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে ।

বঙাইগাঁৱৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ মন্তব্য, আগন্তুক উপ-নিৰ্বাচনত অগপৰ জয় এক প্ৰকাৰ নিশ্চিত । ৩৮ বছৰত ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁৱৰ নক্সা বদলি কৰি দিছে বুলিও দাবী কৰে মুখ্যমন্ত্ৰীয়ে । আনহাতে, বঙাইগাঁৱত উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ বাবে অগপ প্ৰাৰ্থীৰ সমৰ্থনত ভোট দিবলৈও তেওঁ আহ্বান জনায় ।

বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat Assam)

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ নেতা তথা তেওঁৰ একালৰ সতীৰ্থ ৰকিবুল হুছেইনকো তুলা-ধুনা দিয়ে । মুখ্যমন্ত্ৰীৰ মন্তব্য, কংগ্ৰেছ চৰকাৰ থকাৰ সময়ত ৰকিবুল হুছেইনে পইচা লৈ চাকৰি দিছিল ।

বঙাইগাঁৱৰ উপ-নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "বঙাইগাঁৱত অসম গণ পৰিষদৰ প্ৰাৰ্থী শ্ৰমতী দীপ্তিময়ী চৌধুৰীক ভাৰতীয় জনতা পাৰ্টী আৰু ইউ পি পি এলে পূৰ্ণ সমৰ্থন আগবঢ়াইছে । আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী হিচাপে শ্ৰীমতী দীপ্তিময়ী চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । মই বিশ্বাস কৰো যে বহু ভোটৰ ব্যৱধানত শ্ৰীমতী দীপ্তিময়ী চৌধুৰী জয়ী হ'ব । আৰু অসমৰ ৰাইজে আমাৰ চৰকাৰখনৰ প্ৰতি, গণ পৰিষদ, বিজেপি, ইউ পি পিএলৰ প্ৰতি আশীৰ্বাদ আগবঢ়াব ।"

পাঁচ সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য, "ধলাইত জিকিব । বঙাইগাঁৱত আহিছো বঙাইগাঁৱত জিকিব । এতিয়া চিদলীত গ'লে চিদলীৰ কথা ক'ব পাৰিম ।... বৰ্তমান মই দুটা ছিটতে কেম্পেইন কৰিলো, ধলাই আৰু বঙাইগাঁও । দুয়োটা ছিটতে ভাল ব্যৱধানত জিকিব ।"

ৰকিবুল হুছেইন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য, "বহু দিনৰ পৰা অসমৰ মানুহৰ এইটো সন্দেহ আছিল যে ৰকিবুল হুছেইন গৃহ ৰাজ্য মন্ত্ৰী থাকোতে যথেষ্ট সংখ্যক লোকক তেওঁ বেক দুৱাৰেদি নিযুক্তি দিছিল আৰু এই বিষয়ে সেই সময়ত বহু বিতৰ্কও হৈছিল । যোৱা দুদিন আগতে ৰকিবুল হুছেইনে নিজে স্বীকাৰ কৰিলে যে মই চাকৰি দিয়া ব্যক্তি । এতিয়া তেওঁ কেনেকৈ চাকৰি দিব । মন্ত্ৰীয়েতো চাকৰি দিব নোৱাৰে । গতিকে মই পুলিচক কৈছো এই বিষয়ে ইলেকচনৰ পিচত মাতি আনি সোধা-পোছা কৰক যে তেওঁ কাক চাকৰি দিছিলে কেনেকৈ চাকৰি দিছিলে । ৰাকেশ পালে চাকৰি দিয়াটো আমি জানিছিলো আৰু ৰাকেশ পালে চাকৰি দিয়াৰ পিচত বৰ্তমান জে'লতো গৈছে ।"

লগতে পঢ়ক :চামগুৰিত অব্যাহত নিৰ্বাচনী হিংসা; বিধায়কসহ কংগ্ৰেছ নেতাৰ বাহনত আক্ৰমণ
লগতে পঢ়ক :কংগ্ৰেছ গাখীৰ নিদিয়া মতা গৰু, ভোট দি লাভ নাই: ধলাইৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details