অসম

assam

ETV Bharat / politics

ৱাৰ্ডে ৱাৰ্ডে চাৰি মন্ত্রী : গুৱাহাটীত অভিলেখ গঢ়াৰ বাবে তৎপৰ বিজেপি - Lok Sabha Election 2024

গুৱাহাটী লোকসভা সমষ্টিত বৃহৎ ব্যৱধানত জয়লাভ কৰাৰ বাবে ব্যাপক ৰণকৌশল গেৰুৱা বাহিনীৰ । নামি পৰিছে খোদ মুখ্যমন্ত্ৰী । ১৬খনকৈ ৰাজহুৱা সভা কৰিব মুখ্যমন্ত্ৰীয়ে । ৬০টা ৱাৰ্ডত প্ৰচাৰ চলোৱাৰ বাবে দায়িত্ব ভগাই দিয়া হৈছে চাৰিগৰাকী মন্ত্ৰীক । সোমবাৰে গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰো ৰোড শ্ব’ ৷

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 10:40 PM IST

GUWAHATI LOK SABHA CONSTITUENCY
গুৱাহাটী লোকসভা সমষ্টি

গুৱাহাটী, ২৭ এপ্ৰিল :দুটা পৰ্যায়ৰ নিৰ্বাচনৰ পিচত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান বৰ্তমান তুংগত উঠিছে । সকলো ৰথী-মহাৰথী নামি পৰিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰত । ৭ মে’ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ শাসকীয় দল বিজেপি অধিক তৎপৰ হৈ পৰিছে । বিশেষকৈ গুৱাহাটী লোকসভা সমষ্টিত বৃহৎ ব্যৱধানত জয়লাভ কৰাৰ বাবে গেৰুৱা বাহিনীয়ে ব্যাপক ৰণকৌশল অৱলম্বন কৰিছে । লক্ষ্যণীয় বিষয় যে ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰোৱাৰ লক্ষ্যস্থিৰ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । আনকি মুখ্যমন্ত্ৰীয়ে ভোটদানৰ ওপৰত লাভ কৰিবলগীয়া ভোটৰ সংখ্যাও সদৰী কৰিছে । এক কথাত গুৱাহাটী সমষ্টিক লৈ বৃহৎ ব্যৱধানত জয়ী হোৱাটো শাসকীয় দলৰ বাবে সন্মানৰ কথা হৈ পৰিছে । গুৱাহাটীৰ বিজেপিৰ প্ৰার্থী বিজুলী কলিতা মেধিয়ে যাতে অভিলেখ সৃষ্টি কৰি জয়ী হ’ব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সুকীয়া ৰণ কৌশলো প্ৰস্তুত কৰি উলিয়াইছে ৰাজ্যিক বিজেপিয়ে । ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । নিৰ্বাচনলৈকে একমাত্ৰ গুৱাহাটী সমষ্টিতে মুখ্যমন্ত্ৰীয়ে ১৬ খনকৈ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব ।

উল্লেখ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী কুইন ওজাই কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাক ৩,৪৫,৬০৬ টা ভোটত পৰাজিত কৰিছিল । সেইবাৰ কুইন ওজাই ১০,০৮,৯৩৬ টা ভোট লাভ কৰাৰ বিপৰীতে ববিতা শৰ্মাই লাভ কৰিছিল ৬,৬৩,৩৩০ টা ভোট ।

উল্লেখ্য যে একেৰাহে তিনিবাৰকৈ বিজেপিৰ দখলত থকা গুৱাহাটী সমষ্টিটো চতুৰ্থবাৰৰ বাবেও নিজৰ দখলৰ ৰখাৰ চেষ্টা চলাইছে শাসকীয় দলটোৱে । কেৱল জয়ী হোৱাই নহয়, বৃহৎ ব্যৱধানত জয়ী হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

লক্ষ্যণীয় বিষয় যে ২০০৯ চনৰ পৰা গুৱাহাটী সমষ্টিটো বিজেপিৰ দখলত থকাৰ লগতে সমষ্টিটোৰ পৰা মহিলা প্ৰাৰ্থী জয়ী হৈ আহিছে । এইবাৰো বিজেপিয়ে মহিলা প্ৰার্থী দিছে । আনহাতে কংগ্ৰেছ দলেও মহিলা প্ৰার্থী দিছে । বিজেপিৰ বিজুলী কলিতা মেধিৰ বিৰুদ্ধে থিয় দিছে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী । ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটাত জোৰদাৰ প্ৰচাৰ চলাই আছে । অলিয়ে-গলিয়ে, বজাৰে-সমাৰে দেখা গৈছে মীৰা বৰঠাকুৰ গোস্বামীক ।

কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ বিৰামহীন ব্যাপক প্ৰচাৰে বিজেপিক কিছু পৰিমাণে হ'লেও চিন্তাত পেলাইছে । এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত যাতে দলীয় প্ৰাৰ্থীগৰাকীক অভিলেখসংখ্যক ভোটত জয়ী কৰাব পাৰে তাৰ বাবে উঠিপৰি লাগিছে । আনকি দলীয় প্ৰাৰ্থীগৰাকীৰ বাবে গুৱাহাটীৰ ৱাৰ্ডে ৱাৰ্ডে ব্যাপক প্ৰচাৰ অভিযান চলাবলৈ মুখ্যমন্ত্ৰীয়ে চাৰিগৰাকীকৈ মন্ত্ৰীক নিৰ্দিষ্টভাৱে দায়িত্ব দিছে । মন্ত্ৰী ক্ৰমে বিমল বড়া, ডাঃ ৰণোজ পেগু, অজন্তা নেওগ আৰু যোগেন মহনক মহানগৰীৰ ভোট সংগ্ৰহৰ বাবে প্ৰচাৰত নমাৰ দায়িত্ব দিয়া হৈছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ৱাৰ্ডে-ৱাৰ্ডে গৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মন্ত্ৰীকেইজনে ।

মন্ত্ৰী ডাঃ ৰণোজ পেগুক গুৱাহাটী পৌৰ নিগমৰ ১০, ২৩, ২৪, ২৫, ২৬, ২৭, ২৮, ২৯, ৩০, ৪০, ৪১, ৪৩, ৪৬ আৰু ৬০ নং ৱাৰ্ডকে ধৰি ১৪ টা ৱাৰ্ডৰ দায়িত্ব দিয়া হৈছে । সেইদৰে মন্ত্ৰী অজন্তা নেওগক ১, ২, ৩, ৪, ৯, ১৮, ১৯, ২০, ২২, ৩০, ৩৪, ৩৭, ৫৩, ৫৫ আৰু ৫৮ নং ৱাৰ্ডকে ধৰি ১৫ টা ৱাৰ্ডৰ দায়িত্ব দিয়া হৈছে ।

আনহাতে মন্ত্ৰী যোগেন মহনক ১১, ১২, ১৩, ১৪, ১৫, ১৬, ৩১, ৩২, ৪২, ৪৮, ৪৯, ৫০, ৫১, ৫৬ আৰু ৫৯ নং ৱাৰ্ডকে ধৰি ১৬টা ৱাৰ্ডৰ দায়িত্ব দিয়া হৈছে । মন্ত্ৰী বিমল বড়াক ৫, ৬, ৭, ৮, ১৭, ২১, ৩৩, ৩৫, ৩৬, ৩৮, ৪৪, ৪৫, ৫২, ৫৪ আৰু ৫৭ নং ৱাৰ্ডকে ধৰি ১৫টা ৱাৰ্ডৰ দায়িত্ব দিয়া হৈছে । ইতিমধ্যে দায়িত্ব লাভ কৰা ৱাৰ্ডত আজিৰে পৰা মন্ত্ৰীকেইগৰাকীয়ে প্ৰচাৰ অভিযানত নামি পৰিছে ।

উল্লেখ্য যে দহটা বিধানসভা সমষ্টিৰে গঠিত গুৱাহাটী লোকসভা সমষ্টিটোৰ ভিতৰত চাৰিটা সমষ্টি ক্ৰমে গোৱালপাৰা পূব, দুধনৈ, বকো আৰু ছয়গাঁও সমষ্টিত আছে কংগ্ৰেছৰ বিধায়ক । ইফালে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ বাবে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ।

শনিবাৰে পলাশবাৰীত প্ৰচাৰ চলোৱা মুখ্যমন্ত্ৰীয়ে ২৯ এপ্ৰিলত জালুকবাৰীত, ৩০ এপ্ৰিলত দুধনৈ, ছমৰীয়া, ডিমৰীয়া, পাথৰকোৱেৰীত, ১ মে'ত ৰাজগড় বিহুতলী, আর্য বিদ্যাপীঠ কলেজ ফিল্ড, ২ মে'ত জয়ানগৰ হাইস্কুল ফিল্ড, ৪ মে'ত জালুকবাৰী, ফাঁচীবজাৰ, চান্দমাৰিত আৰু ৫ মে'ত শুৱালকুছিত আয়োজিত নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব । দলীয় সূত্ৰই প্ৰকাশ কৰা মতে ৰাইজৰ চমক দিব পৰাকৈ ৰাজ্যিক বিজেপিয়ে গুৱাহাটীত এক বিশাল ৰোড শ্ব'ও কৰিব ।

আনহাতে ২৯ এপ্ৰিলত বিজুলী কলিতা মেধিৰ হৈ গুৱাহাটীত প্ৰচাৰ চলাবৰ বাবে আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ প্ৰায় দুই কিলোমিটাৰ ৰোড শ্ব'ত কৰিব । গুৱাহাটী সমষ্টিত যাতে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে অভিলেখ সৃষ্টি কৰি জয়ী হ'ব পাৰে তাৰ বাবে ব্যাপক অভিযান চলাইছে বিজেপিয়ে ।

লগতে পঢ়ক:বিজেপিত দহ বছৰ ঘাম দিলো, এতিয়া আমি নতুন-পুৰণাৰ কথা নামানো : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details