অসম

assam

ETV Bharat / politics

গুৱাহাটীত ৫ লাখতকৈ অধিক ভোটত জয় হ’ব বিজেপি: সিদ্ধাৰ্থ ভট্টাচাৰ্য - Lok Sabha Elections 2024

Siddhartha Bhattacharya: লোকসভা নিৰ্বাচন সন্দৰ্ভত পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই সোমবাৰে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ গুৱাহাটীত ৫ লাখতকৈ অধিক ভোটত বিজেপি জয়ী হোৱাৰ দাবী ভট্টাচাৰ্যৰ । যোৰহাট সমষ্টিও বিজেপিৰ দখললৈ অহাৰ কথা উল্লেখ বিজেপিৰ বিধায়কগৰাকীৰ ৷ একেদৰে লখিমপুৰত কংগ্ৰেছে প্ৰাৰ্থী দিব নোৱাৰাতো দলটোৰ দুৰ্বলতা বুলি মন্তব্য কৰে ভট্টাচাৰ্যই ৷

Siddhartha Bhattacharya
পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 9:09 PM IST

Updated : Mar 18, 2024, 10:12 PM IST

পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য

গুৱাহাটী, ১৮ মাৰ্চ:স্বাধীনতাৰ পিচত এইবাৰ বৃহৎ জয় হ’ব বিজেপিৰ ।গুৱাহাটীত ৫ লাখতকৈ অধিক ভোটত জয়ী হ’ব বিজেপি । পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই আজি ঘোষণা কৰে এই কথা । অৱশ্যে এইবাৰ গুৱাহাটী সমষ্টিত ৭ মে’ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ফলত এটা দীঘলীয়া সময় লাভ কৰাত বৰ্তমানৰ প্ৰাৰ্থীগৰাকীয়ে মাৰাথন দৌৰিব লাগিব বুলি মন্তব্য কৰে ।

ভট্টাচাৰ্যই যোৰহাটতো বিজেপিৰেই জয় হ’ব বুলি মন্তব্য কৰে । তপন গগৈ এজন দক্ষ ব্যক্তি বুলি উল্লেখ কৰি তেওঁ গৌৰৱ গগৈৰ দলত মানুহ নথকাৰ বাবে বক্তাৰ অভাৱত তেওঁ বিশেষ গুৰুত্ব লাভ কৰিছে বুলি কটাক্ষ কৰে ৷ তপন গগৈয়ে আছুৰ গুৰুত্বপূৰ্ণ পদত থাকি তেওঁৰ ভূমিকা নিষ্ঠাৰে পালন কৰিছিল বুলি উল্লেখ কৰি ভট্টাচাৰ্যই সাংগঠনিক ভেঁটিয়েহে প্ৰাৰ্থীৰ নিৰ্বাচনত জয়যুক্ত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি উল্লেখ কৰে ৷

ইফালে লখিমপুৰত কংগ্ৰেছে বৰ্তমানো প্ৰাৰ্থী দিব নোৱৰাতো তেওঁলোকৰ দুৰ্বলতা বুলি মন্তব্য কৰে বিজেপিৰ বিধায়কগৰাকীয়ে । উল্লেখ্য যে, সোমবাৰে মহানগৰীৰ শিলপুখুৰী নৱগ্ৰহ কালি মন্দিৰ বাকৰিত মধ্য-পূৱ গুৱাহাটী বিহু সন্মিলনীৰ লাইখুঁটা স্থাপন কৰে পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ অনুষ্ঠানত অংশ লৈ বিধায়ক ভট্টাচাৰ্যই লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নোত্তৰত এই মন্তব্য কৰে ৷

আনহাতে বৰপেটা সমষ্টিটো চিপিআইএমক এৰি দিয়াৰ বাবে হীৰেণ গোঁহাইৰ নেতৃত্বত ৰাজ্যৰ ৭৭ গৰাকী বিশিষ্ট নাগৰিকে কংগ্ৰেছৰ প্ৰতি আহ্বান জনোৱা বিষয়ক লৈ ভট্টাচাৰ্যক প্ৰশ্ন কৰাত তেওঁ ওলোটাই বুদ্ধিজীৱিৰ সংজ্ঞা কি বুলিহে প্ৰশ্ন কৰে ৷ হীৰেণ গোঁহাই বামপন্থীৰ চিন্তাধাৰাৰ হোৱাৰ বাবে সমষ্টিটো চিপিআই এমক এৰি দিয়াৰ বাবে আহ্বান জনোৱাৰ কথা ব্যক্ত কৰি তেওঁ তেওঁৰ স্থিতিহে স্পষ্ট কৰিছে বুলি ভট্টাচাৰ্যই উল্লেখ কৰে ৷

লগতে পঢ়ক:বিজেপিত যোগদান কৰিব নেকি গৌৰৱ গগৈৰ খুড়াক দীপ গগৈয়ে ?

Last Updated : Mar 18, 2024, 10:12 PM IST

ABOUT THE AUTHOR

...view details